ভাৰত চৰকাৰৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে (Council of Scientific and Industrial Research) সুগন্ধি অভিযান (Aroma Mission) নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবাদ কোষৰ অধ্যক্ষ ড০ ৰাজীৱ কে দ’লেই জনাইছে যে ইয়াৰ দ্বাৰা নেমু-ঘাঁহ, চিত্ৰনেলা, জিৰেনিয়াম, ভেত্তিভেৰ (খুছ), গোলাপ আদি সুগন্ধি উদ্ভিদৰ খেতি কৰা কৃষকসকল লাভৱান হ’ব পাৰিব।
দ’লেই জনাইছে যে ২০১৭ চনৰ অক্টোবৰত এই প্ৰকল্পটো ভাৰত চৰকাৰৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান গিৰীশ সাহনী আৰু লক্ষ্ণৌৰ ঔষধি আৰু সুগন্ধী উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ (Central Institute of Medicinal and Aromatic Plants)সঞ্চালক অধ্যাপক অনীল কুমাৰ ত্ৰিপাঠীয়ে শোণিতপুৰৰ ঠেলামৰা গাঁওত উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত ১২ একৰৰো অধিক ভূমি সামৰি লোৱা হৈছে।
উপলব্ধ আন্তঃগাঁথনি ব্যৱহাৰ কৰিয়েইই কৃষকসকলৰ ফচলৰ পৰা তেওঁলোকৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে এই প্ৰকল্প আৰম্ভ কৰা হৈছে।।
প্ৰথমতে ঠেলামৰা গাঁওত এটা জৰীপ আৰু সচেতনতা কাৰ্যসূচী আৰম্ভ কৰা হয়। এই প্ৰকল্প অন্তৰ্গত ‘ক্ষেত্ৰ শোধন যন্ত্ৰ’ (field distillation unit) স্থাপন কৰা হয়। ইয়াৰ সহায়ত ২৩-২৮ মে’ত সুগন্ধি শস্য চপোৱা আৰু শোধন প্ৰক্ৰিয়া এটা সফলতাৰে সম্পন্ন কৰা হয়।
বৰ্তমান নেমুঘাঁহ আৰু চিত্ৰনেলা তেলৰ প্ৰতি কেজিৰ মূল্য হৈছে ১১০০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু লক্ষ্ণৌস্থিত ঔষধি আৰু সুগন্ধী উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানে বিক্ৰীৰ ব্যৱস্থা কৰিব। উল্লেখ্য যে এই প্ৰতিষ্ঠান দুটাই কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্য আগত ৰাখি আগশাৰীৰ উদ্যোগ আৰু ৰাখি সুগন্ধি দ্ৰব্য প্ৰস্তুতকৰ্তাসকলৰ সহযোগিতাত এই সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থা কৰিব।
এই প্ৰকল্পটো নিৰীক্ষকৰ দায়িত্বত আছিল সুগন্ধি অভিযানৰ প্ৰধান অনুসন্ধানকাৰী ড০ আলোক কালৰা আৰু উত্তৰ-পূব ভাৰতৰ সমন্বয়ক বিষয়া ড০ আৰ কে শ্ৰীবাস্তৱ। কাৰিকৰী আৰু ৰচদপাতিৰে সাহাৰ্য কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ফেকাল্টি সদস্যই। ড০ ৰাজীৱ কে দ’লেই জনাইছে যে অহা কেইবছৰমানত এই অভিযানৰ অধীনত আৰু অধিক এলেকা সামৰি লোৱা হ’ব।