• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মনমোহন যুগ’ৰ অৱসান! অধ্যাপনাৰ পৰা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ- এক বৰ্ণিল যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2024 8:21 am
135
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰবীণ কংগ্ৰেছ নেতা ডাঃ মনমোহন সিঙৰ বৃহস্পতিবাৰে ৯২ বছৰ বয়সত মৃত্যু হয়।সিংহৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত কালি সন্ধিয়া এইমছ দিল্লীলৈ লৈ যোৱা হয়, আৰু তাতেই তেওঁৰ মৃত্যু হয়।

ৰাজ্যসভালে ১৯৯১ চনত নিৰ্বাচিত হোৱাৰ পূৰ্বে  সিং পি ভি নৰসিংহ ৰাও নেতৃত্বৰ চৰকাৰত বিত্ত মন্ত্ৰী আছিল।  দেশৰ বিত্ত মন্ত্ৰী হিচাপে ১৯৯০ দশকৰ আৰম্ভণিতে তেওঁ নতুন অর্থনেতিক নীতি প্রস্তুত কৰাত অপৰিসীম অৱদান আগবঢ়াইছিল।

একাধাৰে ৰাজনীতিক, প্ৰসিদ্ধ অর্থনীতিবিদ, শিক্ষাবতী আৰু কুঢনীতিক হিচাপে পৰিচিত মনমোহন সিঙৰ ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ গেহত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গুৰুমুখ সিং আৰু মাতৃৰ নাম আছিল অমৃত কৌৰ। সৰুতেই তেওঁৰ মাতৃ বিয়োগ হেছিল আৰু আইতাকৰ তত্ব্বাৱধানত তেওঁ ডাঙৰ-দীঘল হৈছিল।

তেওঁৰ বিদ্যালয়ৰ শিক্ষা আৰম্ভ হেছিল উৰ্দু মাধ্যমত। সেয়ে আনকি বহু বছৰৰ পিচত প্রধানমন্ত্ৰী হৈয়ো তেওঁ হিন্দী ভাষণসমূহ উৰ্দু লিপিত লিখিছিল। অৱশ্যে বহু সময়ত তেওঁ মাতৃভাষা পাঞ্জাবীৰ  লিপিতো ভাষণসমূহ লিখিছিল। দেশ বিভাজনৰ পিচত তেওঁলোকৰ পৰিয়াল ভাৰতৰ হল্ডৱানিলে উঠি আহে আৰু ১৯৪৮ চনত অমৃতসৰলৈ আহে। তাতে তেওঁ হিন্দু কলেজত অধ্যয়ন কৰে। পৰৱৰ্তী কালত তেওঁ পঞ্জাব বিশ্ববিদ্যালয় আৰু হোছিয়াৰপুৰত অৰ্থশাস্ত্ৰ অধ্যয়ন কৰে। তাৰে পৰা তেওঁ ১৯৫২ চনত স্নাতক আৰু ১৯৫৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

পিচত তেওঁ অর্থনীতিৰ উচ্চ পৰ্যায়ৰ অধ্যয়নৰ বাবে ইংলেণ্ডৰ কেম্ৰিজ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। পাছত তেওঁ ভাৰতলৈ ঘূৰি আহি পঞ্জাব বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৬০ চনত তেওঁ ডক্টৰেঢ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰাই তেওঁ অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে। _ ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি তেওঁ পুনৰ ভাৰতলৈ ঘূৰি আহে। পঞ্জাব বিশ্ববিদ্যালয়ত ড” সিঙে ১৯৫৭ৰ পৰা ১৯৫৯ চনলৈকে অর্থনীতিৰ জ্যেষ্ঠ অধ্যাপক, ১৯৫৯-৬৩ লৈ ৰীড়াৰ আৰু ১৯৬৩-৬৫ লৈ অৰ্থনীতিৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিচত তেওঁ ১৯৬৬ৰ পৰা ১৯৬৯ লৈ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সন্মিলনত কাৰ্যনিৰ্বাহ কৰে। পিচত ডণ সিং দেশৰ বৈদেশিক বাণিজ্য মন্ত্যালয়ৰ উপদেষ্টা হিচাপে নিযুক্ত হয়। মনমোহন সিং ১৯৬৯ৰ পৰা ১৯৭১ লৈকে দিল্লী স্কুল অব্‌ ইক’নমিকছৰ আন্তৰ্জাতিক বাণিজ্য বিভাগৰ অধ্যাপক আছিল।

তেওঁ ১৯৭২ চনত বিত্ত মন্ত্যালয়ৰ মুখ্য অৰ্থনেতিক উপদেষ্টা নিযুক্ত হয় আৰু ১৯৭৬ত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব লাভ কৰে। সিঙে ১৯৮০-৮২ৰ সময়ছোৱাত পৰিকল্পনা আয়োগত কাম কৰে। তাৰ পিচত ১৯৮২ চনত তেতিয়াৰ বিত্ত মন্ত্ৰী প্ৰণৱ মুখাজীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ নিযুক্ত হয়। এই পদত তেওঁ ১৯৮৫ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। ৰিজাৰ্ভ বেংকৰ পিচত ১৯৮৫ৰ পৰা ১৯৮৭ চনলৈকে তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে। স্বতন্ত্ৰ অৰ্থনেতিক নীতি প্ৰস্তুতকাৰী দক্ষিণ কমিছনৰ সচিবপ্ৰধান নিযুক্ত হয়। এই পদত তেওঁ ১৯৮৭ চনৰ পৰা ১৯৯০ চনৰ নৱেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতলৈ ঘূৰি আহি তেওঁ তদানীন্তন প্রধানমন্ত্ৰী চন্দ্ৰশেখৰৰ অর্থনৈতিক পৰিক্ৰমাৰ উপদেষ্টা পদত অধিষ্ঠিত হয়। ১৯৯১ চনৰ মাৰ্চত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। ২০০৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পিচত কংগ্ৰেছ লোকসভাৰ একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয়।

সকলোকে আচৰিত কৰি ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বিশিষ্ট অৰ্থনীতিবিদ মনমোহন সিঙক দেশৰ পৰৱৰ্তী প্রধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। সেই অনুসৰি  সিঙক ২০০৪ চনৰ ২২ মে’ত তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মনমোহন সিং চৰকাৰে ২০০৫ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, এন এইচ আৰ এম আৰম্ভ কৰে। প্রধানমন্ত্ৰী সিঙে ২০০৯ চনৰ ২ জুলাইত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰে । লগতে অন্ত্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট, ওড়িশা, পঞ্জাব, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্রদেশত ৮ খন আই আই টি স্থাপন কৰে।

সিং চৰকাৰে সৰ্বশিক্ষা অভিযান কাৰ্যসূচীও অব্যাহত ৰাখে। এই কাৰ্যসূচীৰ অধীনত স্কুলসমূহত মধ্যাহ্ন  সিং চৰকাৰে সৰ্বশিক্ষা অভিযান কাৰ্যসূচীও অব্যাহত ৰাখে। এই কাৰ্যসূচীৰ অধীনত স্কুলসমূহত মধ্যাহ্ন ভোজন আৰম্ভ কৰা হয় আৰু সমগ্ৰ দেশতে বিশেষকৈ গ্ৰাম্য অঞ্চলত নিৰক্ষৰতা দূৰীকৰণৰ বাবে বিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰে।মনমোহন সিঙৰ দিনতে ২০০৮ চনত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিচতে সন্ত্ৰাসবিৰোধী আইনসমূহ শক্তিশালী কৰা হয় আৰু সংশোধনীৰ জৰিয়তে অবেধ কাৰ্যকলাপ প্রতিৰোধ আইন প্রণয়ন কৰা হয়। লগতে গঠন কৰা হয় ৰাষ্ট্ৰীয় তদন্ত সংস্থা (নিয়া)। দেশত ২০০৯ চনত হোৱা পঞ্চদশ লোকসভা নিৰ্বাচনৰ পিচতো কংগ্ৰেছৰ নেতৃত্বত ইউ পি এয়ে চৰকাৰ গঠন কৰে আৰু মনমোহন সিং দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। দ্বিতীয়টো কাৰ্যকালত ডণ সিং ২০১৪ চনৰ ১৭ মে’লেকে প্রধানমন্ত্ৰীৰ পদত আছিল।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd