জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ যৌথ উদ্যোগত শুকুৰবাৰে বাংলাদেশত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব এটা নতুন ৰাজনৈতিক দল জাতীয় নাগৰিক পাৰ্টি। নতুন দলটোৰ ইংৰাজী নাম ‘নেশ্যনেল চিটিজেনছ পাৰ্টি’ (এন চি পি)।
উদ্যোক্তা জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে দাবী কৰিছে যে শুকুৰবাৰে বিয়লি ৩ বজাত ৰাজধানী ঢাকাৰ মাণিক মিয়া এভিনিউত দলটোৰ মুকলি অনুষ্ঠানত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হ’ব। বিভিন্ন ‘সমভাৱাপন্ন’ ৰাজনৈতিক দলৰ নেতাকো আমন্ত্ৰণ জনোৱা হৈছে।
বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে বিয়লি ঢাকাৰ বাংলামটৰত থকা জাতীয় নাগৰিক সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত নতুন ৰাজনৈতিক দলটোৰ নাম আৰু সাংগঠনিক গাঁথনি (অৰ্গেন’গ্ৰাম) নিৰ্ণয়ৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।
জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ শীৰ্ষ নেতাসকলৰ বৈঠকত নতুন ৰাজনৈতিক দলৰ নাম আৰু শীৰ্ষ সাতজন বিষয়ববীয়াৰ নাম চূড়ান্ত কৰা হয়।
‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ৰ অন্যতম সমন্বয়ক তথা অলপতে অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰা উপদেষ্টা নাহিদ ইছলাম নতুন দলটোৰ আহ্বায়ক হ’ব। জাতীয় নাগৰিক সমিতিৰ সদস্য সচিব আখতাৰ হোছেইনক নতুন দলটোৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে।
সেই বৈঠকতে নাছিৰুদ্দিন পাটোৱাৰীক নতুন দলৰ মুখ্য সমন্বয়ক হিচাপে, সামান্থা শৰ্মিনক জ্যেষ্ঠ যুটীয়া আহ্বায়ক হিচাপে, আব্দুল হান্নান মাছুদক যুটীয়া সমন্বয়ক হিচাপে, হাছনাত আব্দুল্লাক মুখ্য সংগঠক (দক্ষিণ অঞ্চল), চৰ্জিছ আলমক মুখ্য সংগঠক (উত্তৰ অঞ্চল), আৰু ছালেহুদ্দিন ছিফাটক কাৰ্যালয় সম্পাদক হিচাপে মনোনীত কৰা হয়।
বৰ্তমান নাছিৰুদ্দিন ৰাষ্ট্ৰীয় নাগৰিক সমিতিৰ আহ্বায়ক, চাৰ্জিছ মুখ্য সংগঠক, আৰু ছালেহুদ্দিন সহ-মুখপাত্ৰ। আনহাতে, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আব্দুল্লা আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ মূল সংগঠক আব্দুল হান্নান মাছুদ।
বাংলাদেশৰ পূৰ্বৰ শাসকীয় দল বিএনপিয়ে ইয়াৰ পূৰ্বে দাবী কৰিছিল যে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নতুন ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা কৰিছে। সেই সূত্ৰৰ ভিত্তিত বহুতে দাবী কৰিছে যে তেওঁৱো নাহিদহঁতৰ দলটোৰ আঁৰত আছে। কিন্তু এই দলৰ সৈতে ইউনুছৰ স্পষ্ট সম্পৰ্ক এতিয়াও পোহৰলৈ অহা নাই।