• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহাগ বিহুও গ’ল, মাহো গ’ল; ৰাজ্যত উৎপাদনেই নহ’ল : কৰ্মচাৰীক চৰকাৰে পিন্ধাব বহিঃৰাজ্যৰ খাদিবস্ত্ৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 28, 2018 9:51 pm
KhadiBoard
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

“অসম চৰকাৰে এটা সিদ্ধান্ত লৈছো, অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক আমি খাদি কাপোৰ উপহাৰ দিম। পুৰষৰ কাৰণে দুটাকৈ ছাৰ্ট আৰু মহিলাৰ কাৰণেও চুৰিদাৰ বা শাড়ী তেনেকুৱা কিবা দিয়া হ’ব। আমি বাজেটত ধন ধাৰ্য কৰিছো। দায়িত্বটো খাদি ব’ৰ্ডক দিছো। এই কামটো যাতে ৩১ মাৰ্চৰ ভিতৰত শেষ কৰিব পাৰো তাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ মই খাদি ব’ৰ্ডক অনুৰোধ জনাম যাতে ব’হাগ বিহুৰ দিনা সকলোকে দুটাকৈ ছাৰ্ট উপহাৰ হিচাপে দিব পাৰো।” এয়া আছিল নতুকৈ চৰকাৰ গঠনৰ উৎসাহত থকা এজন প্ৰভাৱশালী মন্ত্ৰীৰ ভাষণৰ কিয়দংশ।

কথাষাৰ নিশ্চয় সকলোৰে মনত আছে। এয়া আছিল ২০১৭ চনৰ গান্ধী জয়ন্তীৰ দিনা ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু তেতিয়াৰ খাদি আৰু গ্ৰামোদ্যোগ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি। কিন্তু সেয়া কেৱল চমক সৃষ্টিৰ বাদে যে আন একো নাছিল এতিয়া সকলোৱে বুজি উঠিছে। কাৰণ কোনো সঠিক পৰিকল্পনা, আঁচনি অবিহনেই মন্ত্ৰীজনে যে এইবোৰ আৱেগ-উচ্ছ্বাস ভৰা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল সেয়া আজি স্পষ্ট হৈ পৰিছে। কথা দিছিল এই খাদি কাপোৰবোৰ ৰাজ্যৰ বস্ত্ৰশিল্পীৰ দ্বাৰাই উৎপাদন কৰাব। ফলত গাৱঁৰ শিপিনীসকলৰ আৰ্থিক বিকাশ হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতিও হ’ল অসাৰ। দৰাচলতে কোনো আন্তঃগাঁথনি নথকাকৈয়ে, কোনো নিৰ্ধাৰিত পৰিকল্পনা নোহোৱাকৈয়ে মন্ত্ৰীজনে এই অভিলাষী আঁচনিৰ কথা ৰাজহুৱা কৰিছিল। এতিয়া বহাগ বিহু গ’ল, বহাগ মাহো পাৰ হ’ল। কিন্তু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নাপালে খাদি বস্ত্ৰৰ উপহাৰ। কেতিয়ালৈ পাব নৰ্থ-ইষ্ট নাও-এ জানিব বিচাৰে যদিও তাৰো সঠিক উত্তৰ নাই খাদি ব’ৰ্ডৰ হাতত।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক খাদি বস্ত্ৰৰ উপহাৰ দিয়া সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ড০ কমলাকান্ত কলিতাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পোহৰলৈ আহে উপহাৰ দিবলৈ কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে সন্মুখীন হোৱা সমস্যাৰ কথা।

খাদি বস্ত্ৰৰ উপহাৰ দিয়াৰ কথা ঘোষণ কৰাৰ সময়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল খাদিক জনপ্ৰিয়কৰণৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে। কৰ্মচাৰীসকলক প্ৰথমতে দুটাকৈ ছাৰ্ট উপহাৰ দিয়া হ’ব। পৰৱৰ্তী সময়ত খাদি কাপোৰৰ য়ুনিফৰ্মৰ কথাও চিন্তা কৰিব। এখোপ আগুৱাই গৈ মন্ত্ৰীজনে কৈছিল যে কৰ্মচাৰীসকলে খাদি কাপোৰ পিন্ধি ভাল পালে তেওঁলোকে তেওঁলোকৰ সন্তানৰ কাৰণেও খাদি কাপোৰ ক্ৰয় কৰিব বিচাৰিব আৰু এনেকৈয়ে ৰাজ্যত খাদিৰ জনপ্ৰিয়তা বৃদ্ধি হ’ব।

AssaneseWeaver

চিন্তাটো বেয়া নাছিল যদিও কিমান দূৰ বাস্তৱ ভিত্তিক তথা পৰিকল্পনা আধাৰিত আছিল মন্ত্ৰীজনৰ এই ঘোষণা? কৰ্মচাৰীৰ উপহাৰৰ বাবে সাজু কৰা খাদি বস্ত্ৰ সম্পৰ্কে খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই ক’লে, “অসমত খাদিৰ ইমান উৎপাদন নাই, আমাৰ যিমানখিনি নিজৰ উৎপাদনৰ পৰা দিব পাৰো দিম, তাৰ ওপৰঞ্চি আমি ৰাষ্ট্ৰীয় খাদি আয়োগৰ পৰা আনিব লাগিব।”

ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে কৰ্মচাৰীক খাদি কাপোৰ উপহাৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ খাদি ব’ৰ্ড নিৰ্ভৰ কৰিব লগীয়া হৈছে আন ৰাজ্যত প্ৰস্তুত হোৱা কাপোৰৰ ওপৰত। অৱশ্যে কিমান কাপোৰ অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিব লাগিব সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে। কিন্তু খাদি কাপোৰ ক্ৰয় কৰাৰ নামত যে অসম চৰকাৰৰ ৰাজকোষৰ ধন বহিঃৰাজ্যলৈ যাব সেয়া নিশ্চিত।

“ৰাজ্যত খাদি কাপোৰ তৈয়াৰ কৰা শিপিনীৰ অভাৱ। খাদি ব’ৰ্ডৰ অধীনত কাম কৰা শিপিনীসকল স্থায়ী নহয়। লগতে ৰাষ্ট্ৰীয় খাদি আয়োগৰ নিৰিখ অনুযায়ী তেওঁলোকে প্ৰতি মিটাৰ কাপোৰ বোৱাৰ বাবত লাভ কৰে মাত্ৰ ৯০ টকা, যিটো তেনেই তাকৰীয়া। ফলত খাদি ব’ৰ্ডৰ কাপোৰ বোৱাৰ সলনি শিপিনীসকল আন কামৰ প্ৰতিহে অধিক আগ্ৰহী হয়।” খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই এইদৰে কয়।

তেওঁ জানিব দিয়ে যে শিপিনীসকলৰ মজুৰিৰ বিষয়টো আলোচনাৰ বাবে অহা ৪ জুনত খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে শিপিনীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব। ৰাজ্যত এতিয়া শিপিনীসকলৰ ৩১ টা গোট(Cluster)এ খাদি ব’ৰ্ডৰ কাপোৰ তৈয়াৰ কৰা কাম কৰি থকা বুলিও কলিতাই প্ৰকাশ কৰে। কিন্তু এতিয়ালৈকে মজুৰিৰ বিষয়টো নিশ্চিত নোহোৱাকৈ কাম কিমান আগ বাঢ়িছে সেয়া সহজেই অনুমেয়।

আনহাতে উপহাৰ দিয়াৰ উদ্দেশ্যে কাপোৰ যোগানৰ বাবে খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডক ৰাজ্য চৰকাৰে প্ৰথমতে ৫ কোটি টকাৰ পুঁজিৰ যোগান ধৰা বুলি জনায় ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাই। তেওঁ লগতে এই পুঁজিৰ পৰিমাণ কম হোৱাত পুনৰ ১০ কোটি টকা চৰকাৰে যোগান ধৰিব বুলি জানিবলৈ দিয়ে।

ইপিনে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পুৰুষ কৰ্মচাৰীসকলৰ দুটাকৈ ছাৰ্টৰ কথাটো সম্প্ৰতি সলনি হোৱা বুলি জনালে ডাঃ কমলাকান্ত কলিতাই। চৰকাৰে এতিয়া দুটাৰ সলনি এটাকৈহে ছাৰ্ট দিব কৰ্মচাৰীক। তেওঁ জনোৱামতে বিশুদ্ধ খাদি ছাৰ্ট একোটা ব্যয়বহুল। সেয়ে দুটাৰ সলনি এটা উন্নত মানৰ ছাৰ্ট দিব চৰকাৰে।

আনহাতে, এই পৰ্যন্ত থিৰাং হোৱা নাই মহিলা কৰ্মচাৰীৰ উপহাৰ। কলিতাই কোৱামতে মহিলা সকলক একোখনকৈ খাদি ‘শ্বল’ দিয়াৰ চিন্তা-চৰ্চা চলি আছে। কিন্তু সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

কৰ্মচাৰীক খাদি কাপোৰ দিয়াৰ ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াটোত যে বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছে আৰু আচল ছবিখন এতিয়াও স্পষ্ট হোৱা নাই ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাৰ কথাৰ পৰাই স্পষ্ট হৈ পৰিছে। লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ আগত যে বিষয়টো ভালদৰে অধ্যয়ন কৰা নাছিল সেয়াও প্ৰমাণ হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd