• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোক সহজভাৱে নল’ব’, একনাথ শিণ্ডেৰ মন্তব্যই জোকাৰণি তুলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 22, 2025 11:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ মহাজোটত ফাট মেলিছে? মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ মন্তব্যক কেন্দ্ৰ কৰি এই জল্পনা-কল্পনা বাঢ়িছে। বিগত কিছুদিন ধৰি একনাথ শিণ্ডে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ মাজৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰিছে। শুকুৰবাৰে তেওঁ মন্তব্য কৰে যে তেওঁৰ বাবেই ২০২২ চনত মহাৰাষ্ট্ৰৰ চৰকাৰ সলনি হৈছিল। তেওঁক এতিয়াও যাতে কোনেও সহজভাৱে নলয় তাৰ পৰামৰ্শ দিয়ে একনাথ শিণ্ডেই। এই মন্তব্য কৰাৰ সময়ত তেওঁ কাৰো নাম উল্লেখ কৰা নাছিল। কিন্তু তাৰ পিছতেই তেওঁৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ মাজৰ দূৰত্বক লৈ আলোচনা আৰম্ভ হয়।

উল্লেখ্য যে মহাৰাষ্ট্ৰত চৰকাৰ গঠন হোৱাৰ পূর্বেও কোন মুখ্যমন্ত্রী হ’ব সেই সন্দর্ভত আলোচনা চলি আছিল৷ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ দেৱেন্দ্ৰ ফাড়নৱিছে মুখ্যমন্ত্ৰীৰ চকীত বহিল। অৱশ্যে একনাথ শিণ্ডেৰ লগত খিটখাট আৰু বিবাদ অব্যাহত থাকিল। দুয়োৰে মাজত চলি থকা শীতল যুদ্ধ শুকুৰবাৰে পোহৰলৈ আহে।

Apply Now

শুকুৰবাৰে শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডেই কয় যে তেওঁক কোনেও সহজভাৱে ল’ব নালাগে। তেওঁ কয়, “মোক সহজভাৱে নল’ব। মোক সহজভাৱে ল’লে ভুল হ’ব। মনত ৰাখিব, ২০২২ চনত মইয়েই চৰকাৰক ভাঙিছিলো।‘’

জানিব পৰা মতে, একনাথ শিণ্ডেই যোৱা কেইদিনমানত মহাৰাষ্ট্ৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী এৰি চলিছে। তদুপৰি তেওঁৰ কাৰ্যকালৰ কেইবাটাও প্ৰকল্প এতিয়া স্থগিত ৰখা হৈছে। একনাথ শিণ্ডেৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰা জালনাৰ বাবে ৯০০ কোটি টকাৰ প্ৰকল্প স্থগিত ৰাখিছে বৰ্তমানৰ চৰকাৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ তদন্তৰো নিৰ্দেশ দিছে।

ইয়াৰ পিছতে একনাথ শিণ্ডেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিলে। সাংবাদিকৰ সৈতে বাৰ্তালাপত তেওঁ নিজকে এজন সাধাৰণ দলীয় কৰ্মী বুলি পৰিচয় দিয়ে। ইয়াৰ লগতে তেওঁ নিজকে বালাচাহেব থাকৰেৰ শিষ্য আৰু কৰ্মী বুলিও উল্লেখ কৰে। তেওঁ কয় যে যেতিয়া সকলোৱে তেওঁক সহজভাৱে লৈছিল, তেতিয়া তেওঁৱেই মহাৰাষ্ট্ৰ চৰকাৰক উফৰাই পেলাইছিল। একনাথে কয়, “মই আৰু দেৱেন্দ্ৰই কৈছিলো যে আমি ২০০ৰো অধিক আসন লাভ কৰি চৰকাৰলৈ আহিম। আমি ২৩২ খন আসন লাভ কৰিছো। এইটো ইংগিত যিটো যি বুজিব লাগে সেইটো বুজি ল’ব।”

আনহাতে, একনাথ শিণ্ডে শিবিৰৰ বহু বিধায়কৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে। এই কাৰণেই তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে বুলিও জানিব পৰা গৈছে।

প্ৰসংগক্ৰমে ২০২২ চনত শিৱসেনা ভংগ হয়। মহাৰাষ্ট্ৰত পতন ঘটিছিল উদ্ধৱ থাকৰেৰ চৰকাৰ। তাৰ আঁৰত আছিল একনাথ। তেওঁ দলৰ পৰা ৪০ জন বিধায়ক লৈ ওলাই আহিছিল। দীৰ্ঘদিন ধৰি অস্থিৰতাৰ অন্তত বিজেপি আৰু নতুন শিৱসেনাৰ উদ্যোগত চৰকাৰ গঠন কৰা হয়। একনাথক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল। যোৱা বছৰ তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল। বহুতে কয় যে একনাথ শিণ্ডে মুখ্যমন্ত্ৰীৰ পদ এৰিব বিচৰা নাছিল। পৰিস্থিতিৰ হেঁচাত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd