• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বানীৰ সাম্ৰাজ্যত আদানীৰ হাতোৰা! কি বিনিয়োগক লৈ সংঘাতত দুই ‘কৰ্পোৰেট ৰাজ’?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে ব্যৱসায়িক জগতখনত বৃহৎ পৰিৱৰ্তন ঘটিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীৰ মাজত এক নতুন প্ৰত্যাহ্বান আৰম্ভ হ’বলৈ আগবাঢ়িছে। গৌতম আদানীয়ে এতিয়া আনুষ্ঠানিকভাৱে পেট্ৰ’কেমিকেল উদ্যোগত নিজৰ প্ৰভাৱ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মুকেশ আম্বানীৰ ৰিলায়েন্সে দীৰ্ঘদিন ধৰি পেট্ৰ’কেমিকেল খণ্ডত একচেটিয়া অধিকাৰ বজাই ৰাখিছে যদিও এতিয়া স্পষ্ট হৈ পৰিছে যে আদানী গোষ্ঠীও এই খণ্ডত প্ৰতিদ্বন্দ্বিতাত নামিব।

মূলতঃ শক্তি, খনিজ আৰু অন্যান্য উদ্যোগিক খণ্ডত নিজৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা গৌতম আদানীয়ে এতিয়া পেট্ৰ’কেমিকেলৰ জগতখনত প্ৰৱেশ কৰিবলৈ আগ্ৰহী। থাইলেণ্ডৰ কোম্পানী ইণ্ডোৰামা ৰিচ’ৰ্ছেছ লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰি তেওঁ এই উদ্যোগত নিজৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে। ইন্দোৰামা বিশ্বৰ অন্যতম আগশাৰীৰ পেট্ৰ’কেমিকেল কোম্পানী আৰু ই আদানী গ্ৰুপৰ বাবে এক শক্তিশালী অংশীদাৰ হিচাপে কাম কৰিব।

Apply Now

এই নতুন পদক্ষেপৰ জৰিয়তে আদানী গ্ৰুপ আৰু ইন্দোৰামাই যৌথভাৱে এটা নতুন কোম্পানী স্থাপন কৰিছে, যাৰ নাম ‘ভেলৰ পেট্ৰ’কেমিকেলছ লিমিটেড’ (ভিপিএল)। এই কোম্পানীত আদানী গ্ৰুপ আৰু ইন্দোৰামাৰ সমান ৫০ শতাংশ অংশীদাৰিত্ব থাকিব। এই পদক্ষেপৰ জৰিয়তে গৌতম আদানীয়ে পেট্ৰ’কেমিকেল খণ্ডত ব্যৱসায়িক সপোন বাস্তৱায়িত কৰিবলৈ ওলাইছে আৰু মুকেশ আম্বানীৰ ৰিলায়েন্সৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ ওলাইছে।

তদুপৰি, আদানি গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আদানী পেট্ৰ’কেমিকেলছ লিমিটেড (এপিএল) এই পদক্ষেপৰ অন্যতম অংশীদাৰ। আদানী পেট্ৰ’কেমিকেলছ আৰু ইন্দোৰামাৰ যৌথ উদ্যোগ “ভেলৰ পেট্ৰ’কেমিকেলছ” নামৰ নতুন কোম্পানীটোৱে পেট্ৰলিয়াম আৰু গেছ উদ্যোগত ঘৰুৱা আৰু বিশ্বজুৰি নিজৰ প্ৰভাৱ বৃদ্ধি কৰিব। ৪ জানুৱাৰীত আনুষ্ঠানিকভাৱে পঞ্জীয়ন হোৱা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে, যিটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ।

ভাৰতৰ বৃহত্তম ব্যৱসায়িক পৰিয়ালৰ প্ৰতিনিধি গৌতম আদানী আৰু মুকেশ আম্বানী। কিন্তু পেট্ৰ’কেমিকেল উদ্যোগত ৰিলায়েন্সৰ একচেটিয়া অধিকাৰ দীৰ্ঘদিন ধৰি অক্ষুণ্ণ হৈ আছিল। কিন্তু আদানী গ্ৰুপে গ্ৰহণ কৰা নতুন পদক্ষেপে এই উদ্যোগত নতুন প্ৰতিযোগিতাৰ সূচনা কৰিবলৈ সাজু হৈছে। আদানী গ্ৰুপৰ ক্ষমতা বৃদ্ধিয়ে ইতিমধ্যে শ্বেয়াৰ বজাৰত কেইবাটাও প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ ভলোৰ পেট্ৰ’কেমিকেলছৰ জৰিয়তে নতুন শক্তিশালী প্ৰতিযোগীৰ উত্থানে বজাৰত উজ্জ্বল সম্ভাৱনাৰ সৃষ্টি কৰিছে।

তদুপৰি এই নতুন পদক্ষেপৰ জৰিয়তে আদানী গোটে কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো নিজৰ স্থিতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। ফলত ভাৰতৰ পেট্ৰ’কেমিকেল খণ্ডত নতুন শক্তিশালী প্ৰতিযোগীৰ সৃষ্টি হৈছে, যিটো মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে।

ক’ব পাৰি যে ব্যৱসায়িক জগতখন কিমান প্ৰতিযোগিতামূলক হ’ব পাৰে সেয়া ভালকৈয়ে জনা গৌতম আদানীৰ এই নতুন পদক্ষেপে দীৰ্ঘকালীনভাৱে ডাঙৰ প্ৰভাৱ পেলাব। কিন্তু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ অভাৱ নাই। এতিয়া লক্ষ্যণীয় হ’ব আদানী গ্ৰুপ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ইটোৱে সিটোৰ লগত প্ৰতিযোগিতাত ক’ত থিয় দি ৰয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd