• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমান সত্য, কিমান বাস্তৱ? দেশত চৰম পৰ্যায়ত নিবনুৱা সমস্যা; অভিলেখ চাকৰি দিয়াৰ অদ্ভুত দাবী মোদীৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 24, 2024 2:05 pm
কিমান সত্য, কিমান বাস্তৱ? দেশত চৰম পৰ্যায়ত নিবনুৱা সমস্যা; অভিলেখ চাকৰি দিয়াৰ অদ্ভুত দাবী মোদীৰ!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাৰ চৰকাৰে ডেৰ বছৰত প্ৰায় ১০ লাখ চৰকাৰী চাকৰি দিছে। আজিলৈকে আমাৰ দৰে ইমান চাকৰি কোনো চৰকাৰে দিয়া নাই।” ৭১ হাজাৰ নতুন নিয়োগ পত্ৰ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে তেওঁৰ চৰকাৰে গ্ৰাম্য নিয়োগক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আৰু ভাৰতৰ গ্ৰাম্য অঞ্চলত সৃষ্টি হোৱা সেই কৰ্মসংস্থাপনো বহুমুখী।

কিন্তু বাস্তৱে সেই কথা নকয়। ২০১৪ চনত ক্ষমতালৈ অহাৰ পূৰ্বে মোদী আৰু বিজেপিয়ে বছৰি ২ কোটি চাকৰি দিয়াৰ কথা ঘোষণা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সেই প্ৰতিশ্ৰুতি ১০ বছৰতো পূৰণ নহ’ল। ইয়াৰ বিপৰীতে প্ৰথম মোদীৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে খোদ নীতি আয়োগৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ভাৰতত বিগত ৪৫ বছৰৰ ভিতৰত নিবনুৱাৰ হাৰ সৰ্বাধিক।

২০২২ চনত চৰকাৰে প্ৰকাশ কৰা আন এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০১৪ চনৰ পৰা এই সাত বছৰত ২২ কোটি চাকৰি প্ৰত্যাশীয়ে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিছিল। ইয়াৰ ভিতৰত মাত্ৰ ৭ লাখ ২২ হাজাৰ লোকেহে নিযুক্তি পত্ৰ লাভ কৰিছে। অৰ্থাৎ বছৰি ২ কোটি চাকৰি দিয়াৰ কথা কোৱা চৰকাৰখনৰ  কাৰ্যকালত চাকৰি দিয়া প্ৰৱণতাৰ দ্ৰুত হ্ৰাস পোৱা দেখা গৈছে।

লগতে পঢ়কঃ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা! পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে ঘূৰি আহিল পাছ-ফেইল চিষ্টেম

পৰিসংখ্যা অনুসৰি ২০১৫ চনত ১ লাখ ৩০ হাজাৰ লোকে চৰকাৰী চাকৰি লাভ কৰিছিল। মাত্ৰ দুবছৰত অৰ্থাৎ ২০১৭ চনত সেই সংখ্যা হ্ৰাস পাই মাত্ৰ ৩৮ হাজাৰ হ’ল। পাঁচ বছৰৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই।  ২০২২ চনলৈকে চাকৰি দিয়া হৈছে সেই ৩৮ হাজাৰজনকে।

চৰকাৰে বাৰে বাৰে জনাইছে যে কেন্দ্ৰীয় চৰকাৰত মুঠ খালী পদৰ সংখ্যা ৯ লাখ ৭৯ হাজাৰ। বছৰ বছৰ ধৰি বহু কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে। কিন্তু তাৰ তুলনাত কোনো নিযুক্তি দিয়া নহ’ল। সেয়ে, এই পাহাৰ সমান খালী পদ। ২০২২ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে, ‘মই ডেৰ বছৰত ১০ লাখ চাকৰি দিম!’, অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ আছিল ইয়াৰ সময়সীমা।

ইয়াৰ পিছতে লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি এক নতুন প্ৰচাৰ আৰম্ভ হয়। প্ৰক্ৰিয়া অনুসৰি যিবোৰ চাকৰি হয় সেই চৰকাৰী চাকৰিবোৰকেই ৰোজগাৰ মেলা নাম দি প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰে। এইদৰে ২০২২ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হয় ৰোজগাৰ মেলা। আকৌ বিজেপি শাসিত ৰাজ্যসমূহকো ৰাজ্য চৰকাৰৰ চাকৰি এই ৰোজগাৰ মেলাৰ অধীনলৈ আনিবলৈও কোৱা হয়। ২০২৪ চনৰ ফেব্ৰুৱাৰীলৈকে চলে এই আয়োজন।

লগতে পঢ়কঃ বিতৰ্কৰ মুখত পৰি বাদ পৰিল চন্দ্ৰচুড়! ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত ভি ৰামসুব্ৰমনিয়ণ

সোমবাৰৰ দিনটোতো ৰোজগাৰ মেলাত ভাৰ্চুৱেলি উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদী। তাত তেওঁ কয়, এইবাৰ কেন্দ্ৰীয় চৰকাৰে গাঁওসমূহতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। কিন্তু কেনেকৈ? মোদীয়ে দাবী কৰিছে যে সমগ্ৰ দেশতে গোবৰ্ধন যোজনা আঁচনিত শতাধিক গোবৰ গেছ প্লাণ্ট নিৰ্মাণ কৰা হৈছে।  এই প্ৰকল্পটোৱে কেৱল বিদ্যুৎ উৎপাদন কৰাই নহয়, কৰ্মসংস্থাপনৰো সৃষ্টি কৰিছে। ইয়াৰ উপৰি কৃষি বজাৰক ‘ই-নেম’ নামৰ ডিজিটেল প্ৰকল্পৰ সৈতে সংযোগ কৰাত বহু চাকৰিৰ সৃষ্টি হৈছে।

আৰ্থিক উন্নতিৰ উদাহৰণ দিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহিলাসকলৰ নামত ৩০ কোটি জনধন বেংক একাউণ্ট খোলা হৈছে। তেওঁলোকে একাউণ্টত পোনপটীয়াকৈ চৰকাৰী ৰাজসাহায্য লাভ কৰিছে।‘  প্ৰধানমন্ত্ৰীৰ মতে এই প্ৰতিটো পদক্ষেপেই কৰ্মসংস্থাপনৰ অংশ!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

August 19, 2025 9:38 am
ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

August 19, 2025 9:31 am
যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

কুকুৰৰ দৌৰাত্ম্য! বিহাৰ ষ্টেচনত এটা কুকুৰৰ বাবে এঘণ্টা পলম এক্সপ্ৰেছ ৰে’ল

August 19, 2025 9:38 am
ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

ৰবটৰ গৰ্ভত জন্ম হ’ব মানৱ শিশু, চলিছে তীব্ৰ প্ৰস্তুতি; দূৰ হ’বনে বন্ধ্যাত্ব?

August 19, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd