ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন ৰিংকু সিঙৰ বিয়া। কইনা উত্তৰ প্ৰদেশৰ মাচলিচহৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰিয়া সৰোজ। বৰ্তমান লোকসভাৰ দ্বিতীয় কনিষ্ঠ সাংসদ হৈছে ২৫ বছৰীয়া প্ৰিয়া সৰোজ।
প্ৰিয়া সৰোজ উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা তিনিবাৰৰ সাংসদ তথা বৰ্তমানৰ কেৰাকাটৰ বিধায়ক তুফানী সৰোজৰ কন্যা। অধিবক্তা প্ৰিয়া সৰোজে ন্যায়াধীশ হোৱাৰ সপোন ত্যাগ কৰি পিতৃৰ পদাংক অনুসৰণ কৰি অৱশেষত ৰাজনীতিত নামি পৰে।
বিগত লোকসভা নিৰ্বাচনত বিজেপি সাংসদ ভোলানাথক ৩৫,৮৫০ ভোটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰিয়া সৰোজে লোকসভাৰ দ্বিতীয় কনিষ্ঠ সদস্য হিচাপে পৰিগণিত হয়।
ভাৰতীয় টি-২০ দলত ফিনিছাৰ হিচাপে দুৰ্দান্ত ভূমিকা পালন কৰা ৰিংকু সিঙে ২০২৩ চনৰ আই পি এলত এটা অভাৰত ৫টা ছয়ৰে ৩১ ৰান সংগ্ৰহ কৰিছিল। গুজৰাট টাইটানছৰ বিৰুদ্ধে এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি থকা ৰিংকুৱে শেষৰ অভাৰত পাঁচটা ছয় কৰি দলটোক অবিশ্বাস্য জয় প্ৰদান কৰে।
এইবাৰৰ মেগা নিলামৰ পূৰ্বে দলটোৱে তেওঁক ১৩ কোটি টকাত ধৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৰিংকুৱে বিশেষ সুযোগ নাপালে। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। অৱশ্যে দুৰ্ভাগ্যজনকভাৱে ৰিংকুৱে যোৱা বছৰৰ টি-২০ বিশ্বকাপত স্থান লাভ নকৰিলে।
কিন্তু এইবাৰ বিয়া পাতিছে। কইনা উত্তৰ প্ৰদেশৰ মাচিলিশৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰিয়া সৰোজ। বৰ্তমান লোকসভাৰ দ্বিতীয় কনিষ্ঠ সাংসদ হৈছে ২৫ বছৰীয়া প্ৰিয়া সৰোজ। অৱশ্যে পৰিয়ালৰ তৰফৰ পৰা এই বিষয়ে এতিয়ালৈকে বিয়া চূড়ান্ত হোৱাৰ কথা স্পষ্ট কৰা নাই।