• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত এবছৰত ৮৪ শতাংশ বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘৰ্ষ! ৫৯টাৰ ভিতৰত ৪৯টাই বিজেপি শাসিত ৰাজ্যত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2025 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই হিন্দু-মুছলমান বিভাজন নকৰো। যিদিনা কৰিম, সেইদিনাই ৰাজনীতি ত্যাগ কৰিম।” যোৱা লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা মনোনয়ন দাখিল কৰা দিনটোত নৰেন্দ্ৰ মোদীয়ে এক সাক্ষাৎকাৰত এইদৰে কৈছিল।

অৱশ্যে ইয়াৰ এমাহৰ আগতে তেওঁ প্ৰকাশ্য ধৰ্মীয় মেৰুকৰণৰ কাৰ্ড খেলিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা কংগ্ৰেছৰ ইস্তাহাৰক ‘মুছলিম লীগৰ ইস্তাহাৰ’ বুলি কৈছে, কেতিয়াবা কৈছে, ‘শাসনলৈ আহিলে মা-ভগ্নীসকলৰ মংগলসূত্ৰ কাঢ়ি লৈ অনুপ্ৰৱেশকাৰীৰ হাতত তুলি দিব’। অনুসূচিত জাতি, অনুসূচিত জাতি, আৰু অ’বিচিৰ পৰা সংৰক্ষণ কাঢ়ি লৈ মুছলমানক দিব বা ৰাম মন্দিৰত ‘বাবৰি তলা’ লগোৱাৰো তেওঁ বাৰে বাৰে দাবী কৰিছে।

Apply Now

“অচ্ছে দিন” আৰু “সৱ কা সাথ সৱ কা বিকাশ”ৰ প্ৰতিশ্ৰুতি পাহৰি সাধাৰণ মানুহক ধৰ্মৰ টনিক গিলিবলৈ দিয়াৰ ফল হাতেলোটে পোৱা হৈছে। যোৱা এটা বছৰত দেশত সাম্প্ৰদায়িক সংঘাত ৮৪ শতাংশ বৃদ্ধি পাইছে। ২০২৪ চনত মুঠ ৫৯টা এনে ঘটনা সংঘটিত হৈছিল। আৰু ইয়াৰে ৪৯টা সংঘটিত হৈছে বিজেপি শাসিত ‘ডাবল ইঞ্জিন’ ৰাজ্যত। এই তথ্য শেহতীয়াকৈ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ছ’চাইটি এণ্ড চেকুলাৰীজমৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সংখ্যা আছিল ৩২টা। ২০২৪ চনত একেজাপে ৫৯ টা হৈছিল। অৰ্থাৎ এবছৰত সাম্প্ৰদায়িক সংঘাত ৮৪ শতাংশ বৃদ্ধি পাইছে। বেছিভাগ ক্ষেত্ৰতে সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে। মুঠ ১৩ জন লোকৰ মৃত্যু হয়। ইয়াৰে ১০ জন সংখ্যালঘু সম্প্ৰদায়ৰ আৰু ৩ জন হিন্দু।

বছৰজুৰি চলি থকা এনে ধৰ্মীয় হিংসাৰ কেন্দ্ৰবিন্দু হৈছে মহাৰাষ্ট্ৰ। তাত বিজেপি নেতৃত্বাধীন মহাযুতি মিত্ৰজোঁটৰ ক্ষমতা। যোৱা বছৰ সেই ৰাজ্যত মুঠ ১২টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছিল। তাৰ পিছত যৌথভাৱে আছে বিহাৰ আৰু উত্তৰ প্ৰদেশ। ‘দল সলনি’ কৰা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ এতিয়া মোডীৰ বাবে সোণৰ কণী পৰা হাঁহ৷ স্বাভাৱিকভাৱে তেওঁ প্ৰায়ে কয়, “সকলো ঠিকেই আছে।” কিন্তু তেওঁৰ সময়ত গৌতম বুদ্ধৰ বিহাৰৰ প্ৰকৃত ছবিখন একেবাৰে সঠিক নহয়।
যোৱা লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশে ৰামৰ নামত কেনেবাকৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিছিল। যোগী আৰু মোদীয়ে ৰাম মন্দিৰৰ বিষয়টো সন্মুখত ৰাখি সৰকি গৈছে। আৰু সেই ৰাম ৰাজ্যতেই সাম্প্ৰদায়িক সংঘাত সম্প্ৰতি তুংগত আছে। বেছি পিছ পৰি থকা নাই মোডীৰ হেঁপাহৰ গুজৰাটো। যিখন ৰাজ্যক মডেল বনাই প্ৰধানমন্ত্ৰীয়ে দেশখনক বিশ্বগুৰুলৈ ৰূপান্তৰিত কৰাৰ সপোন দেখে, তাতো চৰম অৰাজকতা। মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, ওড়িশা আৰু ৰাজস্থানৰ পৰিস্থিতিও প্ৰায় একেই।

লগতে এটা আচৰিত ধৰণৰ তথ্য পোহৰলৈ আহিছে। বছৰটোত সংঘটিত হোৱা ৫৯টা সংঘৰ্ষৰ ঘটনাৰ ভিতৰত ২৬টাই কোনো নহয় কোনো ধৰ্মীয় উৎসৱ বা ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি সংঘটিত হৈছে। ২০২৪ চনৰ জানুৱাৰী মাহত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি অযোধ্যাত চাৰিটা পৃথক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। একেদৰে ফেব্ৰুৱাৰী মাহত সৰস্বতী মূৰ্তি আঁতৰোৱাক কেন্দ্ৰ কৰি ৭টা, গণেশ পূজাৰ সময়ত চাৰিটা, বকৰি-ইদৰ সময়ত দুটা হিংসাত্মক ঘটনা পোহৰলৈ আহিছে। সম্প্ৰতি উপাসনাস্থলীকলৈও সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পি পৰিছে। মন্দিৰৰ অস্তিত্ব আৰু মছজিদৰ জৰীপক লৈ ক্ৰমবৰ্ধমান বিতৰ্কৰ বাবে প্ৰায় ছটাকৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে।

শেহতীয়াকৈ ইয়াকে লৈ ডেমেজ কন্ট্ৰোলত নামিছে খোদ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। তেওঁ কোৱা শুনা গৈছে যে এতিয়া দেশত আৰু ৰাম মন্দিৰৰ দৰে ইছ্যু নিবিচাৰে। কেৱল ঘৃণা আৰু শত্ৰুতাৰ ওপৰত ভিত্তি কৰি আন ঠাইত এনে বিষয় সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে কোনো ধৰণে সমৰ্থন কৰা নহব। আৰ এছ এছৰ মুৰব্বীগৰাকীৰ এই মন্তব্যৰ পিছতো মন্দিৰ-মছজিদৰ বিতৰ্ক বন্ধ হোৱা নাই।

অৱশ্যে মোডীৰ ছেকেণ্ড ইন কমাণ্ড কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলোতে ষড়যন্ত্ৰৰ গোন্ধ পায়। ২০২০ চনৰ দিল্লী হিংসাই কঁপাই তুলিছিল সমগ্ৰ দেশ। কিন্তু শ্বাহৰ ব্যাখ্যা আছিল যে এইবোৰ ‘পৰিকল্পিত ষড়যন্ত্ৰ’। কংগ্ৰেছৰ যুগৰ ইতিহাস খান্দি তেওঁ শাকেৰে মাছ ঢকাৰ চেষ্টাও কৰিছে। কিন্তু এইবাৰ তথ্যই উন্মোচন কৰিছে মোডী যুগৰ অন্তঃসাৰশূন্য ছবিখন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd