• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাচিনৰ দুৰ্দান্ত বেটিঙেৰে চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ জয়; অন্তিম চাৰিত ভাৰত! বাহিৰ পাকিস্তান, বাংলাদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 9:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজিলেণ্ডৰ হাতত এতিয়া চাৰিটাকৈ পইণ্ট। বাংলাদেশ আৰু পাকিস্তানক পৰাস্ত কৰিছে দুয়োখন দেশে। ভাৰত আৰু নিউজিলেণ্ডে গ্ৰুপৰ শীৰ্ষ দুটা দল হিচাপে শেষ কৰাটো নিশ্চিত। কাৰণ পাকিস্তান-বাংলাদেশৰ খেলখনত যিয়েই জয়ী নহ’ওক তেওঁলোকে চাৰি পইণ্ট নাপাব। গতিকে তেওঁলোক চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ’ল। এইবাৰ ভাৰত-নিউজিলেণ্ডৰ খেলখনে সিদ্ধান্ত ল’ব কোনখন দেশে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিব।

ত্ৰিদেশীয় ছিৰিজত কেচ ধৰাৰ সময়ত তেওঁৰ কপালখন ফাটি গৈছিল। চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিব নে নাই সেই লৈ সন্দেহৰ সৃষ্টি হৈছিল। প্ৰথমখন মেচত খেলিব নোৱাৰিলে কাৰণ তেওঁৰ আঘাত ভাল হোৱা নাছিল। দ্বিতীয়খন মেচত শতক অৰ্জন কৰিলে ৰাচিনে। নিউজিলেণ্ডে তেওঁক কিয় ইমান মূল্য দিয়ে সেয়া আকৌ এবাৰ স্পষ্ট হৈ পৰিল।

Apply Now

আইচিচিৰ প্ৰতিযোগিতাত মাত্ৰ ১১খন মেচত চাৰিটা শতক অৰ্জন কৰিছে ৰাচিনে। নিউজিলেণ্ডৰ কোনো ক্ৰিকেটাৰে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাই। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ৰাচিনে তিনিটা শতক অৰ্জন কৰিছিল।

নিউজিলেণ্ডৰ ৱেলিংটনত ভাৰতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰাচিন। তেওঁৰ পিতৃ ৰবি কৃষ্ণমূৰ্তি পেছাত এজন চফটৱেৰ ইঞ্জিনিয়াৰ। মা দীপা এগৰাকী গৃহিণী। ৰবিয়ে নব্বৈৰ দশকত বাংগালুৰুৰ পৰা ৱেলিংটনলৈ গুচি যায়। তাতেই তেওঁ হেট হকছ ক্লাব প্ৰতিষ্ঠা কৰে।

বাংগালুৰুত থকাৰ পৰাই ৰবিৰ ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ আছিল। তেওঁ অলপ খেলা-ধূলাও কৰিছিল। তেওঁৰ পুত্ৰ ক্ৰিকেটাৰ হোৱাটোও তেওঁ বিচাৰিছিল। পৰিয়ালৰ সহযোগত ৰাচিনে ক্ৰিকেটাৰ হিচাপে ক্ৰমান্বয়ে নিজকে গঢ় লৈ উঠিছিল। নিউজিলেণ্ডৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত দুবাৰ খেলিছিল। ২০১৬ চনত এবাৰ, আৰু ২০১৯ চনত এবাৰ। তেওঁ এতিয়া তিনিওটা ফৰ্মেটতে নিয়মীয়াকৈ দেশৰ হৈ খেলি আছে।

নিউজিলেণ্ডে টছত জয়লাভ কৰি সোমবাৰে ৰাৱালপিণ্ডিত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমেই বেটিঙত সমস্যাৰ সন্মুখীন হ’ল বাংলাদেশ। অৱশ্যে লাইটৰ তলত খেলিবলৈ নিউজিলেণ্ডৰ কোনো সমস্যা নাছিল। ২৩৭ ৰান খেদি তেওঁলোকে অনায়াসে ইনিংছ আগুৱাই লৈ যায়। কিন্তু আৰম্ভ কৰিয়েই উজুটি খাইছিল। পূর্বৰ মেচখনত শতক অর্জন কৰা উইল ইয়ঙক প্রথম অভাৰত টাস্কিন আহমেদে আউট কৰে৷

ইয়ঙ আউট হোৱাৰ পিছত  টাস্কিনে মেচখন জয়ী হোৱাৰ দৰে উল্লাস প্ৰদৰ্শন কৰে। চতুৰ্থ অভাৰত কেন উইলিয়ামছন (৫) উভতি যোৱাৰ লগে লগে উল্লাস আৰু দুৰ্বাৰ হৈ পৰে। ৰাচিন আৰু ডেভন কনৱে (৩০) কিছু নিয়ন্ত্ৰণ লাভ কৰে। অৱশ্যে কনৱেই ৭২ ৰান সংগ্ৰহ কৰি ঘূৰি অহাত পুনৰ চাপত পৰে নিউজিলেণ্ড।

তাৰ পিছতে কঠিন বাস্তৱলৈ ঘূৰি আহিব লগা হ’ল বাংলাদেশ। ৰাচিন আৰু টম লেথাম উইকেটত খুটি পুতি বহিছিল। এদিনীয়া ক্ৰিকেটত জয়ী হ’বলৈ হ’লে মিডল অভাৰত উইকেট ল’ব লাগিব। বাংলাদেশৰ বলাৰসকলে সেয়া কৰিব নোৱাৰিলে। চতুৰ্থ উইকেটৰ বাবে ৰাচিন আৰু লাথামে ১২৯ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। তেওঁলোকে প্ৰায় ২৩ অভাৰ খেলিছিল।

সেইখিনিতে বাংলাদেশে নিজৰ ছন্দ হেৰুৱাই পেলায়। বাংলাদেশৰ স্পিনাৰসকলে মাজতে ৰান ৰেট লেহেমীয়া কৰিছিল। কিন্তু হঠাৎ অধিনায়ক নাজমুল হোছেইন শান্ত বল কৰিবলৈ আহি এটা অভাৰত ১২ ৰান দি পুনৰ ৰান ৰেট বৃদ্ধি কৰে।

দুশৰ সীমা অতিক্ৰম কৰাৰ পিছত নিউজিলেণ্ডে ৰাচিন (১১২) আৰু লেথাম (৫৫)ক হেৰুৱায়। কিন্তু বিপদত পৰাৰ কোনো প্ৰয়োজন নাছিল। গ্লেন ফিলিপছ আৰু মাইকেল ব্ৰেচৱেলে দলটোক সহজ জয়ৰ দিশত আগুৱাই লৈ যায়।

ৰাৱালপিণ্ডিত এইখনেই আছিল প্ৰথমখন চেম্পিয়নছ ট্ৰফী মেচ। ২০২৩ চনৰ পিছত ইয়াত এই খেলখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। এই খেলপথাৰখনত বিগত সময়ত ৰানৰ জোৱাৰ দেখা গৈছিল। অৱশ্যে নাজমুল হোছেইন শান্ত আৰু জাকেৰ আলীৰ বাহিৰে আন কোনো বাংলাদেশী বেটছমেনে ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। মিডল অৰ্ডাৰে পুনৰ বাংলাদেশৰ বাবে সমস্যাৰ সৃষ্টি কৰে।

নাজমুল আৰু তাঞ্জিদ হাছানৰ আৰম্ভণি বেয়া হোৱা নাছিল। তেওঁলোকৰ ৰান ৰেট আছিল পাঁচৰ ওপৰত। নৱম অভাৰত তাঞ্জিদে (২৪) আউট হোৱাৰ পাছত ৰানৰ হাৰ লেহেমীয়া হ’বলৈ আৰম্ভ কৰে। এটা দিশ শান্তে ধৰি ৰখাৰ পাছতো বাংলাদেশে আনটো দিশত এটাৰ পাছত এটাকৈ উইকেট হেৰুৱাই থাকে৷

মেহেদী হাছান মিৰাজ (১৩), তৌহিদ হৃদয় (৭), মুছফিকুৰ ৰহিম (২), মাহমুদুল্লাহ (৪) বিফল হয়। জেকাৰে দলটোৰ পতন ৰোধ কৰে। শান্তৰ সৈতে ষষ্ঠ উইকেটত ৪৫ ৰান সংযোজন কৰে। চাপৰ বাবে শান্তই আক্ৰমণাত্মক নিজৰ শ্বট খেলা নাছিল। লাহে ধীৰে খেলি আছিল। এটা সময়ত এনে লাগিছিল যেন বাংলাদেশৰ অধিনায়কে শতক অৰ্জন কৰিব। কিন্তু উইলিয়াম অ’ৰ’ৰ্কৰ ডেলিভাৰীত উঠাই মাৰিবলৈ চেষ্টা কৰোতে ব্ৰেচৱেলৰ হাতত ধৰা পৰে।

জেকাৰে অলপ বেছি আক্ৰমণাত্মক খেলিবলৈ চেষ্টা কৰিছিল যদিও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। লেথামৰ থ্ৰ’ত ৰান আউট কৰি উভতি যায়। শেষত বাংলাদেশে ২৩৬/৯ স্ক’ৰত ৰৈ যায়। ২৩টা বল খেলিবলৈ বাকী থকা অৱস্থাত নিউজিলেণ্ডে সেই ৰাণত উপনীত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd