• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ ৰাজনীতিত নতুন দল এন চি পি! আজি বিয়লি ঘটিব অভিষেক; ইউনিছ থাকিবনে দলত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 11:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ যৌথ উদ্যোগত শুকুৰবাৰে বাংলাদেশত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব এটা নতুন ৰাজনৈতিক দল জাতীয় নাগৰিক পাৰ্টি। নতুন দলটোৰ ইংৰাজী নাম ‘নেশ্যনেল চিটিজেনছ পাৰ্টি’ (এন চি পি)।

উদ্যোক্তা জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে দাবী কৰিছে যে শুকুৰবাৰে বিয়লি ৩ বজাত ৰাজধানী ঢাকাৰ মাণিক মিয়া এভিনিউত দলটোৰ মুকলি অনুষ্ঠানত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হ’ব। বিভিন্ন ‘সমভাৱাপন্ন’ ৰাজনৈতিক দলৰ নেতাকো আমন্ত্ৰণ জনোৱা হৈছে।

Apply Now

বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে বিয়লি ঢাকাৰ বাংলামটৰত থকা জাতীয় নাগৰিক সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত নতুন ৰাজনৈতিক দলটোৰ নাম আৰু সাংগঠনিক গাঁথনি (অৰ্গেন’গ্ৰাম) নিৰ্ণয়ৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।

জাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ শীৰ্ষ নেতাসকলৰ বৈঠকত নতুন ৰাজনৈতিক দলৰ নাম আৰু শীৰ্ষ সাতজন বিষয়ববীয়াৰ নাম চূড়ান্ত কৰা হয়।

‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ৰ অন্যতম সমন্বয়ক তথা অলপতে অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা পদত্যাগ কৰা উপদেষ্টা নাহিদ ইছলাম নতুন দলটোৰ আহ্বায়ক হ’ব। জাতীয় নাগৰিক সমিতিৰ সদস্য সচিব আখতাৰ হোছেইনক নতুন দলটোৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে।

সেই বৈঠকতে নাছিৰুদ্দিন পাটোৱাৰীক নতুন দলৰ মুখ্য সমন্বয়ক হিচাপে, সামান্থা শৰ্মিনক জ্যেষ্ঠ যুটীয়া আহ্বায়ক হিচাপে, আব্দুল হান্নান মাছুদক যুটীয়া সমন্বয়ক হিচাপে, হাছনাত আব্দুল্লাক মুখ্য সংগঠক (দক্ষিণ অঞ্চল), চৰ্জিছ আলমক মুখ্য সংগঠক (উত্তৰ অঞ্চল), আৰু ছালেহুদ্দিন ছিফাটক কাৰ্যালয় সম্পাদক হিচাপে মনোনীত কৰা হয়।

বৰ্তমান নাছিৰুদ্দিন ৰাষ্ট্ৰীয় নাগৰিক সমিতিৰ আহ্বায়ক, চাৰ্জিছ মুখ্য সংগঠক, আৰু ছালেহুদ্দিন সহ-মুখপাত্ৰ। আনহাতে, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আব্দুল্লা আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ মূল সংগঠক আব্দুল হান্নান মাছুদ।

বাংলাদেশৰ পূৰ্বৰ শাসকীয় দল বিএনপিয়ে ইয়াৰ পূৰ্বে দাবী কৰিছিল যে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নতুন ৰাজনৈতিক দল গঠনৰ পৰিকল্পনা কৰিছে। সেই সূত্ৰৰ ভিত্তিত বহুতে দাবী কৰিছে যে তেওঁৱো নাহিদহঁতৰ দলটোৰ আঁৰত আছে। কিন্তু এই দলৰ সৈতে ইউনুছৰ স্পষ্ট সম্পৰ্ক এতিয়াও পোহৰলৈ অহা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd