তামিলনাডুৰ আাৰম্ভ হৈছে ‘ভাষা যুদ্ধ’ৰ। তামিল জাতি আৰু ভাষাৰ পৰিচয় ৰক্ষাৰ স্বাৰ্থত বিজেপি ত্যাগ কৰিছে জনপ্ৰিয় তামিল অভিনেত্ৰী ৰঞ্জনা নাচিয়াৰে।
এইগৰাকী বিখ্যাত অভিনেত্ৰী দীৰ্ঘদিন ধৰি তামিলনাডু বিজেপিৰ কলা-সংস্কৃতি বিভাগৰ দায়িত্বত আছিল। অৱশ্যে মঙলবাৰে তেওঁ দলটো ত্যাগ কৰে।
বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে জাতীয়তাবাদ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে অভিনেত্ৰীগৰাকীয়ে।
মঙলবাৰে ৰঞ্জনাই নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘মই যোৱা আঠ বছৰে বিজেপিত বিভিন্ন ভূমিকাত কাম কৰি আহিছো। মানুহে বিজেপিক জাতীয়তাবাদী দল বুলি ভাবে, মানুহে ভাবে যে বিজেপি দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া, ধৰ্ম ৰক্ষা কৰা দল। কিন্তু জাতীয় পৰিচয় আৰু ধৰ্মীয় মতাদৰ্শক ৰাজনৈতিক লাভালাভৰ বাবে কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেয়া মই দেখিবলৈ পাওঁ। গতিকে বিজেপিৰ লগত খাপ খুৱাই চলাটো মোৰ বাবে সম্ভৱ নহয়।
নিজৰ তামিল পৰিচয়ৰ কথা উল্লেখ কৰি ৰঞ্জনাই কয়, ‘তামিল ভাষাৰ গৌৰৱ, তামিল সংস্কৃতিৰ পৰম্পৰা আৰু তামিল পৰিচয়ৰ সৈতে আপোচ কৰাটো আমাৰ বাবে সম্ভৱ নহয়। এই কথা বুজি নোপোৱা দলৰ লগত থাকিব নোৱাৰি।”
মন কৰিবলগীয়া যে যোৱা কেইদিনমানৰ পৰা তামিলনাডুত ‘ভাষা যুদ্ধ’ৰ পৰিৱেশ বিৰাজ কৰিছে। কিছুদিন পূৰ্বে তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনে কয় যে হিন্দীয়ে দেশৰ বহু আঞ্চলিক ভাষা ধ্বংস কৰি আছে।
প্ৰয়োজন হ’লে ভাষা যুদ্ধৰ বাবে সাজু তামিলনাডু বুলি স্পষ্ট কৰি দিছে ষ্টেলিনে। লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি কোনো কাৰণতে মানি নলয় বুলিও ঘোষণা কৰিছে।
ডি এম কেৰ মুৰব্বীগৰাকীৰ মতে, ২০০০ কোটি টকাৰ অনুদানৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত স্বাক্ষৰ কৰিলে তামিল সমাজখন ২০০০ বছৰ পিছুৱাই যাব। কোনোবাই যদি আন ভাষা জাপি দিব বিচাৰে তেন্তে ইয়াক বন্ধ কৰিব লাগিব।
এতিয়া ষ্টালিনৰ এই স্থিতিত অস্বত্বিত পৰিছে বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰ।