প্ৰয়াগৰাজৰ মহাকুম্ভৰ পানী ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে, কিয়নো মৌনি অমৱস্য উৎসৱৰ সময়ত নিহতসকলৰ মৃতদেহ গংগাত পেলাই দিয়া হৈছে। সোমবাৰে সংসদৰ বাহিৰত সমাজবাদী পাৰ্টিৰ সাংসদ তথা বিশিষ্ট অভিনেত্ৰী জয়া বচ্চনে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
আজি সাংবাদিকৰ সন্মুখত তেওঁ কয়, “বৰ্তমান ক’ত সৰ্বাধিক পানী প্ৰদূষণ সংঘটিত হৈছে? কুম্ভ মেলাত হৈছে। কাৰণ পদপিষ্ট হৈ মৃত্যু হোৱা সকলৰ মৃতদেহ নদীত পেলাই দিয়া হৈছে। ফলত পানী ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে। কিন্তু প্ৰশাসনে এই সন্দৰ্ভত একো কোৱা নাই। সাধাৰণ জনতাৰ বাবেও কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”
কেৱল এয়াই নহয়। জয়া বচ্চনে লগতে দাবী কৰে যে মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল। এই দূষিত পানীয়েই এতিয়া মানুহে ব্যৱহাৰ কৰিছে।’ চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যাখ্যা দিয়া নাই, বৰঞ্চ সমগ্ৰ বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছে।
উল্লেখ্য যে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি কেইবাজনো বিৰোধী নেতাই এই বিষয়ত সংসদত আলোচনাৰ দাবী জনাইছে।