২০০৮ চনত ইংলেণ্ডৰ হাতত পৰাস্ত হৈয়ে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল টিম চাউথীয়ে। আৰু ২০২৪ চনত সেই ইংলেণ্ডক পৰাস্ত কৰিয়েই চাউথীয়ে নিজৰ টেষ্ট কেৰিয়াৰৰ অন্ত পেলালে। কেৰিয়াৰৰ প্ৰথমখন টেষ্ট মেচত ১২১ ৰানত পৰাস্ত হোৱাৰ বিপৰীতে শেষৰখন মেচত ৪২৩ ৰানত জয়লাভ কৰে চাউথীৰ দল নিউজিলেণ্ডে। লগে লগে ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ অন্ত পেলালে।
ঘৰৰ মাটিত ইংলেণ্ডৰ ছিৰিজটো তেওঁৰ কেৰিয়াৰৰ অন্তিম টেষ্ট ছিৰিজ বুলি ইতিমধ্যে টিম চাউথীয়ে জনাইছিল। সতীৰ্থসকলৰ লক্ষ্য আছিল শৃংখলা জয় কৰি চাউথীক বিদায় দিয়া। কিন্তু নাই, ছিৰিজ জয়ী হোৱা নহ’ল। ২-১ ব্যৱধানত পৰাস্ত হ’বলগীয়া হৈছে। অৱশ্যে ছিৰিজৰ শেষৰখন মেচত জয়লাভ কৰি নিউজিলেণ্ডে চাউথীক বিদায় উপহাৰ দিলে।
শেষৰখন মেচত অৱশ্যে ভাল প্ৰদৰ্শন কৰিব পৰা নাই চাউথীয়ে। টেষ্টৰ অন্তিম দিনটোত তেওঁ ১টা উইকেট দখল কৰিছিল, তাৰ আগতে তেওঁ এটা উইকেট পাইছিল। অৰ্থাৎ শেষৰ টেষ্টখনত তেওঁ দুটা উইকেট দখল কৰিছে। প্ৰথম ইনিংছত এটাও উইকেট পোৱা নাছিল। এই মেচখনত চাউথীয়ে ক্ৰমে ২৩ আৰু ২ ৰান সংগ্ৰহ কৰিছিল।
শেষৰখন টেষ্টত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ৩৪৭ ৰান সংগ্ৰহ কৰে। আনহাতে, ইংলেণ্ডে মাত্ৰ ১৪৩ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। দ্বিতীয় ইনিংছত নিউজিলেণ্ডে ৪৫৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ সন্মুখত বিশাল টাৰ্গেট থকাৰ পিছতো মাত্ৰ ২৩৪ ৰানতে অল আউট হয় দলটো। ফলত নিউজিলেণ্ডে ৪২৩ ৰানত জয়লাভ কৰে।
টিম চাউথীৰ কেৰিয়াৰ
চাউথীয়ে কেৰিয়াৰৰ ১০৭খন টেষ্ট মেচত ২০৩টা ইনিংছ খেলিছে। তেওঁৰ মুঠ উইকেট ৩৯১টা। সৰ্বোত্তম স্পেল হৈছে ৬৪ ৰানত ৭ উইকেট। বেটিঙতো চাউথীৰ অভিলেখ ঈৰ্ষণীয়। তেওঁ ১৫৬ টা ইনিংছত ২২৪৫ ৰান সংগ্ৰহ কৰিছে। সৰ্বাধিক ৭৭ ৰান সংগ্ৰহ কৰিছে। টেষ্ট কেৰিয়াৰত চাউথীয়েও ৭ টা অৰ্ধশতকো কৰে।