হাৰিয়ানা বিজেপিৰ সভাপতি মোহনলাল বাদোলী আৰু গায়ক ৰকি মিট্টালৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগত হিমাচল প্ৰদেশ আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। নতুন দিল্লীৰ এজন বাসিন্দাৰ এজাহাৰৰ ভিত্তিত এই অভিযোগ পঞ্জীয়ন কৰা হৈছে। সকলো অভিযোগ অস্বীকাৰ কৰিছে বিজেপি নেতাগৰাকীয়ে।
অভিযোগ অনুসৰি, ২০২৩ চনৰ ৩ জুলাইত হিমাচল প্ৰদেশৰ কাসৌলীৰ এখন হোটেলত এগৰাকী মহিলাক ধৰ্ষণ কৰা হৈছিল। এগৰাকী বন্ধুৰ জৰিয়তে অভিযুক্তসকলৰ সৈতে চিনাকি হোৱা বুলি দাবী কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। সেই সময়ত এজনে মোহনলাল বাদোলি আৰু আনজনে ৰকি মিট্টাল বুলি পৰিচয় দিছিল। মহিলাগৰাকী আৰু আন এজনক তেওঁলোকৰ হোটেলৰ কোঠালৈ কথা পাতিবলৈ মাতে।
অভিযোগকাৰীয়ে দাবী কৰিছে যে, “মোক চিনেমাৰ নায়িকা কৰাৰ প্ৰলোভন দিছিল। আনকি হাৰিয়ানা বিজেপিৰ সভাপতিগৰাকীয়ে চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিও দিছিল। তাৰ পিছত মোক মদ খোৱাৰ প্ৰস্তাৱ দিলে। কিন্তু মই খোৱা নাছিলোঁ। কিন্তু এইবাৰ তেওঁলোকে আমাক জোৰ কৰি মদ খাবলৈ বাধ্য কৰে। তাৰ পিছত আৰম্ভ হ’ল নিৰ্যাতন। আপত্তি কৰাৰ লগে লগে ভাবুকি দিবলৈ ধৰে। সেই দুজনে মিলি মোক ধৰ্ষণ কৰে। মোৰ নগ্ন ফটো তোলা হয়। এটা ভিডিঅ’ও লোৱা হয়। তাৰ পিছত ধমক দি কোৱা হৈছিল যে মুখ মেলিলে তেওঁলোক উধাও হৈ যাব।”
মোহনলাল বাদোলীয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কোৱা শুনা গৈছে যে “সকলো অভিযোগ ভিত্তিহীন।তেনেকুৱা একো ঘটা নাই। মই একো বুজিব পৰা নাই। এই সকলোবোৰ এফআইআৰ ভুৱা। সন্মুখত দিল্লীৰ নিৰ্বাচন। সেই কথা মনত ৰাখিয়েই এনে ভুৱা অভিযোগ উত্থাপন হৈছে।” শেহতীয়া খবৰ অনুসৰি কোনো অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।