মহাৰাষ্ট্ৰৰ ৰাজনীতিত আৰু এটা বিভাজন হৈছে নেকি? বিৰোধী মিত্ৰজোঁটৰ দুই অংশীদাৰ ‘মহা বিকাশ আঘাড়ী’ৰ সংঘাত পোহৰলৈ অহাৰ লগে লগেই আৰম্ভ হ’ল জল্পনা-কল্পনাৰ। শেহতীয়াকৈ এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেক প্ৰশংসা কৰা শুনা যায়। সূত্ৰ অনুসৰি এই কথা শাৰদৰ মিত্ৰ উদ্ধৱ থাকৰেই সদৰ্থকভাৱে গ্ৰহণ কৰা নাছিল।
উল্লেখ্য যে, মঙলবাৰে মহাৰাষ্ট্ৰৰ এখন সাহিত্য সন্মিলনত উপস্থিত থাকে শাৰদ। তেওঁৰ অধ্যক্ষতাত এই সন্মিলন আয়োজন কৰা হৈছিল। তাতেই একনাথক সন্মান জনোৱা হৈছিল। একেখন মঞ্চতে উপস্থিত আছিল শাৰদ আৰু একনাথ। সেই পৰ্যায়ৰ পৰাই শাৰদে মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে প্ৰশাসক সিন্দেৰ দৃষ্টিভংগীক প্ৰশংসা কৰিছিল।
মিত্ৰজোঁটৰ অংশীদাৰ উদ্ধৱ সেনাই জ্যেষ্ঠ ৰাজনীতিবিদজনৰ এই আচৰণ ভালদৰে লোৱা নাছিল। সূত্ৰ অনুসৰি উদ্ধৱে ঘনিষ্ঠ মহলে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনচিপিৰ নেতাগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত থাকিব নালাগিছিল বুলিও মন্তব্য কৰে। শাৰদৰ মন্তব্যই অন্য অংশীদাৰ আৰু কৰ্মী আৰু সমৰ্থকলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে। ৰাজনৈতিক ক্ষেত্ৰৰ বাহিৰত বিৰোধীক প্ৰশংসা কৰাটো শাৰদৰ বাবে নতুন কথা নহয়। জানুৱাৰী মাহত শাৰদৰ মুখত শুনা গৈছিল আৰএছএছৰ বিষয়টো। ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ জয়ৰ বাবে শাৰদে আৰএছএছক কৃতিত্ব দিয়ে।