• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি হ’লহেঁতেন দিল্লীৰ ফলাফল! ভোট কটাকটিৰ বাবে আপ আৰু কংগ্ৰেছে হেৰুৱাইছে ১৪খন আসন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 9, 2025 9:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অকলে যুঁজ দিয়াৰ সিদ্ধান্তৰ মূল্য ভৰিবলগীয়া হ’ল আম আদমী পাৰ্টিয়ে! কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’লে নিৰ্বাচনৰ ফলাফল সলনি কৰিব পাৰিলেহেঁতেন। ভোট অংকৰ বিশ্লেষণে তাকেই কয়। নিৰ্বাচনী বিশ্লেষকসকলেও তেনেকৈয়ে ভাবে। পৰিসংখ্যাই দেখুৱাইছে যে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ দুই অংশীদাৰ আপ আৰু কংগ্ৰেছৰ মাজত হোৱা ভোট বিভাজনৰ ফলত বিজেপিয়ে ১৪খন আসনত জয়লাভ কৰিছে। অৱশেষত দিল্লীৰ ক্ষমতা দখলৰ যুঁজত সেই ১৪খন আসন নিৰ্ণায়ক হিচাপে পৰিগণিত হয়।

যোৱা বছৰৰ ডিচেম্বৰ মাহত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছিল যে তেওঁৰ দলে অকলেই দিল্লী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ফলত এইবাৰ লোকসভা নিৰ্বাচনৰ দৰে আপ আৰু কংগ্ৰেছৰ মাজত আসনৰ ভাগ-বতৰা হোৱা নাছিল। দিল্লীৰ ৭০খন বিধানসভাৰ আটাইকেইখন আসনত এককভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কেজৰিৱালে।

Apply Now

ভোট গণনাৰ পিছত দেখা গৈছে যে কেজৰিৱালৰ অতিমাত্ৰা আত্মবিশ্বাসৰ মূল্য ভৰিছে আপে। আপৰ হাতত আছে ২২খন আসন। বিজেপিয়ে ৪৮খন আসনত জয়লাভ কৰে। সংখ্যাগৰিষ্ঠতাৰ বাবে ৩৬খন আসনৰ প্ৰয়োজন। আপ আৰু কংগ্ৰেছৰ ভোট বিভাজন নহ’লে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপাবও পাৰিলেহেঁতেন। ‘ইণ্ডিয়া’ৰ দুই অংশীদাৰে যদি মিত্ৰতা কৰিলেহেঁতেন তেন্তে আপৰ কমেও ১৩খন আসন লাভ কৰাৰ সম্ভাৱনা থাকিলহেঁতেন। কংগ্ৰেছৰো একাউণ্ট খোলাৰ সুযোগ আছিল।

আপৰ দুই শীৰ্ষ নেতা কেজৰিৱাল আৰু মনীষ চিছ’দিয়া বিজেপিৰ হাতত পৰাস্ত হয়। তিনিকোণীয়া যুঁজখনত যদি ভোট বিভাজন নহ’লহেঁতেন তেন্তে দুয়োজন নেতাৰ জয়ৰ সুযোগ আছিল। নতুন দিল্লী বিধানসভা সমষ্টিত আপৰ মুৰব্বী কেজৰিৱাল ৪০৮৯টা ভোটত পৰাজিত হয়। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপে সেই আসনত কংগ্ৰেছৰ টিকটত ৪৫৬৮টা ভোট লাভ কৰে। সন্দীপৰ ভোট আপলৈ গ’লে কেজৰিৱালে খেল ঘূৰাই দিব পাৰিলেহেঁতেন৷ জাংপুৰা বিধানসভা সমষ্টিত আপ নেতা মনীষ ছিছ’দিয়া ৬৭৫টা ভোটত পৰাজিত হয়। তাত কংগ্ৰেছে ৭৩৪০টা ভোট লাভ কৰে। কংগ্ৰেছৰ ভোটৰ সামান্য অংশও আপলৈ যোৱা হ’লে ছিছ’দিয়াই জয়ী হ’লহেঁতেন।

ইয়াৰ বাহিৰেও তিমাৰপুৰ, বাদলী, নাংলই দজাত, মাডিপুৰ, ৰাজেন্দ্ৰনগৰ, কস্তুৰৱানগৰ, মালৱিয়ানগৰ, মেহৰৌলি, ছত্তৰপুৰ, সংগমবিহাৰ, গ্ৰেটাৰ কৈলাশ আৰু ত্ৰিলোকপুৰীত গণনাৰ পিছৰ পৰিসংখ্যা একেধৰণৰ। কস্তুৰৱানগৰত দ্বিতীয় স্থানত আছে কংগ্ৰেছ। তাত তেওঁলোক ১১ হাজাৰৰ অলপ বেছি ভোটত পৰাস্ত হৈছিল। সেই আসনত আপে ১৮,৫০০ৰো অধিক ভোট লাভ কৰিছিল। ‘ইণ্ডিয়া’ৰ দুই অংশীদাৰ দলে মিত্ৰতাৰে যুঁজ দিলে কংগ্ৰেছে যে এই আসনখন লাভ কৰিলেহেঁতেন তাত সমীক্ষাকাৰীসকলৰ কোনো সন্দেহ নাই।

ত্ৰিলোকপুৰীত কেজৰিৱালৰ দল ৩৯২টা ভোটত পৰাস্ত হয়। তাত কংগ্ৰেছে ৬,১৪৭ টা ভোট লাভ কৰে। সংগম বিহাৰত বিজেপিয়ে আপক ৩৪৪টা ভোটত পৰাস্ত কৰে। তাত কংগ্ৰেছে ১৫ হাজাৰৰো অধিক ভোট লাভ কৰিছিল। তিমাৰপুৰত আপ ১১৬৮ টা ভোটত পৰাস্ত হয়। তাত কংগ্ৰেছে ৮৩৬১টা ভোট লাভ কৰে। বাদলীত ১৫ হাজাৰৰ অলপ বেছি ভোটত পৰাস্ত হয় আপ। তাত কংগ্ৰেছে ৪১ হাজাৰৰো অধিক ভোট লাভ কৰে। নাংলই দজাত ২৬ হাজাৰ ভোটৰ অলপ বেছি ভোটত পৰাস্ত হয় আপ। সেই বিধানসভাৰ আসনত কংগ্ৰেছে লাভ কৰিছিল ৩২ হাজাৰ ভোট।

সেইদৰে, মাডিপুৰত প্ৰায় ১১ হাজাৰ ভোটত আপক পৰাস্ত কৰে বিজেপিয়ে। তাত কংগ্ৰেছে প্ৰায় ১৮ হাজাৰ ভোট লাভ কৰিছিল। ৰাজেন্দ্ৰনগৰত কংগ্ৰেছে ৪ হাজাৰৰ অলপ বেছি ভোট লাভ কৰিছিল। সেই আসনত আপ ১২৩১ টা ভোটত পৰাস্ত হয়। কস্তুৰৱানগৰত আপ ১১ হাজাৰ ভোটত পৰাস্ত হয়। তাত কংগ্ৰেছে ১৮ হাজাৰৰো অধিক ভোট লাভ কৰিছিল। মালবিয়ানগৰ, মেহৰৌলি, ছত্তৰপুৰ, আৰু গ্ৰেটাৰ কৈলাশৰ কংগ্ৰেছৰ ভোট আপলৈ যোৱা হ’লে সমীকৰণটো সলনি হ’লহেঁতেন।

কংগ্ৰেছ আৰু আপে লাভ কৰা ভোটসমূহ যদি একত্ৰিত কৰা হয়, তেন্তে এই ১৪খন আসন বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছিল। সমীকৰণটো সেই দিশত যোৱা হ’লে বিজেপিৰ আসন ৪৮ৰ পৰা ৩৪লৈ হ্ৰাস পাব পাৰিলেহেঁতেন। দিল্লীত আৰু এটা দশকলৈ ক্ষমতা অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা আছিল আপৰ।

উল্লেখ্য যে কংগ্ৰেছৰ সমান্তৰালকৈ মুস্তাফানগৰ বিধান সভা সমষ্টিত আছাদুদ্দিন ওৱাইছিৰ দলটোৱেও আপৰ ভোট কাটিছে। তাত ১৭,৫৭৮ টা ভোটত পৰাস্ত হয় আপ। তৃতীয় স্থানত আছে ওৱাইছিৰ ‘অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীন’ (AIMIM বা MIM)। তেওঁলোকে ৩৩ হাজাৰৰো অধিক ভোট লাভ কৰে। অৱশ্যে এআইএমআইএম বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অংশ নহয়। সেই আসনত কংগ্ৰেছে ১১ হাজাৰৰো অধিক ভোট কাটিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd