“চিনাকি অথচ চিনাকি নহয়…” ভিতৰত একেই যদিও ‘জোমাটো’ (Zomato)ৰ নাম সলনি হৈছে। ৬ ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে ষ্টক এক্সচেঞ্জৰ ফাইলিঙত জোমাটোৱে নিজেই এই কথা ঘোষণা কৰিছিল। ব’ৰ্ড অফ মেম্বাৰ্ছে এই নাম সলনিত অনুমোদন জনাইছে।
বোম্বে ষ্টক এক্সচেঞ্জলৈ লিখা এখন পত্ৰত জোমাটোৰ চিইঅ’ তথা সহ-প্ৰতিষ্ঠাপক দীপিন্দৰ গোৱেলে কয় যে ‘’আমি ব্লিংকিট অধিগ্ৰহণ কৰাৰ পিছৰে পৰা আমি কোম্পানী আৰু ব্ৰেণ্ডৰ মাজত স্পষ্ট পাৰ্থক্য সৃষ্টি কৰিবলৈ আভ্যন্তৰীণভাৱে জোমাটোৰ নাম সলনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছো।” তেওঁ কয় যে এতিয়াৰ পৰা জোমাটোৰ নাম সলনি কৰি ‘ইটাৰ্নেল’ কৰা হৈছে।
এই নাম সলনিৰ আঁৰত এটা প্ৰাথমিক চিন্তা আছে। মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ মতে, ‘’আমি ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ যে যিদিনা আমাৰ কোম্পানীটোৱে জোমাটোৰ বাহিৰতো আৰু আন প্লেটফৰ্মলৈ সম্প্ৰসাৰণ কৰিব, সেইদিনা নতুন নামটো ঘোষণা কৰা হ’ব। যিহেতু আমি ‘ব্লিংকইট’ৰ জৰিয়তে সেই পৰ্যায়ত উপনীত হ’লোঁ, সেয়েহে কোম্পানীটোৰ নাম ‘জোমাটো লিমিটেড’ৰ পৰা ‘ইটাৰ্নেল লিমিটেড’লৈ সলনি কৰা হৈছে।
অৰ্থাৎ অতি জনপ্ৰিয় খাদ্য ডেলিভাৰী এপ ‘জোমাটো’ৰ নাম সলনি হৈছে, যাৰ পৰা লাখ লাখ মানুহে জিভাৰ জুতি লৈ আনন্দ পায়। অৱশ্যে ইয়াৰ ফলত খাদ্যপ্ৰেমীৰ সোৱাদৰ সন্তুষ্টিত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা একেবাৰেই নাই।