• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ শাসনত প্ৰতি ২৪ ঘণ্টাত দেশৰ ৩৫জন কৃষকে আত্মহত্যা কৰে : শক্তি সিং গোহিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2018 7:06 pm
২৬ মে'ত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰা অৱস্থাত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শক্তি সিং গোহিল। কাষত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

২৬ মে'ত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰা অৱস্থাত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শক্তি সিং গোহিল। কাষত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কৃষকসকল দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। কিন্তু নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছৰ পৰা কৃষকসকলৰ অৱস্থা অতি শোচনীয় হৈছে। ফলত কৃষকসকলে আত্মহত্যাৰ পথ বাছি লৈছে। এতিয়া ভাৰতত ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৩৫ জনকৈ কৃষকে আত্মহত্যা কৰে।”

শনিবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য দায়িত্বত থকা শক্তি সিং গোহিলে এই মন্তব্য কৰে।

Apply Now

উল্লেখযোগ্য যে মোদী চৰকাৰে চৰকাৰ গঠন কৰাৰ পৰা বিগত চাৰিবছৰ সমগ্ৰ ভাৰতৰ জনতাক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি ভাৰতীয় জাতীয় কংগ্ৰেছে আজি সমগ্ৰ দেশতে বিশ্বাঘাতকতা দিৱস উদযাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজীৱ ভৱনতো আজি কংগ্ৰেছ দলে বিশ্বাসঘাতকতা দিৱস পালন কৰে।

আনহাতে, দলটোৰ মুখপাত্ৰ গোহিলে আজিৰ সংবাদমেলত মোদী চৰকাৰে চাৰি বছৰত কৃষি খণ্ডক চৰম বিপৰ্য্যয়লৈ ঠেলি দিছে বুলি উল্লেখ কৰি কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কৃষিখণ্ডৰ বিকাশ ৪.২ শতাংশ থকাৰ বিপৰীতে ২০১৪-২০১৮ চনলৈকে মোদী চৰকাৰৰ দিনত এই হাৰ ক্ৰমান্বয়ে কমি ১.৯ শতাংশহে হৈছেগৈ।

তদুপৰি তেওঁ কয়, “মোদী চৰকাৰৰ ফচল বীমা যোজনাৰ পৰা জীৱন বীমা কোম্পানীসমূহৰ লাভ হৈছে, কৃষকসকলৰ হোৱা নাই।”

তেওঁ অভিযোগ কৰে যে ২০১৬-১৭ বৰ্ষৰ শস্যবৰ্ষৰ ২০,৪৭৮ কোটি টকাৰ ৫,৬৫০ কোটি টকা ভাৰতৰ কৃষকসকলে লাভ কৰাৰ বিপৰীতে বাকীখিনি কোম্পানীসমূহেই আত্মসাৎ কৰিছে।

“মোদী চৰকাৰৰ দিনত কৃষিৰ পৰা উৎপাদিত সামগ্ৰীৰ আমদানি-ৰপ্তানি দ্ৰুতগতিত হ্ৰাস হৈছে।” এইদৰে কয় মুখপাত্ৰগৰাকীয়ে।

তেওঁ তথ্য দাঙি ধৰি কয়, “২০১৩-১৪ বৰ্ষত অৰ্থাৎ কংগ্ৰেছৰ দিনত ৰপ্তানিৰ হাৰ আছিল ৪৩.২৩ শতাংশ আৰু আমদানিৰ হাৰ আছিল ১৫.০৩ শতাংশ।

কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত ২০১৪-১৫ বৰ্ষত ৰপ্তানিৰ হাৰ হ্ৰাস পাই ৩৯.০৬ শতাংশ হোৱাৰ বিপৰীতে আমদানিৰ হাৰ বৃদ্ধি পাই ২০.৬২ শতাংশ হ’লগৈ। ২০১৫-১৬ বৰ্ষত ৰপ্তানি ৩২.৭৯ শতাংশ হোৱাৰ বিপৰীতে আমদানিৰ হাৰ বৃদ্ধি পাই ২২.০৬ শতাংশ হয়। আনহাতে ২০১৬-১৭ বৰ্ষত ৰপ্তানি ৩৩.৮৭ শতাংশ হোৱাৰ বিপৰীতে আমদানি হৈছিল ২৫.০৯ শতাংশ হয়।

ই কৃষকৰ দুগুণ বিপৰ্য্যয় মাতি আনে, কাৰণ কৃষক উৎপাদিত সামগ্ৰীৰ ৰপ্তানি ৯.৪ বিলিয়ন মাৰ্কিন ডলাৰ হ্ৰাস পোৱাৰ বিপৰীতে আমদানি ১০.০৬ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পায়।

এই ক্ষেত্ৰত কংগ্ৰেছ দলটোৰ মুখপাত্ৰজনে ফচলৰ মাফিয়াৰ সৈতে চৰকাৰৰ বুজাবুজি থকা বুলি সন্দেহ ব্যক্ত কৰে।

ইয়াৰোপৰি সংবাদমেলখনত মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বছৰেকত দেশৰ ২ কোটি যুৱকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি কয় যে ২০১৬-১৭ বৰ্ষত মোদী চৰকাৰে চাৰি বছৰত মাত্ৰ ৪.১৬ লাখ নিবনুৱাকহে সংস্থাপন দিব পাৰিছে।

হাস্যকৰভাৱে উক্ত সংবাদেমেলত উপস্থিত থকা সাংবাদিকসকলৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা সোমালনে বুলি প্ৰশ্ন কৰি তেওঁ কয় “মোদীয়ে নিৰ্বাচনৰ পূৰ্বে ১০০ দিনৰ ভিতৰত ৮০ লাখ কোটি ক’লা ধন বিদেশৰ পৰা ঘূৰাই আনি প্ৰত্যেক ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল। নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি এটাও পালন কৰা নাই আৰু তেওঁ নিৰ্বাচনৰ আগৰ পৰা বৰ্তমানলৈকে মিছাৰ আশ্ৰয় লৈয়ে চলি আছে।”

“পকৰী বনাই জীৱন নিৰ্বাহ কৰাটোও এক প্ৰকাৰৰ সংস্থাপন বুলি কৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। মই অমিত শ্বাহক এই সংবাদ মেলৰ পৰাই সুধিব বিচাৰিছো, অসমৰ যুৱ-প্ৰজন্মৰ লগতে সমগ্ৰ দেশৰ যুৱ-প্ৰজন্মক অমিত শ্বাহৰ পুত্ৰই কেনেকৈ ৫০ হাজাৰ টকাৰ পৰা ৮০ কোটি টকালৈ নিজৰ উপাৰ্জন বঢ়ালে, সেই প্ৰক্ৰিয়াটো শিকাই দিয়ক। ললিত মোদী, নীৰৱ মোদীয়ে কোটি-কোটি টকা আত্মসাৎ কৰি দেশৰ পৰা বাহিৰলৈ পলায়ন কৰিলে।” সংবাদমেলত শক্তি সিং গোহলিয়ে কয়।

আজিৰ সংবাদমেলখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী পথ্বী মাঝিকে ধৰি আন আন বিষয়ববীয়াসকলো উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd