৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। তাৰ মাত্ৰ দুদিন আগতে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে মানি লৈছে যে দিল্লীত দলৰ আসন পূৰ্বৰ তুলনাত হ্ৰাস পাব।
একে সময়তে তেওঁ অনুমান কৰিছে যে আপৰ ভাল বা বেয়া ফলাফল বহু পৰিমাণে মহিলা ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব।
বিগত দুটা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে বিজেপি আৰু কংগ্ৰেছক পৰাস্ত কৰিছিল। ২০১৫ চনত তেওঁলোকে ৭০খন আসনৰ ভিতৰত ৬৭খন আসন লাভ কৰিছিল। আৰু ২০২০ চনত ই সামান্য হ্ৰাস পাই ৬২ লৈছিল। অৱশ্যে অৰবিন্দ কেজৰিৱালে নিজেই বিশ্বাস কৰে যে এইবাৰ এই সংখ্যা ৫০ খনলৈ হ্ৰাস পাব।
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অধিক মহিলাক ভোটদানৰ বাবে উৎসাহিত কৰাৰ চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱালে। তেওঁৰ মতে এই নিৰ্বাচনত আপে ৫৫খন আসন লাভ কৰিব পাৰে। কিন্তু যদি মহিলাসকলে ভোট দিবলৈ ওলাই আহে, আৰু যদি তেওঁলোকে নিজৰ পৰিয়ালৰ পুৰুষসকলক আপক ভোট দিবলৈ পতিয়ন নিয়াব পাৰে, তেন্তে তেওঁৰ দলটোৱে ৬০খন বা তাতকৈ অধিক আসন লাভ কৰিব পাৰে।
কেজৰিৱালে নিজেও কিয় হঠাৎ ভাবিলে যে এইবাৰ তেওঁৰ দলে হয়তো কম আসন পাব? ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আপৰ বিৰুদ্ধে বিশেষকৈ কেজৰিৱাল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগে তেওঁলোকৰ ওপৰত কিছু হেঁচা প্ৰয়োগ কৰিছে।
ইয়াৰ উপৰিও মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মুকলি কাজিয়াও এটা ডাঙৰ কাৰক হৈ পৰিছে। ইয়াৰ উপৰি শেহতীয়াকৈ আপৰ ৮জন বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। লগতে আপ দুৰ্নীতিৰ দলত পৰিণত হৈছে আৰু অৰবিন্দ ইয়াৰ নেতৃত্ব লৈছে বুলিও অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ফলত ভোট বেংকতো প্ৰভাৱ পৰিব পাৰে।