• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বাণী আঁচনিৰ অধীনত তিনিদিনীয়া কৰ্মশালাৰ সমাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 8:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ অণুবিদ্যুত  আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগে সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বাণী আঁচনি ৰ অধীনত “নিম্ন-শক্তিৰ ভি এল এছ আই ডিজাইন: ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতিৰ চালিকা শক্তি” শীৰ্ষক তিনি দিনীয়া এখন কৰ্মশালা ১৮ ডিচেম্বৰ ২০২৪ তাৰিখে সফলতাৰে সমাপ্ত কৰে । ২০২৪ চনৰ ১৬ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত এই কৰ্মশালাৰ উদ্দেশ্য আছিল অংশগ্ৰহণকাৰীসকলক নিম্ন-শক্তিৰ ভি.এল.এছ.আই. ডিজাইনৰ উদীয়মান ক্ষেত্ৰ খনৰ অত্যাধুনিক জ্ঞান প্ৰদান কৰা। এই কৰ্মশালাখনত অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা ইচ্ছুক অংশগ্ৰহণকাৰী সকলে অংশ লয়। শৈক্ষিক আৰু উদ্যোগিক ক্ষেত্ৰখনৰ প্ৰখ্যাত বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰদান কৰা কৰ্মশালাখনৰ বিভিন্ন অধিৱেশনবোৰত ভি.এল.এছ.আই. প্ৰযুক্তিৰ নিম্ন-শক্তিৰ ডিজাইন কৌশল, অৰ্ধপৰিবাহী সঁজুলি, আৰু এনালগ চাৰ্কিট ডিজাইনৰ বিভিন্ন দিশ সামৰি বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।

কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত  বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু কৰ্মশালাখনৰ সমন্বয়ক ড০ অনিন্দিতা বৰাই সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বাণী আঁচনি উদ্দেশ্যৰ সৈতে কৰ্মশালাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে। বিকশিত ভাৰত ২০৪৭ৰ ভাৰতৰ যি লক্ষ্য তাক প্ৰাপ্ত কৰাৰ উদ্দেশ্যে এই বাণী আঁচনিৰ জৰিয়তে স্থানীয় ভাষাসমূহত জ্ঞান প্ৰচাৰ কৰি, কাৰিকৰী শিক্ষাক অধিক  সুলভ কৰি তোলা প্ৰচেষ্টা হাতত লোৱা হৈছে। “নিম্ন-শক্তিৰ ভি.এল.এছ.আই. ডিজাইন: ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতিৰ চালিকা শক্তি” শীৰ্ষক এই ৩ দিনীয়া কৰ্মশালাখন অসমীয়া ভাষাত অনুষ্ঠিত কৰা হৈছিল।

Apply Now

কেডেন্সৰ পৰীক্ষাৰ বাবে ডিজাইনৰ (DFT) গৱেষণা আৰু বিকাশ (R&D)শাখাত কৰ্মৰত শ্ৰী জ্যোতিৰ্ময় শইকীয়াই প্ৰথম দিনৰ অধিৱেশনত ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতি ৰক্ষা কৰাৰ ক্ষেত্ৰত ভি.এল.এছ.আইৰ গুৰুত্বৰ ওপৰত এক বিস্তৃত বক্তৃতা আগৱঢ়ায়। উদ্বোধনী অধিৱেশনৰ পিছৰ অধিৱেশনত , বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড০ বাচব দাস, এন.আই.টি. শিলচৰ ড০ ৰাজেশ সাহা , তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ ৰূপম গোস্বামী ,  আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড.  কন্দৰ্প কুমাৰ শৰ্মাকে ধৰি বিশিষ্ট বক্তাসকলৰ নেতৃত্বত বিভিন্ন কাৰিকৰী আলোচনাত অংশগ্ৰহণকাৰীসকলে অংশ লয়। চি ২ এছ প্ৰকল্পৰ সহযোগী-2  ড. সৌৰভ নাথৰ আন এক অধিৱেশনত এনালগ চাৰ্কিট ডিজাইনৰ ব্যৱহাৰিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হয়।

কৰ্মশালাখনত কেৱল মূল্যবান কাৰিকৰী জ্ঞান প্ৰদান কৰাই নহয়, অংশগ্ৰহণকাৰীসকলক ভি.এল.এছ.আই. ডিজাইন সন্দৰ্ভত শেহতীয়া ট্ৰেণ্ড আৰু প্ৰত্যাহ্বানবোৰ আলোচনা কৰি আমন্ত্ৰিত বিশেষজ্ঞ সকলৰ লগত আলোচনাত ভাগ লোৱাৰো সুযোগ প্ৰদান কৰে। কৰ্মশালাখনত তাত্ত্বিক সমল শক্তিশালী কৰাৰ বাবে ভি.এল.এছ.আই. ডিজাইনৰ ক্ষেত্ৰখনৰ সন্দৰ্ভত  গৱেষণাগাৰত হাতে কামে  শিকাৰ  সুযোগ প্ৰদান কৰা হৈছিল।

সামৰণি অনুষ্ঠানত সমন্বয়ক ড০ অনিন্দিতা বৰাই বিশেষজ্ঞসকলৰ অৱদান আৰু অংশগ্ৰহণকাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ কথা উল্লেখ কৰি আন্তৰিক শলাগ লয় ।  বিত্তীয় সহায়ৰ বাবে সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ পৰা পোৱা বিত্তীয় সহ যোগিতাৰ বাবে  আয়োজক সমিতিয়ে  আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত সমূহ অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অণুবিদ্যুত  আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগে এই ক্ষেত্ৰখনৰ উদ্ভাৱন আৰু জ্ঞানবিনিময় বৃদ্ধিৰ বাবে ভৱিষ্যতেও এনে ধৰণৰ পদক্ষেপ লবলৈ আৰু  সহযোগিতা আগবঢ়াবলৈ সৰ্বদা প্ৰস্তুত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd