• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুম্ভমেলাত এতিয়াও নিৰুদ্দিষ্ট বহুজন! থানা আৰু মৰ্গত দৈনিক আত্মীয়ৰ ভিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 1:20 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰুল সৰকাৰৰ বয়স পঞ্চাশ বছৰ। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ গৈছিল। প্ৰায় পঞ্চাশজন তীৰ্থযাত্ৰীৰ এটা দলত তেওঁ আছিল। অমাৱস্যাৰ ৰাতিপুৱা সংঘটিত হোৱা পদপিষ্ট কাণ্ডৰ সময়ত গোটটোৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেতিয়াৰ পৰা পাৰুলৰ কোনো সন্ধান পোৱা নগ’ল। মহিলাগৰাকীৰ লগত আত্মীয় লক্ষ্মী বৈৰাগী আহিছিল। তেওঁ প্ৰতিদিনে চিকিৎসালয় আৰু থানাত চেক ইন কৰি আছে। আনকি পাৰুলক বিচাৰি এটা মৰ্গৰ পৰা আনটো মৰ্গলৈয়ো যায়।

পাৰুলৰ আত্মীয়ই উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। লক্ষ্মীয়ে টাইমছ অৱ ইণ্ডিয়াক কয় যে, ‘মই ক’তো পাৰুলক বিচাৰি পোৱা নাই। প্ৰশাসনৰ পৰাও একো যোগাযোগ কৰা হোৱা নাই।’

Apply Now

উল্লেখ্য যে, এয়া কোনো একমাত্ৰ ঘটনা নহয়। মৌনি আমাৱস্যা দুৰ্ঘটনাৰ পাছৰে পৰা বহু লোক সন্ধানহীন হৈ আছে। জুনা আখাৰাৰ ৬২ বছৰীয়া সন্ন্যাসী ৰাজকুমাৰ গিৰিও এজন চিনাকি সন্ন্যাসীৰ সন্ধানত আছে। চিনাকি সন্ন্যাসীৰ ছবি এখন লৈও তেওঁ চিকিৎসালয়ৰ পৰা চিকিৎসালয়লৈ ঘূৰি আছে।

শনিবাৰে প্ৰয়াগৰাজৰ মতিলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত এজন বৃদ্ধ সন্ন্যাসীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। কোঠাটোৰ মৃতদেহবোৰৰ মাজত দেহটো আছিল। ষ্টেম্পেড কাণ্ডৰ পিছৰে পৰা তেওঁৰ চিনাকি সাধু বিন্দ্ৰম নিৰুদ্দেশ হৈ আছে। মৃত বুলি গণ্য কৰা হৈছে যদিও কিন্তু সেই নামটো চৰকাৰী তালিকাত ৩০ জন মৃতকৰ নাম নাই। গিৰি সেয়ে প্ৰতিদিনে মেডিকেল কলেজৰ মৰ্গলৈ আহে। চিকিৎসা মহাবিদ্যালয়ৰ কাষতে আছে এছ আৰ এন হাস্পতাল। তাত মৰ্গ এটাও আছে। কিছু সময় চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত থকাৰ পাছত গিৰি চিকিৎসালয়ৰ মৰ্গৰ ফালে আগবাঢ়িল।

স্মৰ্তব্য যে, বুধবাৰে পুৱা কুম্ভ মেলাত হোৱা পদপিষ্ট কাণ্ডত কমেও ৩০ জন লোকৰ মৃত্যু হয়। মৌনি অমৱস্যা উপলক্ষে কুম্ভমেলাত অনুষ্ঠিত হোৱা ‘শ্বাহী স্নান’ৰ বাবে মঙলবাৰে নিশাৰ পৰা জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ৰাইজৰ হেঁচাত পুৱা প্ৰায় ২ বজাত বেৰিকেড ভাঙি যায়। এই হুলস্থুলত বহু লোক পৰিল। সেই সময়ত বাকীবোৰে ভৰিৰে মোহাৰি আগবাঢ়ি আহিল। এই ঘটনাৰ পিছতে ‘শ্বাহী স্নান’ বহুদিন বন্ধ হৈ পৰে। আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও ৩০ জন। কিন্তু এতিয়াও বহুতৰে হিচাপ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd