ভাৰতীয় ক্ৰিকেটত পিতৃ-পুত্ৰৰ একাধিক উদাহৰণ পোৱা যায়। অমৰনাথ, গাভাস্কৰ, তেণ্ডুলকাৰ বহু উদাহৰণ আছে। কিন্তু পিতৃয়ে যি সফলতা লাভ কৰিছিল, সেই সফলতা পুত্ৰসকলে লাভ কৰিব নোৱাৰিলে। পিতৃৰ ছাঁৰ পৰা তেওঁলোক ওলাই আহিব নোৱাৰিলে। কিন্তু ফুটবলত সেই ছবিখন পৃথক।
বৰ্তমান বিশ্ব ফুটবলৰ দুগৰাকী শ্ৰেষ্ঠ ফুটবলাৰ লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ সন্তানক ফুটবলাৰ হিচাপে গঢ়ি তুলিছে। আৰু তেওঁলোকৰ সন্তানসকলে তেওঁলোকৰ উত্তৰসূৰী হ’বলৈ সাজু। বয়সভিত্তিক প্ৰতিযোগিতাত তেওঁলোকৰ প্ৰদৰ্শনৰ চাই অন্ততঃ এনেকুৱাই অনুমান হয়।
শেহতীয়াকৈ ছৌদি প্ৰ’ লীগৰ ১৫ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত আল নাছেৰৰ হৈ খেলিবলৈ নামিছিল ক্রিষ্টিয়ানো ৰোনাল্ডো জুনিয়ৰে। আল নাছেৰে প্ৰতিদ্বন্দ্বী আল ইটেহাদক ১০-৯ গ’লত পৰাস্ত কৰে। এই জয়ৰ আঁৰত আছিল ক্রিষ্টিয়ানো ৰোনাল্ডো জুনিয়ৰ৷ তেওঁ অকলেই ১০টা গ’ল দিছিল। ইয়াৰ পূৰ্বে ৰোনাল্ডো জুনিয়ৰে একাধিক মেচত ৯ বা ১০টা গ’ল দিছিল।
এইবাৰ ৰোনাল্ডো জুনিয়ৰৰ দৰেই ফৰ্ম দেখা গ’ল মেছি জুনিয়ৰৰ। নাই, লিয়নেল মেছিয়ে ৰোনাল্ডোৰ দৰে নিজৰ সন্তানৰ নাম নিজৰ নামেৰে নামাকৰণ কৰা নাই। লিয়নেল মেছিৰ ডাঙৰ পুত্ৰৰ নাম থিয়াগো মেছি। শেহতীয়াকৈ তেওঁ মেজৰ লীগ ছকাৰৰ ১৩ বছৰ অনুৰ্ধ বিভাগৰ ইণ্টাৰ মিয়ামি যুৱ দলৰ হৈ এখন খেলত ১১টা গ’ল দিলে।
কালি মেজৰ লীগ ছকাৰৰ ১৩ বছৰ অনুৰ্ধ বিভাগত আটলান্টা ইউনাইটেডৰ বিৰুদ্ধে খেলিছিল ইণ্টাৰ মিয়ামি যুৱ দলে। য’ত মিয়ামিয়ে ১২-০ গ’লত জয়লাভ কৰে। আৰু ১২টা গ’লৰ ভিতৰত অকলে থিয়াগো মেছিয়ে ১১টা গ’ল দিয়ে। আনটো গ’ল দিয়ে ডিয়েগো লুনা জুনিয়ৰে।
মেচখনত ১২ বছৰীয়া থিয়াগোৱে নিজৰ দক্ষতাৰে বিপক্ষক পৰাভূত কৰিছিল। তেওঁৰ ফুটৱৰ্ক আৰু ফিনিচিং ক্ষমতাই তেওঁক বাকীসকলৰ পৰা পৃথক কৰি তুলিছিল। ১২ মিনিটত থিয়াগোৱে প্ৰথমটো গ’ল দিয়ে।
লিয়নেল মেছিৰ আপডালতে থিয়াগোৱে মিয়ামিৰ জুনিয়ৰ দলত যোগদান কৰে। মেছিয়ে ইণ্টাৰ মিয়ামিত যোগদান কৰাৰ পিছত তেওঁ নিজৰ পুত্ৰক জুনিয়ৰ দললৈ লৈ আহে। মেছিৰ দৰে থিয়াগোৱেও ১০ নম্বৰৰ জাৰ্চি পিন্ধি খেলত নামে।