বহুতৰে মনত এটা ধাৰণা আছে বা আপুনিও শুনি আহিছে যে ষ্টীলৰ গিলাচত মদ খোৱাতো স্বাস্থ্যৰ বাবে নিৰাপদ নহয়। বহুতে ভাবে যে ষ্টীলৰ গিলাচত মদ থলে ই ৰসায়নিক বিক্ৰিয়াৰ সৃষ্টি কৰে যি আমাৰ বিপাকীয় কাৰ্য দুৰ্বল কৰিব পাৰে।
কিন্তু বিজ্ঞানে কি কয়? সঁচাই ষ্টীলৰ গিলাচত মদ খালে ই ৰসায়নিক বিক্ৰীয়াৰ সৃষ্টি কৰিব পাৰে নেকি? সাধাৰণতে ষ্টীলৰ গিলাচত মদ খোৱাটো নিৰাপদ। ষ্টীলৰ গিলাচত মদ খালে মদৰ ৰাসায়নিক গঠন বা সোৱাদত প্ৰভাৱ পৰে বুলি কোনো প্ৰমাণ পোৱা নাই। দৰাচলতে এলকহল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা বহুতো সঁজুলি যেনে ফাৰ্মেণ্টিং টেংক আৰু ফিল্টাৰ আদি ষ্টেইনলেছ ষ্টীলেৰেই নিৰ্মাণ কৰা হয়।
কিন্তু কেইটামান কাৰণত কিছুমান মানুহে ষ্টীলৰ গিলাচত মদ খাই ভাল নাপাবও পাৰে। সেই কাৰণ সমূহ হ’ল –
১. কিছুমান মানুহে ষ্টীলৰ গিলাচত মদ খোৱাটো বেয়া বুলি গণ্য কৰিব পাৰে।
২. ষ্টীলৰ গিলাচত মদ খাওঁতে মদৰ ৰং দেখাত অধিক গাঢ় হ’ব পাৰে।
৩. ষ্টীলৰ গিলাচত মদ খালে ধাতুৰ দৰে গোন্ধ থাকিব পাৰে যিয়ে মদৰ সোৱাদত বাধাৰ সৃষ্টি কৰিব পাৰে।