• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰে’লৱে ক’লনীত উচ্ছেদ অভিযান চলালে উত্তৰ পূব সীমান্ত ৰে’লৱেই  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 1:27 pm
601
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰেলৱেই বেদখল চিনাক্ত কৰিবলৈ নিয়মীয়া জৰীপ চলাই আহিছে আৰু সেইসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অননুমোদিত দখলে ৰে’ল পৰিচালনত ব্যাঘাত জন্মায়, সুৰক্ষাৰ প্ৰতি বিপদ মাতি অনাৰ লগতে ট্ৰেক ৰক্ষণাবেক্ষণ আৰু আন্তঃগাঁথনিৰ বিকাশ কাৰ্যত বাধা দিয়ে।

ইয়াৰ উপৰিও, এনেধৰণৰ বেদখলে অপৰাধমূলক কাৰ্যকলাপ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰত অৰিহণা যোগায়, যাৰ ফলত অঞ্চলটোৰ সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকিৰ সৃষ্টি হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেই এই কাৰ্যকলাপসমূহ প্ৰতিৰোধ কৰিবলৈ আৰু ৰে’লৱে সম্পত্তি আৰু ৰে’লৱে সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।

এই প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং মণ্ডলৰ নিউ গুৱাহাটী কমপ্লেক্সত ৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে উচ্ছেদ অভিযান চলোৱা হয়। ৰে’লৱে সুৰক্ষা বাহিনীৰ সহযোগত নিউ গুৱাহাটীৰ ২০ জন ৰে’ল কৰ্মচাৰীৰ লগতে স্থানীয় আৰক্ষীৰ ২৪ জন বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত এই অভিযান চলোৱা হয়।

চান্দমাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি)ৰ তত্বাৱধানত এই অভিযান সম্পাদন কৰা হয়।উচ্ছেদ অভিযানৰ সময়ত, মুঠ ৬৮টা অননুমোদিত কোৱাৰ্টাৰ খালী কৰা হয় আৰু এনেদৰে মাহটোৰ ভিতৰত মুঠ ১০৩টা কোৱাৰ্টাৰ দখলমুক্ত কৰা হয়।

উল্লেখ্য যে পূৰ্বতে উচ্ছেদ কৰা ৰে’ল কোৱাৰ্টাৰসমূহত অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে ৪ জন লোকক কৰায়ত্ত কৰা হয়। উচ্ছেদৰ পূৰ্বে, চান্দমাৰীৰ এচিপিয়ে সকলো আৰক্ষী কৰ্মীক অৱগত আৰু নিশ্চিত কৰে যে এই অভিযানটো যাতে এক প্ৰণালীবদ্ধ, আইনসঙ্গত আৰু শান্তিপূৰ্ণভাৱে পৰিচালন কৰা হয়। ৰে’লৱে কৰ্তৃপক্ষ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত সম্পূৰ্ণ সহযোগিতাৰে এই উচ্ছেদ সুচাৰুৰূপে আগবাঢ়ে।

একেদিনাই এক পৃথক উচ্ছেদ অভিযানত উত্তৰ-পূব সীমান্ত ৰে’লৱেই লামডিং মণ্ডলৰ মালিগাঁও আৰু পাণ্ডু অঞ্চলত অননুমোদিত অধিবাসীসকলক আঁতৰাবলৈ এক অভিযান চলায়। কামাখ্যা চকীৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনী আৰু জালুকবাৰী আৰক্ষী থানাৰ স্থানীয় আৰক্ষীৰ সহায়ত ৰে’লৱে অভিযান্ত্ৰিক বিভাগে সফলতাৰে উচ্ছেদ অভিযান সম্পন্ন কৰে।

অভিযানৰ সময়ত, ১০টা ৰে’লৱে কোৱাৰ্টাৰৰ পৰা অবৈধ অধিবাসীসকলক কোনো হস্তক্ষেপ অবিহনে সুচাৰুৰূপে উচ্ছেদ কৰা হয়। ৰে’ল সম্পত্তি সুৰক্ষিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু অননুমোদিত দখল প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ অব্যাহত ৰাখিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলো ব্যক্তিক আইনসন্মত নিয়মাৱলী মানি চলিবলৈ আৰু অননুমোদিত দখলখালী কৰিবলৈ আহ্বান জনাইছে। নিৰ্মাণাধীন আন্তঃগাঁথনি উন্নয়নমূলক কাৰ্যসূমহত সুবিধা প্ৰদান কৰাৰ লগতে সুৰক্ষিত আৰু দক্ষ ৰে’ল পৰিচালন নিশ্চিত কৰিবলৈ ৰে’লৱে প্ৰশাসন প্ৰতিশ্ৰুতিবদ্ধ।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd