শেহতীয়াকৈ নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ বুলি অভিহিত কৰিছে পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে।
লগতে তেওঁ মেছি, মাৰাডোনা আৰু পেলেৰ সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ কৰিছে।
কাইলৈ ৫ ফেব্ৰুৱাৰীত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ জন্মদিন। ইয়াৰ পূৰ্বে পৰ্তুগীজ তাৰকাগৰাকীয়ে নিজকে শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ ফুটবলাৰ বুলি দাবী কৰিছে।
এটা সাক্ষাৎকাৰত তেওঁ কয়, ‘মানুহে মেছি, পেলে আৰু মাৰাডোনাক শ্ৰেষ্ঠ বুলি গণ্য কৰিব পাৰে। সেইটোক মই সন্মান কৰো। কিন্তু ময়েই ফুটবলৰ ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰ।”
লগতে তেওঁ কয় যে মই এজন সম্পূৰ্ণ ফুটবলাৰ। মই মোতকৈ ভাল কাকো দেখা নাই। এই বয়সত মই এতিয়াও গ’ল দি আছোঁ। কেৱল মোৰ পৰিসংখ্যা চালেই স্পষ্ট হৈ পৰিব।
ৰোনাল্ডোৱে মেছিৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়। তেওঁ কয় – মেছিৰ সৈতে মোৰ কেতিয়াও সম্পৰ্ক বেয়া হোৱা নাই। আমি ১৫ বছৰ ধৰি একেলগে খেলি আছোঁ। তেওঁ নিজৰ ক্লাবটো ৰক্ষা কৰিছিলোঁ আৰু মই মোৰ ক্লাবটো ৰক্ষা কৰিছিলোঁ। নিজৰ জাতীয় দলৰ বাবে মেছি আৰু মই একে কৰ্তব্য পালন কৰিছো।
ফুটবল কেৰিয়াৰত ১০০০টা গ’ল দিয়াৰ বাবেও আশাবাদী ৰোনাল্ডো। তেওঁ কয় যে যদি মই এহেজাৰ গ’ল দিব পাৰো তেন্তে বৰ ভাল হ’ব। কিন্তু সেইবোৰ কথা এতিয়া বেছিকৈ ভাবিবলৈ মন যোৱা নাই।