পিনাকা ৰকেট লঞ্চাৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১০ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইকনমিক এক্সপ্ল’ছিভছ লিমিটেড (ই ই এল) আৰু মিউনিচন ইণ্ডিয়া লিমিটেড (এম আই এল)ৰ সৈতে হোৱা এই চুক্তিৰ জৰিয়তে কেন্দ্রই পিনাকাত ব্যৱহাৰৰ বাবে দুবিধ ৰকেট ক্ৰয় কৰিব। মন্ত্ৰালয়ে কয় যে ১০,১৪৭ কোটি টকাৰ এই চুক্তিয়ে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব। ইয়াৰ উপৰিও ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ সৈতে দেশৰ সামৰিক বাহিনীৰ বাবে বিশেষ চফটৱেৰ ‘শক্তি’ উন্নীতকৰণৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। বৃহস্পতিবাৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কোম্পানীকেইটাৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে।
দেশৰ আন পাঁচটা খণ্ডৰ দৰে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰত ক্ৰমান্বয়ে ‘আত্মনিৰ্ভৰশীল’ হৈ পৰিছে। এসময়ত বিশ্বৰ উন্নত দেশৰ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল ভাৰতবৰ্ষই বৰ্তমান বিশ্বৰ কেইবাখনো দেশক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰি আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক চাহিদা আছে ভাৰতৰ ব্ৰহ্মোছ মিছাইলৰ। ইয়াৰ বাহিৰেও ভাৰতে বিভিন্ন দেশত কেইবাবিধো সামগ্ৰী বিক্ৰী কৰি আছে, য’ত আছে ডৰ্নিয়াৰ-২২৮ যুঁজাৰু বিমান, ৰকেট লঞ্চাৰ, অগ্নিনিৰ্বাপক যন্ত্ৰ, নাইট ভিজন বাইনোকুলাৰ, শত্ৰুৰ গতিবিধি ধৰা পেলাব পৰা ৰাডাৰ। এইবাৰ সেই তালিকাত যোগ হৈছে ‘পিনাকা ৰকেট লঞ্চাৰ’।
মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেম পিনাকাত দুটা পেড আছে। ইয়াৰে প্ৰতিটোতে ৬টা ৰকেট আছে। এই লঞ্চাৰে ৪৫ ছেকেণ্ডত ১২টা ৰকেট নিক্ষেপ কৰিব পাৰে। পিনাকাৰ পূৰ্বৰ ৰেঞ্জ আছিল ৪০-৪৫ কিলোমিটাৰ। বৰ্তমান ই ৭৫-৯০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ইয়াক ট্ৰাকত ভৰাই এঠাইৰ পৰা আন ঠাইলৈ সহজে লৈ যাব পাৰি।