পাঁচদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত।
২০২৫ চনত আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপনৰ উপলক্ষ্যে কৰা ভ্ৰমণৰ অংশ হিচাপে এই অসমলৈ আহিছে হিন্দুত্ববাদী নেতাগৰাকী।
সূচী অনুসৰি শুকুৰবাৰে বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ গুৱাহাটীৰ বৰবাৰী স্থানীয় সুদৰ্শনালয়ত উপস্থিত হয় মোহন ভাগৱত।
এই ভ্ৰমণৰ সময়ত ভাগৱতে আৰ এছ এছৰ কৰ্মকৰ্তা/স্বেচ্ছাসেৱকসকলৰ সৈতে মত বিনিময় কৰিব আৰু লগতে বিভিন্ন সমাৱেশত তেওঁ সামাজিক সম্প্ৰীতি, নাগৰিকৰ কৰ্তব্য, পৰিৱেশ সুৰক্ষা, আৰু আদৰ্শ পৰিয়ালৰ মূল্যবোধ গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ দিব।
২২ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী আই আই টিত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এখন সভাত ভাষণ দিব, তাৰ পিছত ভাগৱতে শাওকুচিৰ চাউথ পইণ্ট হাইস্কুলত বৌদ্ধিক কাৰ্যসূচীত উপস্থিত হ’ব। য’ত হাজাৰ হাজাৰ আৰ এছ এছৰ কৰ্মকৰ্তা উপস্থিত থাকিব।
এই কাৰ্যসূচীৰ উপৰিও সংঘৰ প্ৰচাৰক আৰু মহানগৰীৰ অন্যান্য গণ্যমান্য ব্যক্তিৰ সৈতেও দুই-এখন বৈঠকত অংশগ্ৰহণ কৰিব।
অহা ২৬ ফেব্ৰুৱাৰীত তেওঁ অসম এৰি অৰুণাচল প্ৰদেশলৈ যাব। অৰুণাচল প্ৰদেশত ভ্ৰমণ শেষ কৰি পুনৰ নিজ স্থানলৈ ঘূৰি যাব।