অৰুণাচল প্ৰদেশৰ পৰা অসমৰ মাজেৰে গুজৰাটৰ জামনগৰস্থিত আম্বানী পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানালৈ কেইবাটাও হাতী লৈ যোৱাক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ সময়ত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসমৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বিভিন্ন জীৱ-জন্তু গোপনে সৰবৰাহ কৰা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰি আহিছে।
জানিব পৰা মতে, শনিবাৰে মুকেশ আম্বানী আৰু পুত্ৰ অনন্ত আম্বানী দুয়োকে লগ কৰে হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে এই সাক্ষাতৰ বিষয়ে নিজেই সামাজিক মাধ্যমত জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ অনন্ত আম্বানীৰ লগত এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “ কালি প্রসিদ্ধ উদ্যোগপতি শ্ৰীমুকেশ আম্বানী আৰু শ্ৰীঅনন্ত আম্বানীৰ সৈতেও এক বিশেষ সাক্ষাতত মিলিত হৈ সুখী হ’লোঁ। সাক্ষাৎকালত উদ্যোগ ৪.০ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। মই আশাবাদী যে এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে আমি ৰিলায়েঞ্চৰ অসমত বিশেষকৈ জৈৱ ইন্ধন, ফিনটেক, টেলিকম আৰু অন্যান্য উদীয়মান খণ্ডত স্থিতি সম্প্ৰসাৰণৰ পৰিকল্পনা সুদৃঢ় কৰা দেখিবলৈ পাম।”
অৱশ্যে এই সাক্ষাতৰ পিছত এতিয়া বিভিন্ন মহলত মৃদু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।





