শেহতীয়াকৈ প্ৰকাশ পোৱা টাইম আলোচনীৰ বেটুপাতক লৈ খলকনিৰ সৃষ্টি হৈছে।
টাইম আলোচনীৰ কভাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনত বিশেষ ক্ষমতা লাভ কৰা ইলন মাস্কক প্ৰদৰ্শন কৰা হৈছে।
আলোচনী খনৰ ৰঙা বেটুপাতত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চকীত ইলন মাস্ক বহি থকা দেখা গৈছে। দেখা গৈছে যে ইলন মাস্কে হোয়াইট হাউছৰ অভাল অফিচৰ ৰাষ্ট্ৰপতিৰ ৰিজ’লিউট ডেস্কৰ পিছফালে বহি আছে, হাতত আছে একাপ কফি।
টাইম আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত সাংবাদিক চাইমন শ্বুষ্টাৰ আৰু ব্রায়ান বেনেটে লিখিছে যে ট্ৰাম্প প্ৰশাসনে মাস্কৰ নেতৃত্বত চৰকাৰী দক্ষতা বিভাগক চৰকাৰী কৰ্মচাৰীক ব্যাপক চাকৰিৰ পৰা খেদাৰ ব্যৱস্থা কৰিছে।
টাইম আলোচনীয়ে এইটোও প্ৰকাশ কৰিছে যে মাস্কৰ কাৰ্যালয় ড’জে টাইম আলোচনীৰ প্ৰশ্নৰ উত্তৰ দিয়াটো এৰাই চলিছিল।
উল্লেখ্য যে এই বেটুপাত সম্পৰ্কত ইলন মাস্কে এতিয়াও কোনো মন্তব্য কৰা নাই।