• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোপাল গেছ দুৰ্ঘটনাৰ ছাঁ! গুজৰাটৰ ৰাসায়নিক কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত গেছ, কমেও ৪ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2024 6:27 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূপালৰ ভয়ংকৰ গেছ দুৰ্ঘটনাৰ আতংক পুনৰ ঘূৰি আহিল গুজৰাটত। ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত কমেও ৪ জন শ্ৰমিকৰ মৃত্যু ঘটিছে। কেনেদৰে গেছ লিক হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে তিনি বছৰ পূৰ্বে গুজৰাটৰ চুৰাটত গেছ নিৰ্গত হোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছিল। প্ৰশ্ন উত্থাপন হৈছে যে কাৰখানাৰ পৰা কিয় এনেদৰে বিষাক্ত গেছ নিৰ্গত হৈছে।

Apply Now

গুজৰাটৰ বাহৰুচ জিলাৰ দাহেজত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি গুজৰাট ফ্ল’ৰ’কেমিকেলছ লিমিটেড নামৰ এটা ৰাসায়নিক কাৰখানাত ঘটিছে এই ঘটনা। শনিবাৰে নিশা ১০ মান বজাত হঠাতে কাৰখানাটোৰ এটা মহলাৰ পাইপৰ পৰা গেছ নিৰ্গত হ’বলৈ ধৰে। সেই সময়ত কাৰখানাটোত ৪ জন শ্ৰমিক উপস্থিত আছিল। বিষাক্ত গেছত উশাহ লোৱাৰ পিছত সকলোৱে অসুস্থ হৈ পৰে।

শনিবাৰে নিশা কাৰখানাৰ ভিতৰতে অচেতন হৈ পৰে চাৰিওজন। খবৰ পোৱাৰ পিছতে মাজনিশা কাৰখানাটোত উদ্ধাৰ অভিযান আৰম্ভ হয়। তেওঁলোকক স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দেওবাৰে পুৱা তাতেই তিনিজন লোকৰ মৃত্যু হয়। চতুৰ্থ শ্ৰমিকজনে পুৱা ছয় বজাত শেষ নিশ্বাস ত্যাগ কৰে।

দাহেজ থানাৰ পৰিদৰ্শক বি এম পাটিদাৰে জনোৱা মতে, বৰ্তমান চাৰিজন লোকৰ মৰণোত্তৰ পৰীক্ষা চলি আছে। গেছ কেনেকৈ লিক হ’ল সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।

উল্লেখ্য যে যোৱা মাহত অন্ধ্ৰ প্ৰদেশৰ এটা ঔষধ নিৰ্মাণ কাৰখানাতো গেছ নিৰ্গত হৈছিল। বিষাক্ত বতাহ উশাহ লোৱাৰ পিছতে কাৰখানাটোৰ কমেও ২০ জন শ্ৰমিক অসুস্থ হৈ পৰে। পিছত এজনৰ মৃত্যু হয়। এইবাৰ এনে ঘটনা ঘটিল গুজৰাটত। কিয় বাৰে বাৰে কাৰখানাৰ পৰা বিষাক্ত গেছ লিক হৈ আছে? কাৰখানাসমূহত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে? ২০২২ চনত চুৰাটত গেছ নিৰ্গত হোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছিল। ফলত এই প্ৰশ্ন উত্থাপন হয় যে দেশজুৰি বিয়পি থকা ৰাসায়নিক কাৰখানাবোৰ দৰাচলতে নিৰাপদ নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd