• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাইজৰ বাবে নহয়, বিজেপিৰ বাবেহে এই বাজেট, কেন্দ্ৰীয় চৰকাৰৰ বাজেটত মাত্ৰ দুবাৰহে অসমৰ নাম’- অভিযোগ ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 8:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতেই অসমৰ প্ৰতি সদিচ্ছাৰ অভাৱৰ কথা পোহৰলৈ আহিছে। কেৱল মাত্ৰ নিৰ্বাচনমুখী বাজেটৰ বাহিৰে যে এয়া আন একো নহয়, তাৰেই পূৰ্ণ প্ৰতিফলন ঘটিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা এইবাৰৰ বাজেটত। অসমৰ নামৰূপৰ সাৰ কাৰখানা তথা সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ অভিযানৰ ক্ষেত্ৰত মাত্ৰ দুটা ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে কেন্দ্ৰীয় চৰকাৰে।

আনকি, কিমান ধন আৱণ্টন দিয়া হব অসমক এই দুটা ঘোষণাৰ নামত, সেয়াও উল্লেখ নাই বাজেটত। এক প্ৰেছ বিজ্ঞপ্তিযোগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতিদ্বয় ভাস্কো ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে কয় যে যিসময়ত হ’বলগীয়া বিহাৰৰ নিৰ্বাচনক গুৰুত্ব দি ৰাজ্যখনৰ বাবে ইটোৰ পাছত সিটোকৈ প্ৰকল্প ঘোষণা কৰি মুঠ ৫৯ হাজাৰ টকাৰ পুঁজি ধাৰ্য কৰিছে কেন্দ্ৰই, তেনে সময়ত অষ্টলক্ষ্মীৰ ৰাজ্য অসমক একেবাৰেই গা এৰা দিয়া দেখা পোৱা গৈছে; ঠিক যিদৰে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰসমূহেও অসমক প্ৰৱঞ্চনা কৰি আহিছে।

Apply Now

উল্লেখ্য যে নামৰূপ সাৰখানাত এটি নতুন গোট স্থাপন কৰাৰ কথা কৈছে বিত্তমন্ত্ৰীয়ে বাজেটত। ইয়াৰ পূৰ্বেও তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে ২০১৭ চনত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুৱে, ২০২০ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া, ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যই নামৰূপত চতুৰ্থটো গোট স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। অৰ্থাত্ নামৰূপৰ চতুৰ্থটো গোট স্থাপন কৰাৰ ঘোষণাৰ ক্ষেত্ৰত এয়া হৈছে চতুৰ্থটো ঘোষণা।

বিজেপিয়ে অসমক লৈ কৰা মিথ্যাচাৰৰ এয়াই বাস্তৱ উদাহৰণ। ইয়াৰোপৰি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ তুলনাত ২০২৫-২৬ৰ বাজেটত অসমৰ পুঁজি কৰ্তন কৰিও অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি প্ৰদৰ্শন কৰিছে বিজেপি চৰকাৰে। বিগত বৰ্ষৰ বাজেটত অসমৰ শিক্ষাখণ্ডৰ পুঁজিৰ পৰিমাণ আছিল ২.৬০ শতাংশ। কিন্তু এইবাৰৰ বাজেটত সেই পুঁজিৰ পৰিমাণ হ্ৰাস কৰি ২.৫৩ শতাংশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ঠিক একেদৰে, পৰবহণৰ ক্ষেত্ৰত বিগত বৰ্ষৰ ১১.২৮ শতাংশৰ পৰা ১০.৮৩ শতাংশলৈ, গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ ৫.৫১ শতাংশৰ পৰা ৫.২৬ শতাংশলৈ, আইটি আৰু টেলিকম খণ্ডত ২.৪১ শতাংশৰ পৰা ১.৮৮ শতাংশলৈ হ্ৰাস কৰিলে এইবাৰৰ বাজেটত। এয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি দেখুওৱা চূড়ান্ত অৱহেলা। অসমক কৰা ভেঙুচালিৰ উপৰিও এই বাজেটে এইবাৰ হতাশা কঢ়িয়াই আনিছে।

পূৰ্বৰ বাজেটৰ সৈতে এইবাৰৰ বাজেটক তুলনা কৰিলে এই কথা স্পষ্ট হয় যে পূৰ্বে ধুমধামেৰে ঘোষণা কৰা বহু ফ্লেগশ্বীপ আঁচনিৰ ওপৰত চৰকাৰে নিজেই বিশ্বাস হেৰুৱাই পেলাইছে। বহুক্ষেত্ৰত যে চৰকাৰৰ সামৰ্থৰ অৱনতি ঘটিছে সেয়া পোষণ, জনলজীৱন,পিএমজিৱাই, শস্য বীমা আঁচনি, ইউৰিয়া ৰাজসাহাৰ্য, পিএম গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ ক্ষেত্ৰত এইবাৰৰ বাজেটতেই ধৰা পৰিছে। মুঠতে এই বাজেট যে নিৰ্বাচনমুখী বাজেটৰ বাহিৰে কোনো ব্যতিক্ৰমী বাজেট নহয়, সেই কথা স্পষ্ট বুলি ৰাইজৰ দলে মন্তব্য কৰিছে। কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমত জনসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী বহু পুৰণি। কিন্তু এনে দাবীৰ পাছতো অসমৰ কৃষকৰ প্ৰতি সামান্যতম প্ৰীতি দেখুৱাই ইচ্ছা কৰিলে কেন্দ্ৰই বিশেষ আঁচনি প্ৰস্তুত কৰি বাজেটৰ পুঁজি ধাৰ্য কৰিব পাৰিলেহেঁতেন। বানপানীৰে জৰ্জৰিত অসমক এইক্ষেত্ৰতো নিৰাশ কৰিলে বিজেপিয়ে। কিন্তু তাৰ বিপৰীতে বিহাৰক মাখন উত্পাদনৰ বৃদ্ধি আৰু বাণিজ্যিকীকৰণৰ বাবে বিশেষ পুঁজি আৱণ্টন দিয়া, ৫০ হাজাৰ কৃষিভূমিত পানী যোগান দিবলৈ পশ্চিম কোচি কেনেল প্ৰকল্প, বিহাৰৰ ৰাস্তা ঘাটৰ উন্নয়নৰ নামত, শক্তি খণ্ডৰ উন্নয়নৰ নামত, বান নিয়ন্ত্ৰণৰ নামত মুঠ ৫৯০০০ কোটি প্ৰদান কৰা কথাই অসমৰ প্ৰতি কিমান গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ, সেয়া দেখদেখকৈ ওলাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd