• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এডভান্টেজ আসাম : অসম চৰকাৰলৈ ৬ টা পৰামৰ্শ ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 8:32 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৫,২৬ ফেব্ৰুৱাৰীত অসমত বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ দ্বিতীয়বাৰৰ বাবে ‘Advantage Assam’ আয়োজন কৰা হৈছে । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এনে পদক্ষেপক স্বাগতম জনায়ো কয় যে কিন্তু এই ক্ষেত্ৰত ২০১৭ চনত অনুষ্ঠিত ‘Advantage Assam’ ৰ পৰা হোৱা অভিজ্ঞতাৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰে কিছু বিশেষ ব্যৱস্থা ল’ব লাগে ।

সাধাৰণ সম্পাদক ৰাছেল হুছেইনে প্ৰশ্ন কৰে প্ৰথমখন ‘ Advantage Assam’ পৰা অসমে কি পালে আৰু কি হেৰুৱালে? বৰং পৰৱৰ্তী সময়ত ক’ভিড কালত অসমৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়, ৰেস্তুৰেন্ট বন্ধ হৈ গ’ল । ফলত এক বৃহৎ সংখ্যক নতুন প্ৰজন্মৰ ব্যৱসায়ীয়ে চিৰকালৰ বাবে আৰ্থিক ঋণগ্ৰস্ত হৈ পৰিলে । এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এই সকল ব্যৱসায়ীক উদ্ধাৰ কৰাৰ বাবে কোনো বিশেষ ব্যৱস্থা লোৱা নহ’ল । এইখিনিতেই এটা কথা উল্লেখ কৰিব লাগিব যে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫০% অংশীদাৰিত্ব এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ । এনে পৰিপ্ৰেক্ষিতত চৰকাৰে কিছু বিশেষ ব্যৱস্থা ল’ব লাগে যাতে আমি অৰ্থনৈতিক স্বাৱলম্বীতা কেৱল কেইটিমান বৃহৎ উদ্যোগ গোষ্ঠীৰ মাজতে সীমাবদ্ধ নাৰাখি অসমৰ হাজাৰ হাজাৰ নতুন উঠি অহা প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো । হুছেইনে এই ক্ষেত্ৰত  চৰকাৰক কেতবোৰ পৰামৰ্শ আগবঢ়ায়।

Apply Now

১) এই Advantage Assam ৰ পৰা কুফল পাবলৈ অসম চৰকাৰে কিছু দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব লাগিব, যাতে এই অনুষ্ঠানটো যোৱাবাৰৰ দৰে কেৱল উৎসৱ আৰু মহোৎসৱতে পৰিসমাপ্তি নঘটে । বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ পিছত তেওঁলোকৰ পৰা স্থায়িত্ব পাবলৈ ৰাজ্যখনৰ আইন শৃংখলাৰ লগতে আন্তঃগাঁঠনি সুদৃঢ় কৰিব লাগিব। যাতে বিনিয়োগকাৰী সকলে উদ্যোগীকৰণৰ বাবে এটা সুস্থ পৰিৱেশ দেখা পায়।

২) বৃহৎ ব্যৱসায়ীক গোষ্ঠীবোৰে বৃহৎ উদ্যোগ গঠন কৰাৰ পিছত থলুৱাক বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰিবৰ বাবে বাহিৰৰ পৰা কৰ্মচাৰী আমদানি কৰা বন্ধ কৰিব লাগিব, যাতে থলুৱাৰ বাবে চৰকাৰৰ এই পদক্ষেপ ফলপ্ৰসূ হয় । Skilled পদবোৰত প্ৰাৰম্ভিক পৰ্য্যায়ত ৰাজ্যৰ বাহিৰৰ লোকক সংস্থাপিত কৰিলেও পৰৱৰ্তী পৰ্যায়ত স্থানীয় ভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি থলুৱাক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগে ।

৩) বৃহৎ উদ্যোগবোৰে সামগ্ৰী উৎপাদন কৰোতে বহু আনুষংগিক সামগ্ৰীৰ প্ৰয়োজন হয় । এই সামগ্ৰী সমূহ বহিঃৰাজ্যৰ পৰা আমদানি নকৰি স্থানীয় ভাৱে উৎপাদন কৰিবলৈ স্থানীয়ভাৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে, যাতে থলুৱা ক্ষুদ্ৰ উদ্যোগী সকল ইয়াৰ পৰা উপকৃত হয় ।

৪) কোম্পানী সমূহে বিভিন্ন সময়ত বিভিন্ন আনুষংগিক সামগ্ৰী কৰোতে স্থানীয় ভাৱে নিবিদাৰ ব্যৱস্থা কৰি থলুৱা ব্যৱসায়ী সকলক যাতে অগ্ৰাধিকাৰ দিয়ে তাৰ ব্যৱস্থা চৰকাৰে ল’ব লাগে ।

৫) বিনিয়োগকাৰী সকলে উপযুক্ত পৰিকাঠামোৰ অভাৱত ভৱিষ্যতে ৰাজ্যখনৰ পৰা গুচি নাযায় তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহন ব্যৱস্থা, মালবাহী ৰেল আৰু সকলো ধৰণৰ সুব্যৱস্থা গঢ়ি তুলি এটা সুসংগঠিত Eco system গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে।

৬) ২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ অহাৰ পিছত Look east policy ৰ নাম সলাই Act east policy কৰা হ’ল । দক্ষিণ পূৱ এছিয়াক উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ হিচাপে গণ্য কৰি উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত আজিও কোনো ধৰণৰ চকুত লগা ব্যৱস্থা চৰকাৰে লোৱা আজি পৰ্য্যন্ত দেখা পোৱা নগ’ল । সেইবাবে চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, ম্যানমাৰ ইত্যাদিৰ লগত ৰপ্তানিৰ বাবে সহজ ব্যৱস্থা ল’ ব লাগে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd