প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱসত দেশৰ সংবিধানৰ আদৰ্শ ৰক্ষাৰ বাৰ্তা প্ৰদান কৰিছে। দিল্লীৰ ডিউটি ৰুটত পেৰেডৰ প্ৰাকক্ষণত তেওঁ গণৰাজ্য দিৱসৰ দিনটোত এক্স-হেণ্ডেলত দেশবাসীক সম্ভাষণ জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিখিছে, “আমি আমাৰ গণৰাজ্যৰ ৭৫টা গৌৰৱময় বছৰ উদযাপন কৰিছো। আমাৰ দেশৰ সংবিধান সৃষ্টি কৰা সেইসকল পুৰুষ-মহিলাৰ আগত আমি মূৰ নত কৰিছো। তেওঁলোকে নিশ্চিত কৰিছে যাতে আমাৰ দেশ গণতন্ত্ৰ, মৰ্যাদা, ঐক্যৰ পথত আগবাঢ়ি যায়। গণৰাজ্য দিৱসৰ এই উদযাপনে সংবিধানৰ আদৰ্শ ৰক্ষাৰ পথ আৰু অধিক শক্তিশালী কৰিব আৰু সৰ্বোপৰি দেশৰ প্ৰগতিৰ বাট মুকলি কৰিব।”
উল্লেখ্য যে বিৰোধী শিবিৰে বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰে সংবিধানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। শেহতীয়াকৈ ‘সংবিধান বচাও অভিযান’ক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ টনাটনি চলিছে। সংসদৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, ৰাহুল গান্ধীয়ে নিজৰ স্থিতি প্ৰকাশৰ বাবে বিজেপিৰ বিৰুদ্ধে কৰা যুঁজত বাৰে বাৰে সংবিধানৰ উদ্ধৃতি দি আহিছে।
ৰাহুলে কোৱা শুনা গৈছিল- ‘সংবিধানত সাৱৰকাৰজীৰ কণ্ঠ আছে নেকি? মানুহৰ ওপৰত হিংসা প্ৰয়োগ কৰা, ভীতি প্ৰদৰ্শন, মানুহক হত্যা কৰা, মিছা প্ৰচাৰ কৰি চৰকাৰ চলোৱাৰ বিষয়ে সংবিধানত লিখা আছে? এইখন সত্য আৰু অহিংসাৰ কিতাপ। ভাৰতৰ সংবিধানত সামাজিক সবলীকৰণৰ কথা কোৱা হৈছে, যিটো কথা বাবাছাহেব আম্বেদকাৰ, জ্যোতিৰাও ফুলে, মহাত্মা গান্ধী, গৌতম বুদ্ধই কৈছিল।’
বিপৰীতে ৰাহুলো বিজেপিৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে। আৰু এইবাৰ প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ’ল সংবিধানৰ আদৰ্শ ৰক্ষাৰ কথা।