পেৰিছ চেণ্ট জাৰ্মেনে ফ্ৰান্সৰ লিগ ৱানত জয়ী হয়। মোনাকোৰ বিৰুদ্ধে তেওঁলোকে ৪-২ গ’লত জয়লাভ কৰে। এই মেচত তেওঁলোকে জয়লাভ কৰে যদিও, গ’লৰক্ষক জিয়ানলুইজি ড’নাৰুমাৰ আঘাতক লৈ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ড’নাৰুমাৰ আঘাতৰ পিছত ৰেফাৰীৰ পদক্ষেপকলৈও সৃষ্টি হৈছে বিতৰ্কৰ।
যোৱা ১৮ ডিচেম্বৰত পেৰিছত অনুষ্ঠিত লিগ ৱানৰ খেলত পি এছ জি বনাম মোনাকো মুখামুখি হৈছিল। এই খেলখনৰ ১৭ মিনিটত ফ্ৰান্সৰ গ’লৰক্ষক ড’নাৰুমা আঘাতপ্ৰাপ্ত হয়। মোনাকোৰ ডিফেণ্ডাৰ উইলফ্ৰেড চিংগৰে পি এছ জিৰ গ’লত এটা শ্বট লয়। ড’নাৰুমাই সেই শ্বটটো ব্লক কৰিলে।
চিংগৰে পি এছ জিৰ ডিফেন্সৰ ফালে ইমান বেগেৰে দৌৰিছিল যে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ফলত তেওঁৰ বুট পোনে পোনে ডোনাৰুমাৰ সোঁ গালত লাগে। বুটটো চকুৰ তলত লাগে। আৰু অলপ ওপৰত হ’লে হয়তো ড’নাৰুমাই চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালেহেঁতেন।
বুটৰ আঘাতৰ ফলস্বৰূপে ড’নাৰুমাৰ সোঁগালখনৰ এটা বৃহৎ অংশ কাটি গ’ল। খেলপথাৰত ১০ টা ষ্টেপলৰ সহায়ত ছালখন চিলাই কৰি ৰক্তক্ষৰণ বন্ধ কৰা হয়। এই ঘটনাৰ বাবে কেইবা মিনিট ধৰি খেল বন্ধ হৈ পৰে। তাৰ পাছত ড’নাৰুমা উঠি যায়
পূর্বেও খেলপথাৰত এনে ঘটনা দেখিবলৈ পোৱা গৈছে৷ কিন্তু এই ঘটনাৰ পিছত ৰেফাৰীৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। কাৰণ এই ঘটনাৰ পিছত ৰেফাৰীয়ে চিংগোৰক ৰঙা কাৰ্ড দেখুৱা নাছিল। ৰঙা কাৰ্ড নহ’লে অন্ততঃ হালধীয়া কাৰ্ড দেখুৱাব পৰা গ’লহেঁতেন। কিন্তু ৰেফাৰীয়ে তেনেকুৱা কৰা নাছিল। যাৰ পিছত ৰেফাৰীৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।
ফুটবলৰ নিয়ম অনুসৰি কোনো খেলুৱৈয়ে যদি নিজৰ বুট ষ্টড দেখুৱাই তেন্তে তেওঁক কাৰ্ড দেখুৱাব লাগে। কিন্তু ড’নাৰুমাৰ ক্ষেত্ৰত চিংগোৰ বুট ষ্টাড দেখুৱালেও কাৰ্ড দেখুওৱা হোৱা নাছিল।
চিংগ’ৰক কাৰ্ড নেদেখুৱাৰ বাবে পি এছ জিৰ অধিনায়ক মাৰ্কিনহছে ৰেফাৰীক সমালোচনা কৰে। তেওঁ ভিএআৰ ব্যৱহাৰৰ দাবী জনায় আৰু ৰেফাৰীয়ে আচলতে সেই সময়ত দেখিছিল নে নাই জানিব বিচাৰে।
ড’নাৰুমাৰ আঘাত সন্দৰ্ভত এক বিবৃতিত পি এছ জিয়ে কয় যে মুখত একাধিক আঘাতৰ বাবে তেওঁ অলপ অসুস্থ হৈ আছে। দলৰ সৈতেই পেৰিছলৈ যাব ড’নাৰুমা। তাতেই চিকিৎসা গ্ৰহণ কৰিব আৰু কিছুদিন ধৰি খেলৰ পৰা আঁতৰি থাকিব লাগিব।