• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক’-বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2025 9:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাক কেন্দ্ৰ কৰি কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যিদৰে সমালোচনা কৰা হৈছে সেয়া দেখি মই হতচকিত হৈ পৰিছো। মোৰ আজি এনেকুৱা লাগিছে যে ৰাজনীতি নকৰা হ’লেই ভাল আছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি পুৱাৰ ভাগত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয়।

বৰাই কয়, ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিতভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে স্বৰ্গগামী হোৱা এজন ব্যক্তিক অহেতুক বিতৰ্কলৈ টানি আনিছে। এয়া অসমীয়া পৰম্পৰাৰ বিৰোধী আৰু ভগৱানে ইয়াৰ বিচাৰ কৰিব। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত তিনিজন কেবিনেট মন্ত্ৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এজন বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু দুজন বিজেপি দলতেই আছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিন্তু তেওঁলোকৰ নাম উল্লেখ নাই। ৯০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন পুংখানুপুংখ বিশ্লেষণ নকৰাকৈ এটা মাত্ৰ ৫০২ নম্বৰ পৃষ্ঠাত থকা সাক্ষীৰ কেতবোৰ ভাষ্যক লৈ অসমত এটা হৈ-চৈৰ সৃৃষ্টি কৰা হৈছে। এই সাক্ষীজনৰ কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল। তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া উল্লেখ নাই। ৩ বছৰ পূৰ্বে দাখিল কৰা প্ৰতিবেদনখন ইমানদিন গাপ দি ৰাখি হঠাৎ নিৰ্বাচনলৈ এবছৰ থকা সময়ত গ্ৰহণ কৰি নিউজ চেনেলৰ যোগেদি এটা মাত্ৰ পৃষ্ঠা প্ৰকাশ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। উমৰাংছুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱা বিষয়টো তল পেলাবলৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ পৰ্বতসম দুৰ্নীতিৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটৰ লগত জড়িত বুলি গম পোৱাৰ পিছত ইছ্যু ডাইভাৰ্ট কৰিবলৈ বুলি এইদৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ব্যৱহাৰ কৰা হৈছে। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ এখন তালিকা ইতিমধ্যে ৰাজহুৱা কৰি থৈছে। সেই তালিকাখন সত্য নে সেয়া অসমৰ ৰাইজে জানে। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পত্নী ডলী গগৈৰ নামত চাহ বাগিছা, ৰিজ’ৰ্ট, প্ৰাইভেট স্কুল, টিভি চেনেল, বাতৰি কাকত ক্ৰয় কৰিব নোৱৰা বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ হ’ল নেকি বুলি প্ৰশ্ন কৰে।

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বৰাই কয় যে যিজন ব্যক্তিৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বৰ্গসুখ লাভ কৰিলে সেইজন ব্যক্তিক মৃত্যুৰ ৬ বছৰৰ পিছত বদনামী কৰাৰ বাবে ষড়যন্ত্ৰ কৰিলে। অসমৰ সংস্কৃতিত এনে ঘটনা আগতে ঘটা নাই আৰু ইয়াৰ বাবে ভগৱানেও হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলি তেওঁ উল্লেখ কৰে। ৰাই দুখ প্ৰকাশ কৰি কয়, যিজন তৰুণ গগৈয়ে ব্যক্তিগত স্কুল নিৰ্মাণ নকৰি ৰাজহুৱা ষ্টেডিয়াম নিৰ্মাণ কৰিলে, হাতত বন্দুক লোৱা মানুহক দেশৰ ৰাষ্ট্ৰীয় পতকাক চেল্যুট কৰিবলৈ শিকালে, ভাঙি যাবলৈ ধৰা অসমৰ অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিলে, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা আন্তঃগাথঁনি সৃষ্টি কৰিলে, সেইজন ব্যক্তিক নিজস্ব ৰাজনৈতিক স্বাৰ্থত মৃত্যুৰ পিছতো খেদি ফুৰাতো বেদনাদায়ক।

ইয়াৰোপৰি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক দুৰ্নীতিৰ চৰ্দাৰ আছিল বুলি কৰা মন্তব্যক সমালোচনা কৰি বৰাই কয় যে, সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে যদি দুৰ্নীতিৰ চৰ্দাৰ আছিল তেন্তে সেই সময়ৰ বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালে কিয় গগৈৰ বিৰুদ্ধে তদন্তৰ দাবী নকৰি সেই সময়ৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ চৰ্দাৰ বুলি কিতাপ প্ৰকাশ কৰিছিল? বৰাই তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰি কয় যে দিলীপ শইকীয়াই এতিয়া সৰ্বানন্দ সোণোৱালৰ বিপক্ষে কৈছে নে হিমন্তৰ শ্ৰুতলিপি মতে কৈছে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd