• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মিশিগানৰ প’ৰ্ট হুৰনত অনুষ্ঠিত নিৰ্বাচনী সভাত পপ গায়িকা নিকি মিনাজক লৈ এক বিতৰ্কিত মন্তব্য কৰে। মিনাজৰ শৰীৰক লৈ কৰা এই মন্তব্যক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ওচৰত ক্ষমাও প্ৰাৰ্থনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2026 9:21 pm
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱেম্বৰৰ মধ্যকালীন নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ৰিপাব্লিকান প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দেওবাৰে মিশিগানৰ প’ৰ্ট হুৰনত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতিৰ বিশেষ বিমান ‘এয়াৰ ফৰ্চ ৱান’ত ট্ৰাম্পৰ সৈতে যাত্ৰা কৰা জনপ্ৰিয় পপ গায়িকা নিকি মিনাজেও এই সভাত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীক মুকলিকৈ সমৰ্থন জনায়। সোণালী ৰঙৰ গুচ্চি ব্ৰেণ্ডৰ পোছাক পৰিধান কৰি উপস্থিত হোৱা মিনাজে নিজেকে ট্ৰাম্পৰ ‘এক নম্বৰ অনুৰাগী’ বুলি অভিহিত কৰে।

 

Apply Now

সভাৰ অন্তত ভাষণ প্ৰসংগত ট্ৰাম্পে মিনাজৰ প্ৰশংসা কৰিবলৈ গৈ তেওঁৰ শৰীৰক লৈ এক বিতৰ্কিত মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “এটা কথা কওঁ, মই আগতে এটা ধুনীয়া নিতম্ব দেখিছোঁ—সেয়া নিকি মিনাজৰ। চকুত নপৰাকৈ থকাটো কঠিন।” ইয়াৰ পিছতে মিনাজক থিয় হ’বলগীয়া অনুৰোধ জনোৱাত উপস্থিত জনতাই হাত চাপৰিৰে সঁহাৰি জনায়। লগে লগে ট্ৰাম্পে “নিকি অপমানিত হোৱা নাই বুলি আশা কৰোঁ। কিন্তু আমি নিকিক ভাল পাওঁ” বুলি কৈ তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতেও ট্ৰাম্পে অহাইঅ’ৰ ছিনেটৰ জন হাষ্টেডৰ শৰীৰক লৈ একেধৰণৰ মন্তব্য কৰি চৰ্চালৈ আহিছিল।

 

মিশিগানৰ এই সভাত ডেম’ক্ৰেটিক দলৰ ছিনেট প্ৰাৰ্থী আব্দুল এল-ছায়েদক লক্ষ্য কৰিও আক্ৰমণাত্মক মন্তব্য কৰে ট্ৰাম্পে। এল-ছায়েদৰ মুছলমান ধৰ্মীয় পৰিচয়ক লৈ কটাক্ষ কৰি তেওঁ কয় যে এল-ছায়েদ নিৰ্বাচিত হ’লে আমেৰিকালৈ ‘জিহাদী’সকলক আমন্ত্ৰণ জনাব। ইফালে, ট্ৰাম্পৰ এই ইছলামবিদ্বেষী মন্তব্যৰ বিৰোধিতা কৰি এল-ছায়েদে কয় যে নিজৰ প্ৰশাসনৰ বিফলতাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈহে ৰাষ্ট্ৰপতিয়ে তেওঁৰ ধৰ্মীয় পৰিচয়টোক বাৰে বাৰে ব্যৱহাৰ কৰিছে।

 

নিৰ্বাচনী সভাত পপ গায়িকা নিকি মিনাজক লৈ কৰা ট্ৰাম্পৰ মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যদিও ট্ৰাম্পে লগে লগে ক্ষমা প্ৰাৰ্থনা কৰিলে, তথাপিও তেওঁৰ এই বক্তব্যই সামাজিক মাধ্যমত ব্যাপক আলোচনাৰ জন্ম দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হুয়াঙৰ প্ৰত্যাৱৰ্তনতে এনভিডিয়াৰ বজাৰ মূল্য বৃদ্ধি প্ৰায় ১ লাখ কোটি ডলাৰ! ৩১ শতাংশ উৰ্ধমুখী শ্বেয়াৰ

হুয়াঙৰ প্ৰত্যাৱৰ্তনতে এনভিডিয়াৰ বজাৰ মূল্য বৃদ্ধি প্ৰায় ১ লাখ কোটি ডলাৰ! ৩১ শতাংশ উৰ্ধমুখী শ্বেয়াৰ

November 24, 2026 11:15 am
ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

November 24, 2026 10:18 am
“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

“ইস্ত্ৰি কৰা কাপোৰ পিন্ধি চৰকাৰৰ লগত হিচাপ-নিকাচ”- আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক তীব্ৰ কটাক্ষ গোবিন্দ চন্দ্ৰ ৰাভাৰ

November 24, 2026 9:46 am
ইডিয়ে সংলগ্ন কৰিলে প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সৈতে জড়িত ৭০.০৯ লাখ টকাৰ সম্পত্তি

ইডিয়ে সংলগ্ন কৰিলে প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সৈতে জড়িত ৭০.০৯ লাখ টকাৰ সম্পত্তি

November 24, 2026 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হুয়াঙৰ প্ৰত্যাৱৰ্তনতে এনভিডিয়াৰ বজাৰ মূল্য বৃদ্ধি প্ৰায় ১ লাখ কোটি ডলাৰ! ৩১ শতাংশ উৰ্ধমুখী শ্বেয়াৰ

হুয়াঙৰ প্ৰত্যাৱৰ্তনতে এনভিডিয়াৰ বজাৰ মূল্য বৃদ্ধি প্ৰায় ১ লাখ কোটি ডলাৰ! ৩১ শতাংশ উৰ্ধমুখী শ্বেয়াৰ

November 24, 2026 11:15 am
ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

ডিচেম্বৰতে দেশলৈ উভতিব শ্বেখ হাছিনা; ঘোষণা কৰিলে তাৰিখ, উত্তেজনা বাংলাদেশত

November 24, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd