• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লৱে ক’লনীত উচ্ছেদ অভিযান চলালে উত্তৰ পূব সীমান্ত ৰে’লৱেই  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 1:27 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰেলৱেই বেদখল চিনাক্ত কৰিবলৈ নিয়মীয়া জৰীপ চলাই আহিছে আৰু সেইসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অননুমোদিত দখলে ৰে’ল পৰিচালনত ব্যাঘাত জন্মায়, সুৰক্ষাৰ প্ৰতি বিপদ মাতি অনাৰ লগতে ট্ৰেক ৰক্ষণাবেক্ষণ আৰু আন্তঃগাঁথনিৰ বিকাশ কাৰ্যত বাধা দিয়ে।

ইয়াৰ উপৰিও, এনেধৰণৰ বেদখলে অপৰাধমূলক কাৰ্যকলাপ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰত অৰিহণা যোগায়, যাৰ ফলত অঞ্চলটোৰ সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকিৰ সৃষ্টি হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেই এই কাৰ্যকলাপসমূহ প্ৰতিৰোধ কৰিবলৈ আৰু ৰে’লৱে সম্পত্তি আৰু ৰে’লৱে সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।

Apply Now

এই প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং মণ্ডলৰ নিউ গুৱাহাটী কমপ্লেক্সত ৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে উচ্ছেদ অভিযান চলোৱা হয়। ৰে’লৱে সুৰক্ষা বাহিনীৰ সহযোগত নিউ গুৱাহাটীৰ ২০ জন ৰে’ল কৰ্মচাৰীৰ লগতে স্থানীয় আৰক্ষীৰ ২৪ জন বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত এই অভিযান চলোৱা হয়।

চান্দমাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি)ৰ তত্বাৱধানত এই অভিযান সম্পাদন কৰা হয়।উচ্ছেদ অভিযানৰ সময়ত, মুঠ ৬৮টা অননুমোদিত কোৱাৰ্টাৰ খালী কৰা হয় আৰু এনেদৰে মাহটোৰ ভিতৰত মুঠ ১০৩টা কোৱাৰ্টাৰ দখলমুক্ত কৰা হয়।

উল্লেখ্য যে পূৰ্বতে উচ্ছেদ কৰা ৰে’ল কোৱাৰ্টাৰসমূহত অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে ৪ জন লোকক কৰায়ত্ত কৰা হয়। উচ্ছেদৰ পূৰ্বে, চান্দমাৰীৰ এচিপিয়ে সকলো আৰক্ষী কৰ্মীক অৱগত আৰু নিশ্চিত কৰে যে এই অভিযানটো যাতে এক প্ৰণালীবদ্ধ, আইনসঙ্গত আৰু শান্তিপূৰ্ণভাৱে পৰিচালন কৰা হয়। ৰে’লৱে কৰ্তৃপক্ষ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত সম্পূৰ্ণ সহযোগিতাৰে এই উচ্ছেদ সুচাৰুৰূপে আগবাঢ়ে।

একেদিনাই এক পৃথক উচ্ছেদ অভিযানত উত্তৰ-পূব সীমান্ত ৰে’লৱেই লামডিং মণ্ডলৰ মালিগাঁও আৰু পাণ্ডু অঞ্চলত অননুমোদিত অধিবাসীসকলক আঁতৰাবলৈ এক অভিযান চলায়। কামাখ্যা চকীৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনী আৰু জালুকবাৰী আৰক্ষী থানাৰ স্থানীয় আৰক্ষীৰ সহায়ত ৰে’লৱে অভিযান্ত্ৰিক বিভাগে সফলতাৰে উচ্ছেদ অভিযান সম্পন্ন কৰে।

অভিযানৰ সময়ত, ১০টা ৰে’লৱে কোৱাৰ্টাৰৰ পৰা অবৈধ অধিবাসীসকলক কোনো হস্তক্ষেপ অবিহনে সুচাৰুৰূপে উচ্ছেদ কৰা হয়। ৰে’ল সম্পত্তি সুৰক্ষিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু অননুমোদিত দখল প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ অব্যাহত ৰাখিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলো ব্যক্তিক আইনসন্মত নিয়মাৱলী মানি চলিবলৈ আৰু অননুমোদিত দখলখালী কৰিবলৈ আহ্বান জনাইছে। নিৰ্মাণাধীন আন্তঃগাঁথনি উন্নয়নমূলক কাৰ্যসূমহত সুবিধা প্ৰদান কৰাৰ লগতে সুৰক্ষিত আৰু দক্ষ ৰে’ল পৰিচালন নিশ্চিত কৰিবলৈ ৰে’লৱে প্ৰশাসন প্ৰতিশ্ৰুতিবদ্ধ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd