• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবল যুঁজত বিপক্ষৰ ডিফেণ্ডাৰৰ সৈতে সংঘৰ্ষত ক্ষতবিক্ষত মুখ; কেনে আছে ড’নাৰুমা? চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2024 3:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছ চেণ্ট জাৰ্মেনে ফ্ৰান্সৰ লিগ ৱানত জয়ী হয়। মোনাকোৰ বিৰুদ্ধে তেওঁলোকে ৪-২ গ’লত জয়লাভ কৰে। এই মেচত তেওঁলোকে জয়লাভ কৰে যদিও, গ’লৰক্ষক জিয়ানলুইজি ড’নাৰুমাৰ আঘাতক লৈ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ড’নাৰুমাৰ আঘাতৰ পিছত ৰেফাৰীৰ পদক্ষেপকলৈও সৃষ্টি হৈছে বিতৰ্কৰ।

যোৱা ১৮ ডিচেম্বৰত পেৰিছত অনুষ্ঠিত লিগ ৱানৰ খেলত পি এছ জি বনাম মোনাকো মুখামুখি হৈছিল। এই খেলখনৰ ১৭ মিনিটত ফ্ৰান্সৰ গ’লৰক্ষক ড’নাৰুমা আঘাতপ্ৰাপ্ত হয়। মোনাকোৰ ডিফেণ্ডাৰ উইলফ্ৰেড চিংগৰে পি এছ জিৰ গ’লত এটা শ্বট লয়। ড’নাৰুমাই সেই শ্বটটো ব্লক কৰিলে।

Apply Now

চিংগৰে পি এছ জিৰ ডিফেন্সৰ ফালে ইমান বেগেৰে দৌৰিছিল যে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ফলত তেওঁৰ বুট পোনে পোনে ডোনাৰুমাৰ সোঁ গালত লাগে। বুটটো চকুৰ তলত লাগে। আৰু অলপ ওপৰত হ’লে হয়তো ড’নাৰুমাই চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালেহেঁতেন।

বুটৰ আঘাতৰ ফলস্বৰূপে ড’নাৰুমাৰ সোঁগালখনৰ এটা বৃহৎ অংশ কাটি গ’ল। খেলপথাৰত ১০ টা ষ্টেপলৰ সহায়ত ছালখন চিলাই কৰি ৰক্তক্ষৰণ বন্ধ কৰা হয়। এই ঘটনাৰ বাবে কেইবা মিনিট ধৰি খেল বন্ধ হৈ পৰে। তাৰ পাছত ড’নাৰুমা উঠি যায়

পূর্বেও খেলপথাৰত এনে ঘটনা দেখিবলৈ পোৱা গৈছে৷ কিন্তু এই ঘটনাৰ পিছত ৰেফাৰীৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। কাৰণ এই ঘটনাৰ পিছত ৰেফাৰীয়ে চিংগোৰক ৰঙা কাৰ্ড দেখুৱা নাছিল। ৰঙা কাৰ্ড নহ’লে অন্ততঃ হালধীয়া কাৰ্ড দেখুৱাব পৰা গ’লহেঁতেন। কিন্তু ৰেফাৰীয়ে তেনেকুৱা কৰা নাছিল। যাৰ পিছত ৰেফাৰীৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।

ফুটবলৰ নিয়ম অনুসৰি কোনো খেলুৱৈয়ে যদি নিজৰ বুট ষ্টড দেখুৱাই তেন্তে তেওঁক কাৰ্ড দেখুৱাব লাগে। কিন্তু ড’নাৰুমাৰ ক্ষেত্ৰত চিংগোৰ বুট ষ্টাড দেখুৱালেও কাৰ্ড দেখুওৱা হোৱা নাছিল।

💥⚽️ PATADÓN EN PARTIDO DE SOCCER

El arquero Gianluigi Donnarumma del París Saint Germain salió de cambio al minuto 20 del partido contra el Mónaco debido al brutal golpe que recibió de Wilfried Singo.

Traumatismo facial, esguince cervical y varias semanas de recuperación. pic.twitter.com/LKfcGxA2E6

— James🇲🇽 (@MexJames) December 19, 2024

চিংগ’ৰক কাৰ্ড নেদেখুৱাৰ বাবে পি এছ জিৰ অধিনায়ক মাৰ্কিনহছে ৰেফাৰীক সমালোচনা কৰে। তেওঁ ভিএআৰ ব্যৱহাৰৰ দাবী জনায় আৰু ৰেফাৰীয়ে আচলতে সেই সময়ত দেখিছিল নে নাই জানিব বিচাৰে।

ড’নাৰুমাৰ আঘাত সন্দৰ্ভত এক বিবৃতিত পি এছ জিয়ে কয় যে মুখত একাধিক আঘাতৰ বাবে তেওঁ অলপ অসুস্থ হৈ আছে। দলৰ সৈতেই পেৰিছলৈ যাব ড’নাৰুমা। তাতেই চিকিৎসা গ্ৰহণ কৰিব আৰু কিছুদিন ধৰি খেলৰ পৰা আঁতৰি থাকিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd