• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ ৩১০ টা ঘৰচীয়া হাতী আছে বহিঃৰাজ্যতঃ  ঘূৰাই অনাত থকা ব্যৰ্থতা স্বীকাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 9:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুঠ ৩১০টা ঘৰচীয়া হাতী বর্তমান বিভিন্ন কাৰণত অন্য ৰাজ্যত আছে বুলি জানিব পৰা গৈছে।প্ৰকাশ্য তথ্য অনুসৰি, ইয়াৰ ভিতৰত বিহাৰত আছে অসমৰ ১৬২টাকৈ ঘৰচীয়া হাতী। আনহাতে অসমৰ ৯৩টাকৈ হাতী আছে উত্তৰ প্ৰদেশত। কালি অৰ্থাৎ বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত বিধায়ক আছিফ মঃ নাজাৰৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

পাটোৱাৰীয়ে সদৰী কৰামতে কেৰালাত ১৩টা, গুজৰাটত ১২টা, কর্ণাটকত ৪টা, অন্ধ্রপ্রদেশত ২টা, পশ্চিমবংগত ৩টা, তামিলনাডুত ৭টা, হাৰিয়ানাত ৩টা, উৰিষ্যাত ২টা, ঝাৰখণ্ডত ৫টা, মহাৰাষ্ট্ৰত ৩টা আৰু পঞ্জাবত ১টা অসমৰ ঘৰচীয়া হাতী আছে।

Apply Now

আনহাতে অসমৰ মুখ্য বন্যপ্রাণী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা তামিলনাডু মুখ্য বন্যপ্রাণী অধীক্ষকৰ কাৰ্যালয়লৈ ৯টা ঘৰচীয়া হাতী ওভতাই অনাৰ বাবে প্রচেষ্টা হাতত লোৱা হৈছিল যদিও বর্তমানলৈ কোনো হাতী ওভতাই আনিব পৰা হোৱা নাই বুলিও বন মন্ত্রীয়ে অকপটে স্বীকাৰ কৰে।

কালিৰ দিনটোতে বটদ্ৰৱাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই উত্থাপন কৰা এক লিখিত প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰী পাটোৱাৰীয়ে গুজৰাটৰ জামনগৰত থকা ‘বনতৰা’ নামৰ ব্যক্তিগত চিৰিয়াখানালৈ বৰ্তমান অসমৰ পৰা কোনো জীৱ-জন্তু নিয়া হোৱা নাই বুলি জনায়।

তদুপৰি গুৱাহাটী চিৰিয়াখানাৰ পৰা আৰু অসমৰ অন্য প্রান্তৰ কোনো জীৱ-জন্তু ‘বনতৰালৈ’ নিয়া হোৱা নাই আৰু বর্তমানলৈ অসমৰ মাজেদি কাষৰীয়া ৰাজ্যৰ পৰা জীৱ-জন্তু বনতৰালৈ নিয়া সন্দর্ভত বন বিভাগ জ্ঞাত নহয় বুলি বন মন্ত্ৰীয়ে সদৰী কৰে।

কালিৰ দিনটোতে গুজৰাটলৈ হাতী স্থানান্তৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা লিখিত প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে সদৰী কৰামতে অসমৰ পৰা ২০ খন এনিমেল এম্বুলেন্সত হাতী গুজৰাটলৈ লৈ যোৱা কথাটো সঁচা নহয় আৰু অসমৰ পৰা গুজৰাটৰ ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানালৈ কোনো হাতী দিয়া হোৱা নাই।

তদুপৰি অসমৰ জীৱ-জন্তু বাহিৰৰ ৰাজ্যৰ ব্যক্তিগত চিৰিয়াখানালৈ নিয়াৰ ক্ষেত্ৰত প্রচলিত বন আইন আৰু ৰাজ্য চৰকাৰৰ নীতি কি বুলিও এটা প্রশ্ন উত্থাপন কৰে বিধায়িকা শিৱামণি বৰাই। এই প্ৰশ্নৰ উত্তৰত তেওঁ জনোৱামতে বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ছেকচন-১ অনুসৰি ভাৰত চৰকাৰৰ কেন্দ্রীয় বন আৰু পৰিবেশ মন্ত্ৰ্যালয়ৰ অধীনত কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ পশু বিনিময় কাৰ্যসূচীৰ অধীনত চিৰিয়াখানাসমূহৰ মাজত জীৱ-জন্তু অধিগ্রহণ, বিক্রী বা স্থানান্তৰ কৰা হয়। এইক্ষেত্ৰত কেন্দ্রীয় চিৰিয়াখানা কর্তৃপক্ষই প্রদান কৰা নির্দেশনা পালন কৰা হয় বুলি পাটোৱাৰীয়ে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd