কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰৰ ভাট্টা সংশোধনৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ অনুমোদন জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটৰ বৈঠকত অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে।
শীঘ্ৰে আয়োগৰ অধ্যক্ষ আৰু দুজন সদস্যক নিযুক্তি দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতি দশকত এবাৰকৈ এটা পে কমিচন গঠন কৰে। দৰমহাৰ গাঁথনি সংশোধন কৰাৰ উপৰিও প্ৰতিটো পে কমিছনৰ এটা টাৰ্ম অৱ ৰেফাৰেন্স (ToR) থাকে, যিয়ে ইয়াৰ কেন্দ্ৰবিন্দু ব্যাপকভাৱে সংজ্ঞায়িত কৰে। পে কমিচনেই পেঞ্চন পৰিশোধৰ সিদ্ধান্ত লয়।
২০১৬ চনত গঠন কৰা হৈছিল ৭ম দৰমহা আয়োগ, আৰু ইয়াৰ কাৰ্যকাল ২০২৬ চনত শেষ হ’ব।
পে কমিচনৰ অধীনত কাক সামৰি লোৱা হয়?
সপ্তম দৰমহা আয়োগৰ তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক সেৱাত থকা সকলো ব্যক্তি আৰু যিসকলক ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা দৰমহা দিয়া হয়, যিটো একাউণ্টত চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।
ৰাজহুৱা খণ্ডৰ উদ্যোগ (পিএছইউ) আৰু স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰী, আৰু গ্ৰামীণ ডাক সেৱক সপ্তম দৰমহা আয়োগৰ দায়িত্বত নাই। ইয়াৰ অৰ্থ হ’ব ক’ল ইণ্ডিয়াত কাম কৰা কোনোবা এজনক সামৰি লোৱা নহ’ব।
পি এছ ইউৰ কৰ্মচাৰীসকলে কাম কৰা উদ্যোগটোৰ ওপৰত নিৰ্ভৰ কৰি পৃথক পৃথক দৰমহাৰ স্কেল থাকে।
সপ্তম দৰমহা আয়োগত কি কি পৰিৱৰ্তন হৈছিল?
৭ম দৰমহা আয়োগৰ দৰমহা পুনৰীক্ষণৰ ক্ষেত্ৰত কৰ্মচাৰী সংঘই ৩.৬৮ ফিটমেণ্ট ফ্যাক্টৰ দাবী কৰিছিল যদিও চৰকাৰে ২.৫৭ ফিটমেণ্ট ফ্যাক্টৰৰ সিদ্ধান্ত লয়। ফিটমেণ্ট ফ্যাক্টৰ হৈছে দৰমহা আৰু পেঞ্চন গণনাৰ বাবে ব্যৱহাৰ কৰা বহুগুণক।
ইয়াৰ ফলত নূন্যতম মৌলিক দৰমহা প্ৰতিমাহে ১৮,০০০ টকা হ’ল, যিটো ৬ষ্ঠ দৰমহা আয়োগত ৭,০০০ টকা হ’ল।
নূন্যতম পেঞ্চনও ৩৫০০ টকাৰ পৰা ৯,০০০ টকালৈ বৃদ্ধি পাইছে।
সৰ্বোচ্চ দৰমহা ২,৫০,০০০ টকা আৰু সৰ্বোচ্চ পেঞ্চন ১,২৫,০০০ টকা হয়।