উত্তৰ প্ৰদেশৰ এগৰাকী চৰকাৰী বিষয়াৰ গাড়ীয়ে এখন বাইকাৰক খুন্দা মাৰি ৩০ কিঃমিঃ টানি নিয়ে। আৰু সেইবাবেই বাইকাৰজনৰ মৃত্যু হ’ল। লক্ষ্ণৌৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া বাহৰেইচৰ সমীপত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ তথ্য অনুসৰি মৃত লোকজনৰ নাম নৰেন্দ্ৰ কুমাৰ হালদাৰ। তেওঁ প্ৰয়াগপুৰৰ বাসিন্দা। বৃহস্পতিবাৰে নিশা কাম শেষ কৰি নৰেন্দ্ৰ নানপাৰা-বাহৰাইচ পথত ঘৰলৈ উভতি আহিছিল। সেই সময়ত ৰাজহ বিভাগৰ এজন বিষয়াৰ গাড়ীয়ে নৰেন্দ্ৰৰ বাইকত খুন্দা মাৰে। সেই আঘাতৰ বাবে গাড়ীৰ সন্মুখত আবদ্ধ হৈ পৰে বাইকখন। নৰেন্দ্ৰো তাৰ লগত আছে। সেই পৰিস্থিতিত চালকজনে গাড়ীখন ৰখাই নিদিয়াকৈয়ে গতি বৃদ্ধি কৰিলে। চালকজনে নৰেন্দ্ৰ আৰু তেওঁৰ বাইকখন ৩০ কিলোমিটাৰ টানি লৈ যায়।
প্ৰথম অৱস্থাত আৰক্ষীয়ে জানিব পাৰিলে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰাজহ বিভাগৰ মুৰব্বী শৈলেশকুমাৰ গাড়ীত আছিল। জিলা দণ্ডাধীশ মণিকা ৰাণীয়ে কয় যে বিষয়াগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চালক মেৰাজ আহমেদক।
নৰেন্দ্ৰৰ মৃত্যুৰ খবৰ পাই গোটেই পৰিয়ালটো শোকাকূল হৈ পৰিছে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁ। কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথত বৃহস্পতিবাৰে নিশা দুৰ্ঘটনাৰ সন্মুখীন হয়। নৰেন্দ্ৰৰ তিনিটা সন্তান আছে। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱা পথটোৰ কেইবাটাও চিচিটিভি ফুটেজ তদন্ত কৰি থকা হৈছে।