একেৰাহে অষ্টমবাৰৰ বাবে সংসদত বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৫ চনৰ বাজেটক লৈ সৰ্বসাধাৰণ ৰাইজৰ যথেষ্ট কৌতুহল। ৰাইজৰ বাবে কি ৰখা হ’ব আৰু এই বাজেট কিমান সফল হ’ব সেই সন্দৰ্ভত বহু আলোচনা চলিছে। কিন্তু এই বাজেট প্ৰস্তুতিৰ আঁৰত কোন আছে, চিনি লওক নিৰ্মলা সীতাৰমনৰ টীমটোক।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দলটোত আছে ৬ জন। তেওঁলোক হ’ল মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰন, এক্সপিডিয়েন্সি সচিব মনোজ গোভিল, অৰ্থনৈতিক পৰিক্ৰমাৰ সচিব অজয় শেঠ, বিত্ত আৰু ৰাজহ সচিব তুহিন কান্ত পাণ্ডে, ডিআইপিপিএমৰ সচিব অৰুনিশ চাওলা আৰু বিত্তীয় সেৱা সচিব এম নাগাৰাজু।
ভি অনন্ত নাগেশ্বৰন আই আই এম আহমেদাবাদৰ ছাত্ৰ আছিল। বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক জৰীপৰ কামৰ লগতে জড়িত আছিল। যদিও এইবাৰেই তেওঁ অৱসৰ ল’বলৈ ওলাইছে। মনোজ গোভিল আই আই টি কানপুৰৰ ছাত্ৰ। ১৯৯১ চনত মধ্য প্ৰদেশৰ বেটচৰ আই এ এছ বিষয়া আছিল। ২০২৪ চনত তেওঁ সচিব হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
২০২১ চনৰ পৰা অজয় শেথে অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ মুৰব্বী হিচাপে কাম কৰি আহিছে। চূড়ান্ত বাজেটৰ নথি প্ৰস্তুত কৰাৰ দায়িত্ব তেওঁৰ ওপৰতে আছিল। আনহাতে, তুষাৰ কান্ত পাণ্ডে ওড়িশা কেডাৰৰ আই এ এছ বিষয়া। এই মাহতে তেওঁ নিজৰ নতুন পদত অধিষ্ঠিত হয়। অৰুনিশ চাওলা বিহাৰ কেডাৰৰ আই এ এছ বিষয়া। তেওঁ নিৰ্মলা সীতাৰমণৰ দলৰ অন্যতম উপদেষ্টা। আৰ এম নাগাৰাজু ত্ৰিপুৰাৰ ১৯৯৩ চনৰ বেচৰ আই এ এছ বিষয়া।
শনিবাৰে বাজেট দাখিলৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে এই বাজেটত উৎপাদন বৃদ্ধি, সৰ্বাংগীন উন্নয়ন, আৰু ব্যক্তিগত বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়া হ’ব। আমাৰ লক্ষ্য এখন উন্নত ভাৰত। একে সময়তে তেওঁ কয় যে বাজেটত ছয়টা ক্ষেত্ৰৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেইবোৰ হ’ল কৰ সংস্কাৰ, বিদ্যুৎ, নগৰ উন্নয়ন, খনি, বেংকিং আৰু নিয়ামক সংস্কাৰ।