• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আয়ুস কমিছে ধূমপায়ীসকলৰ? এটা সম্পূৰ্ণ চিগাৰেটে কাঢ়ি নিছে জীৱনৰ ২০ মিনিট সময়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 12:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিটো চিগাৰেটেই গড় আয়ুস ২০ মিনিট হ্ৰাস কৰে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত এই হিচাপ বেলেগ বেলেগ। “ইউনিভাৰ্চিটি কলেজ অফ লণ্ডন”ৰ অধ্যয়নত কোৱা হৈছে যে ধূমপানতেই বিপদ। এটা সম্পূৰ্ণ চিগাৰেট খালে এগৰাকী মহিলাৰ জীৱনৰ পৰা ২২ মিনিট আৰু পুৰুষৰ জীৱনত ১৭ মিনিট সময় শেষ হৈ যাব। অৰ্থাৎ কোনোবাই যদি দিনটোত কমেও ১০টা চিগাৰেট টানে, তেন্তে সৰ্বনাশ!

নৱম শতিকাত মেক্সিকো আৰু মধ্য আমেৰিকাত ধূমপান বৃদ্ধি পাবলৈ ধৰে। ই ক্ৰমান্বয়ে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজেৰে ইউৰোপলৈ বিয়পি পৰে। সেই সময়ত ধূমপানৰ বাবে গছৰ পাত ব্যৱহাৰ কৰা হৈছিল। স্পেইনৰ বাসিন্দাসকলে মাকৈৰ বাকলি ব্যৱহাৰ কৰিছিল। সোতৰ শতিকাত কাগজৰ প্ৰথম ব্যৱহাৰ হৈছিল। আৰু এতিয়া সমগ্ৰ বিশ্বতে চিগাৰেটৰ উত্থান ঘটিছে। আইন-কানুন প্ৰৱৰ্তন কৰিও ধূমপানৰ আকৰ্ষণ হ্ৰাস কৰিব পৰা হোৱা নাই। শাস্তিৰ জৰিয়তেও চিগাৰেটৰ আসক্তি একেবাৰে কমাব পৰা নাছিল।

Apply Now

ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন (ইউচিএল)ৰ গৱেষক চাৰা জেকচনে কয় যে ২০০৬ চনত কৰা এক অধ্যয়নত দেখা গৈছে বিশ্বৰ ২১ শতাংশ লোক ধূমপায়ী। এতিয়া এই সংখ্যা বাঢ়িছে, কমা নাই। ভাৰতত ৪২ শতাংশ পুৰুষ আৰু ১৪ শতাংশ মহিলাই ধূমপান কৰে। ইয়াতো আচৰিত তথ্য আছে। সমীক্ষা অনুসৰি ১৩-১৫ বছৰ বয়সৰ কমেও ৯ শতাংশ ল’ৰা আৰু ৭ শতাংশ ছোৱালীয়ে নিয়মিতভাৱে ধূমপান কৰে।

ধঁপাত সেৱনৰ ফলত শৰীৰৰ ক্ষতিৰ বিষয়ে সেয়া বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। চিগাৰেটত ৭ হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে। ধঁপাতৰ বাহিৰেও আৰ্ছেনিক, ফৰ্মেলডিহাইড, সীহ, চাইনাইড, ইথাইলিন অক্সাইড, এচিটালডিহাইড, বুটাডাইন, এক্ৰ’লিন আদি আছে। চিগাৰেট খালে যেনেকৈ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, তেনেকৈয়ে ই চি অ’ পি ডিৰ সৃষ্টিও কৰে। আকৌ চিগাৰেটৰ পৰা মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আৰু এতিয়া আয়ুস হেৰুৱাৰ কথাও ক্ষতিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ প্ৰথম ধূমপান বিৰোধী আইন ১৯৭৫ চনত আহিছিল। মানুহক অধিক সচেতন কৰিবলৈ ২০০৯ চনত এখন আইন প্ৰৱৰ্তন কৰা হৈছিল য’ত চিগাৰেটৰ পেকেটৰ ৪০ শতাংশত ছবি থাকিব লাগিব। ২০০৪ চনত এখন শিক্ষানুষ্ঠানৰ পৰা ১০০ গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু তাৰ পিছতো ধূমপান ৰোধ কৰিব পৰা নগ’ল।

চিগাৰেট এটা খালে আৰু আয়ুস কমি গ’ল, কথাটো কিন্তু তেনেকুৱা নহয়। আচল কাৰণটো হ’ল চিগাৰেট খালে বিভিন্ন ৰোগ হ’ব পাৰে। উদাহৰণস্বৰূপে ধূমপান হৃদৰোগৰ এটা প্ৰধান কাৰণ। ধূমপানে উচ্চ ৰক্তচাপ, পেৰিফেৰেল ভেছকুলাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গৰ্ভাৱস্থাত ধূমপান কৰিলে ভ্ৰুণৰ ক্ষতি হয়। ধূমপানৰ ফলত যৌন অক্ষমতাও হ’ব পাৰে।

নিকোটিন শৰীৰত প্ৰৱেশ কৰিলে ধমনীসমূহৰ এণ্ডোথেলিয়াম আৱৰণৰ ক্ষতিসাধন কৰে। এণ্ডোথেলিয়াম হৈছে ধমনীবোৰৰ ভিতৰৰ পাতল আৱৰণ, যিয়ে তেজৰ সোঁতত সহায় কৰে। এই স্তৰটো নষ্ট হ’লে ধমনীবোৰৰ ভিতৰত তেজ জমা হ’বলৈ আৰম্ভ কৰে। যদি স্তৰটো বেছি কঠিন হয় তেন্তে হাৰ্ট ব্লকৰ সম্ভাৱনাও বৃদ্ধি পায়। এই সকলোবোৰৰ ফলত শৰীৰটো সংকটত পৰে আৰু তাৰ পিছত হাৰ্ট এটেক, ষ্ট্ৰোকৰ পৰা কেন্সাৰ – সকলো জটিল আৰু মাৰাত্মক ৰোগে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এক কথাত ক’বলৈ গ’লে সঁচাকৈয়ে আয়ুস কমিবলৈ আৰম্ভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd