• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুম্ভমেলাত এতিয়াও নিৰুদ্দিষ্ট বহুজন! থানা আৰু মৰ্গত দৈনিক আত্মীয়ৰ ভিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 1:20 pm
77
VIEWS
Share on FacebookShare on Twitter

পাৰুল সৰকাৰৰ বয়স পঞ্চাশ বছৰ। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ গৈছিল। প্ৰায় পঞ্চাশজন তীৰ্থযাত্ৰীৰ এটা দলত তেওঁ আছিল। অমাৱস্যাৰ ৰাতিপুৱা সংঘটিত হোৱা পদপিষ্ট কাণ্ডৰ সময়ত গোটটোৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেতিয়াৰ পৰা পাৰুলৰ কোনো সন্ধান পোৱা নগ’ল। মহিলাগৰাকীৰ লগত আত্মীয় লক্ষ্মী বৈৰাগী আহিছিল। তেওঁ প্ৰতিদিনে চিকিৎসালয় আৰু থানাত চেক ইন কৰি আছে। আনকি পাৰুলক বিচাৰি এটা মৰ্গৰ পৰা আনটো মৰ্গলৈয়ো যায়।

পাৰুলৰ আত্মীয়ই উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। লক্ষ্মীয়ে টাইমছ অৱ ইণ্ডিয়াক কয় যে, ‘মই ক’তো পাৰুলক বিচাৰি পোৱা নাই। প্ৰশাসনৰ পৰাও একো যোগাযোগ কৰা হোৱা নাই।’

উল্লেখ্য যে, এয়া কোনো একমাত্ৰ ঘটনা নহয়। মৌনি আমাৱস্যা দুৰ্ঘটনাৰ পাছৰে পৰা বহু লোক সন্ধানহীন হৈ আছে। জুনা আখাৰাৰ ৬২ বছৰীয়া সন্ন্যাসী ৰাজকুমাৰ গিৰিও এজন চিনাকি সন্ন্যাসীৰ সন্ধানত আছে। চিনাকি সন্ন্যাসীৰ ছবি এখন লৈও তেওঁ চিকিৎসালয়ৰ পৰা চিকিৎসালয়লৈ ঘূৰি আছে।

শনিবাৰে প্ৰয়াগৰাজৰ মতিলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত এজন বৃদ্ধ সন্ন্যাসীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। কোঠাটোৰ মৃতদেহবোৰৰ মাজত দেহটো আছিল। ষ্টেম্পেড কাণ্ডৰ পিছৰে পৰা তেওঁৰ চিনাকি সাধু বিন্দ্ৰম নিৰুদ্দেশ হৈ আছে। মৃত বুলি গণ্য কৰা হৈছে যদিও কিন্তু সেই নামটো চৰকাৰী তালিকাত ৩০ জন মৃতকৰ নাম নাই। গিৰি সেয়ে প্ৰতিদিনে মেডিকেল কলেজৰ মৰ্গলৈ আহে। চিকিৎসা মহাবিদ্যালয়ৰ কাষতে আছে এছ আৰ এন হাস্পতাল। তাত মৰ্গ এটাও আছে। কিছু সময় চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত থকাৰ পাছত গিৰি চিকিৎসালয়ৰ মৰ্গৰ ফালে আগবাঢ়িল।

স্মৰ্তব্য যে, বুধবাৰে পুৱা কুম্ভ মেলাত হোৱা পদপিষ্ট কাণ্ডত কমেও ৩০ জন লোকৰ মৃত্যু হয়। মৌনি অমৱস্যা উপলক্ষে কুম্ভমেলাত অনুষ্ঠিত হোৱা ‘শ্বাহী স্নান’ৰ বাবে মঙলবাৰে নিশাৰ পৰা জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ৰাইজৰ হেঁচাত পুৱা প্ৰায় ২ বজাত বেৰিকেড ভাঙি যায়। এই হুলস্থুলত বহু লোক পৰিল। সেই সময়ত বাকীবোৰে ভৰিৰে মোহাৰি আগবাঢ়ি আহিল। এই ঘটনাৰ পিছতে ‘শ্বাহী স্নান’ বহুদিন বন্ধ হৈ পৰে। আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও ৩০ জন। কিন্তু এতিয়াও বহুতৰে হিচাপ নাই।

Recent News

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd