কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত কয় যে ২০২৫-২৬ বৰ্ষৰ বাজেটৰ লক্ষ্য হৈছে ছটা ক্ষেত্ৰত পৰিৱৰ্তনশীল সংস্কাৰ আৰম্ভ কৰা, যি অহা পাঁচ বছৰত আমাৰ বিকাশৰ সম্ভাৱনা আৰু গোলকীয় প্ৰেক্ষাপটত প্ৰতিযোগিতাৰ দক্ষতা বৃদ্ধি কৰিব।
এই ক্ষেত্ৰসমূহৰ ভিতৰত এটা হৈছে বিত্তীয় খণ্ড ,য’ত বীমা, পেঞ্চন, দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) আদি খণ্ড অন্তৰ্ভুক্ত হৈ আছে।
বীমা খণ্ডত এফডিআই
নিৰ্মলা সীতাৰমণে জনাইছে যে বীমা খণ্ডৰ বাবে এফডিআই-ৰ সীমা ৭৪ৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব। এই বৰ্ধিত সীমা সেই কোম্পানীসমূহৰ বাবে উপলব্ধ হ’ব যিয়ে সমগ্ৰ প্ৰিমিয়াম ভাৰতত বিনিয়োগ কৰে। বিদেশী বিনিয়োগৰ সৈতে সম্পৰ্কিত বৰ্তমানৰ সতৰ্কতা ব্যৱস্থা আৰু চৰ্তসমূহ পুনৰীক্ষণ আৰু সৰল কৰা হ’ব।
পেঞ্চন খণ্ড
পেঞ্চনৰ ক্ষেত্ৰত নিয়ামক সমন্বয় আৰু বিকাশৰ বাবে এখন মঞ্চ স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
কেৱাইচি সৰলীকৰণ
কেৱাইচি প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ ক্ষেত্ৰত পূৰ্বৰ ঘোষণা কাৰ্যকৰী কৰিবলৈ, পুনৰ প্ৰৱৰ্তন কৰা কেন্দ্ৰীয় কেৱাইচি ৰেজিষ্ট্ৰী ২০২৫ চনৰ পৰা আৰম্ভ কৰা হ’ব বুলি নিৰ্মলা সীতাৰমণে কয়। ইয়াক সময়ে সময়ে আপডেট কৰাৰ বাবে এটা সুশৃংখল প্ৰণালীও কাৰ্যকৰী কৰা হ’ব।
কোম্পানীসমূহৰ একত্ৰীকৰণ
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোম্পানীৰ একত্ৰীকৰণৰ দ্ৰুত অনুমোদনৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াবোৰ যুক্তিসঙ্গত কৰা হ’ব। একত্ৰীকৰণৰ দ্ৰুত-পথ তথা সুযোগসমূহৰ পৰিসৰো বিস্তৃত কৰা হ’ব আৰু প্ৰক্ৰিয়াটো সৰল কৰা হ’ব।
দ্বিপাক্ষিক বিনিয়োগ চুক্তি
নিৰন্তৰ বিদেশী বিনিয়োগক উৎসাহিত কৰিবলৈ আৰু ‘প্ৰথমে ভাৰতৰ বিকাশ’ৰ ভাৱনাৰে, বৰ্তমানৰ আদৰ্শ দ্বিপাক্ষিক বিনিয়োগ চুক্তিসমূহৰ পুনৰীক্ষণ কৰা হ’ব আৰু সেইবোৰক অধিক বিনিয়োগকাৰী-অনুকূল কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয়।