• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাটনাত পৰীক্ষাৰ্থীক আৰক্ষীৰ লাঠিচালনা, চলালে পানীৰ কামান; প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে ৰুজু গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 11:10 am
118
VIEWS
Share on FacebookShare on Twitter

বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে দেওবাৰে নিশা  ৰণক্ষেত্ৰলৈ পৰিণত হয় পাটনা। এই ঘটনাৰ লগত জড়িত হৈ পৰিছে প্ৰশান্ত কিশোৰৰ নাম। দেওবাৰে তেওঁৰ লগতে তেওঁৰ দল জন সুৰজ পাৰ্টিৰ একাংশ নেতাৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰা হয়।

প্ৰশান্ত কিশোৰ আৰু তেওঁৰ দলটোৱে অনুমতি অবিহনে একত্ৰিত হৈ ইচ্ছাকৃতভাৱে ৰাজ্যৰ আইন-শৃংখলা ধ্বংস কৰাৰ চেষ্টা কৰিছে। এই অভিযোগতে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ৭০০ প্ৰতিবাদকাৰীৰ লগতে একাংশ কোচিং চেণ্টাৰকো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে।

লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰি চলিত বৰ্ষৰ ১৩ ডিচেম্বৰৰ পৰা বিহাৰত বিপিএছচি পৰীক্ষাৰ্থীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। কিন্তু অভিযোগ কৰা হৈছে যে নীতিশ কুমাৰ চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল।

ইয়াৰ পিছত দেওবাৰে জন সুৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে হাজাৰৰো অধিক বিক্ষুব্ধ প্ৰাৰ্থীৰ সৈতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ পদযাত্ৰাৰ আহ্বান জনায়। গান্ধী ময়দানৰ পৰা ওলায় প্ৰতিবাদকাৰীসকল। বিহাৰ আৰক্ষীও তেওঁলোকক বাধা দিবলৈ পথত বেৰিকেড স্থাপন কৰি সাজু আছিল।

যেতিয়া তেওঁলোকে জে পি গলম্বত প্ৰতিবাদ কৰিছিল, হঠাতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠি-চাৰ্জ কৰে। ছত্ৰভংগ দিবলৈও পানীৰ কামানো নিক্ষেপ কৰা হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি কোনো অনুমতি অবিহনে জন সুৰজ পাৰ্টিয়ে অঞ্চলটোত সমবেত হৈছিল। যি গান্ধী ময়দানলৈকে বিস্তৃত হৈছিল। পিছত ৰণক্ষেত্ৰৰ ৰূপ লয়। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ লাউডস্পীকাৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে। দণ্ডাধীশ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগত তেওঁলোক সংঘাতত জড়িত হৈ পৰে।

এগৰাকী বিষয়াই কয় যে, বাৰে বাৰে আবেদন জনোৱাৰ পিছতো প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশ অৱজ্ঞা কৰি নিয়ম উলংঘা কৰে। অৱশ্যে এই পৰ্যন্ত প্ৰশান্ত কিশোৰ বা তেওঁৰ দলৰ পৰা কোনো সঁহাৰি পোৱা হোৱা নাই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd