অসমৰ মুঠ ৩১০টা ঘৰচীয়া হাতী বর্তমান বিভিন্ন কাৰণত অন্য ৰাজ্যত আছে বুলি জানিব পৰা গৈছে।প্ৰকাশ্য তথ্য অনুসৰি, ইয়াৰ ভিতৰত বিহাৰত আছে অসমৰ ১৬২টাকৈ ঘৰচীয়া হাতী। আনহাতে অসমৰ ৯৩টাকৈ হাতী আছে উত্তৰ প্ৰদেশত। কালি অৰ্থাৎ বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত বিধায়ক আছিফ মঃ নাজাৰৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
পাটোৱাৰীয়ে সদৰী কৰামতে কেৰালাত ১৩টা, গুজৰাটত ১২টা, কর্ণাটকত ৪টা, অন্ধ্রপ্রদেশত ২টা, পশ্চিমবংগত ৩টা, তামিলনাডুত ৭টা, হাৰিয়ানাত ৩টা, উৰিষ্যাত ২টা, ঝাৰখণ্ডত ৫টা, মহাৰাষ্ট্ৰত ৩টা আৰু পঞ্জাবত ১টা অসমৰ ঘৰচীয়া হাতী আছে।
আনহাতে অসমৰ মুখ্য বন্যপ্রাণী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা তামিলনাডু মুখ্য বন্যপ্রাণী অধীক্ষকৰ কাৰ্যালয়লৈ ৯টা ঘৰচীয়া হাতী ওভতাই অনাৰ বাবে প্রচেষ্টা হাতত লোৱা হৈছিল যদিও বর্তমানলৈ কোনো হাতী ওভতাই আনিব পৰা হোৱা নাই বুলিও বন মন্ত্রীয়ে অকপটে স্বীকাৰ কৰে।
কালিৰ দিনটোতে বটদ্ৰৱাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই উত্থাপন কৰা এক লিখিত প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰী পাটোৱাৰীয়ে গুজৰাটৰ জামনগৰত থকা ‘বনতৰা’ নামৰ ব্যক্তিগত চিৰিয়াখানালৈ বৰ্তমান অসমৰ পৰা কোনো জীৱ-জন্তু নিয়া হোৱা নাই বুলি জনায়।
তদুপৰি গুৱাহাটী চিৰিয়াখানাৰ পৰা আৰু অসমৰ অন্য প্রান্তৰ কোনো জীৱ-জন্তু ‘বনতৰালৈ’ নিয়া হোৱা নাই আৰু বর্তমানলৈ অসমৰ মাজেদি কাষৰীয়া ৰাজ্যৰ পৰা জীৱ-জন্তু বনতৰালৈ নিয়া সন্দর্ভত বন বিভাগ জ্ঞাত নহয় বুলি বন মন্ত্ৰীয়ে সদৰী কৰে।
কালিৰ দিনটোতে গুজৰাটলৈ হাতী স্থানান্তৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা লিখিত প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে সদৰী কৰামতে অসমৰ পৰা ২০ খন এনিমেল এম্বুলেন্সত হাতী গুজৰাটলৈ লৈ যোৱা কথাটো সঁচা নহয় আৰু অসমৰ পৰা গুজৰাটৰ ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানালৈ কোনো হাতী দিয়া হোৱা নাই।
তদুপৰি অসমৰ জীৱ-জন্তু বাহিৰৰ ৰাজ্যৰ ব্যক্তিগত চিৰিয়াখানালৈ নিয়াৰ ক্ষেত্ৰত প্রচলিত বন আইন আৰু ৰাজ্য চৰকাৰৰ নীতি কি বুলিও এটা প্রশ্ন উত্থাপন কৰে বিধায়িকা শিৱামণি বৰাই। এই প্ৰশ্নৰ উত্তৰত তেওঁ জনোৱামতে বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ছেকচন-১ অনুসৰি ভাৰত চৰকাৰৰ কেন্দ্রীয় বন আৰু পৰিবেশ মন্ত্ৰ্যালয়ৰ অধীনত কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ পশু বিনিময় কাৰ্যসূচীৰ অধীনত চিৰিয়াখানাসমূহৰ মাজত জীৱ-জন্তু অধিগ্রহণ, বিক্রী বা স্থানান্তৰ কৰা হয়। এইক্ষেত্ৰত কেন্দ্রীয় চিৰিয়াখানা কর্তৃপক্ষই প্রদান কৰা নির্দেশনা পালন কৰা হয় বুলি পাটোৱাৰীয়ে কয়।