ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱাক লৈ শাসক-বিৰোধী সংঘাত ভাৰতৰ ৰাজনীতিত এক চিনাকি ছবি। সেইবুলি খোদ প্রাক্তন মুখ্যমন্ত্রীৰ নাম নোহোৱা হৈ যাব! জানিব পৰা মতে, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱটৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। ৰাৱাট এসময়ত অসমত কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপেও আছিল।
বৃহস্পতিবাৰে ডেৰাডুন পৌৰসভাৰ নিৰ্বাচনত ভোটদানৰ সময়ত তেওঁ গম পায় যে তেওঁৰ নাম ভোটাৰ তালিকাত নাই। এই কাৰণতে তেওঁ পৌৰসভাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিলে। এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি কৰিছে। শাসকীয় দল বিজেপিলৈ অভিযোগৰ আঙুলি উঠিছে।
দীৰ্ঘদিন ধৰি ডেৰাডুন চহৰৰ বাসিন্দা ৰাৱট। ইয়াৰ পূৰ্বে ২০২২ চনৰ উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত আৰু যোৱা বছৰৰ এপ্ৰিল-জুন মাহত ডেৰাডুনৰ নিৰঞ্জনপুৰ সমষ্টিত লোকসভা নিৰ্বাচনত ভোটদান কৰিছিল। কিন্তু আজি ভোট দিবলৈ যাওঁতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কোৱা হয়- ” ভোটাৰ তালিকাত তেওঁৰ নাম নাই।”
এই সন্দৰ্ভত ৰাৱাটে কয়, “মই ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছো… মোৰ নাম পোৱা নাই। কিন্তু মই লোকসভা নিৰ্বাচনত ভোট দিছিলো।” কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয় যে, “মই অধিক সাৱধান হ’ব লাগিছিল… মই জানো তালিকাত নাম সন্নিৱিষ্ট আৰু বাদ দিয়াত তেওঁলোক জড়িত হৈ আছে।”
ইতিমধ্যে ৰাৱটে বিষয়টো সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰিছে। ইয়াৰ উত্তৰত তেওঁক কোৱা হৈছে যে আয়োগৰ কম্পিউটাৰ চাৰ্ভাৰটো বেয়া আছিল। এই কাৰণে সদ্যহতে তেওঁ নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিব নোৱাৰিব। মন কৰিবলগীয়া যে সমগ্ৰ উত্তৰাখণ্ডৰ ১১খন পৌৰ নিগম, ৪৩খন পৌৰসভা, আৰু ৪৬খন নগৰ পঞ্চায়তত নিৰ্বাচন চলি আছে।