ভাৰতৰ জনসংখ্যা ১৪০ কোটিৰ ওপৰত। কিন্তু ব্লুম ভেঞ্চাৰছ নামৰ এটা আৰ্থিক সহায়ক সংস্থাৰ তথ্য অনুসৰি মাত্ৰ ১০ শতাংশ লোকৰ হাততহে নিজৰ ইচ্ছামতে খৰচ কৰিবলৈ পৰ্যাপ্ত ধন আছে। অৰ্থাৎ সেই ১৩ বা ১৪ কোটি মানুহৰ অতিৰিক্ত সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ ক্ষমতা আছে, বাকী ৯০ শতাংশ লোকৰে সেই ক্ষমতা নাই।
ব্লুম ভেঞ্চাৰছ হৈছে এটা ভেঞ্চাৰ কেপিটেল সংস্থা যিয়ে সৰু ষ্টাৰ্ট-আপক পুঁজিৰ ক্ষেত্ৰত সহায় কৰে। তেওঁলোকে ভাৰতৰ এই তথ্য তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰিছে।
ব্লুম ভেঞ্চাৰছে কয় যে শীৰ্ষ ১০ শতাংশই তেওঁলোকৰ ক্ৰয় ক্ষমতাৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি, বজাৰ, আৰু বিক্ৰীক আগুৱাই লৈ গৈছে। কিন্তু এই ১০ শতাংশ ক্ৰমে বৃদ্ধি হোৱা নাই, মানে অধিক মানুহৰ ধন-সম্পত্তি বৃদ্ধি হোৱা নাই। বৰং এই ১০ শতাংশৰ ধন আৰু সম্পদহে বাঢ়িছে, অৰ্থাৎ ধনীসকল অধিক ধনী হৈ আছে।
কিন্তু প্ৰতিবেদনত আৰু কোৱা হৈছে যে ভাৰতত আৰু ৩০ কোটি লোকৰ এটা শ্ৰেণী সৃষ্টি হৈছে যাক গ্ৰাহক বা উপভোক্তা বুলি ক’ব পাৰি। খৰছ কৰিবলৈ আৰম্ভ কৰিছে মাত্ৰ। কিন্তু হয়তো ইয়াৰ অন্যতম কাৰণ এইটো নহয় যে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাইছে। কিন্তু খৰচ কৰাৰ এক নতুন পদ্ধতিৰ সৃষ্টি হৈছে, সেয়া হৈছে ইউপিআই বা ‘ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ’, অৰ্থাৎ মোবাইল ফোনযোগে ধন লেনদেন কৰা।
প্ৰতিবেদনত কোৱা হৈছে যে ধনী ব্যক্তিৰ ধন-সম্পত্তি বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ব্যৱসায়িক সংস্থাই বিক্ৰীৰ কৌশল সলনি কৰি আছে। বাণিজ্যিক কোম্পানীসমূহে ক্ৰমান্বয়ে আৰু অধিক দামী সামগ্ৰী বজাৰলৈ আনিছে। কাৰণ তেওঁলোকে বুজি পায় যে ভাৰতৰ ধনীসকল অধিক ধনী হৈ আহিছে। অৰ্থাৎ যিসকলৰ এখন গাড়ী আছে তেওঁলোকে আৰু গাড়ী বা বিদেশী গাড়ী কিনিবলৈ বিচাৰিছে।
ব্লুম ভেঞ্চাৰছৰ প্ৰতিবেদন অনুসৰি এই কাৰণেই ভাৰতত অতিৰিক্ত মূল্যৰ ঘৰ বা অতি দামী ফোন বিক্ৰী আৰু ব্যৱহাৰ বৃদ্ধি পাইছে।
আনহাতে, কম মূল্যৰ সামগ্ৰীৰ বিক্ৰী সেই হাৰত বৃদ্ধি হোৱা নাই। অৰ্থাৎ যিসকলে সস্তীয়া ফোন বা সামগ্ৰী কিনে, তেওঁ দ্বিতীয় এটা ফোন বা জীৱনৰ প্ৰয়োজনীয় বস্তুৰ বাহিৰে অতিৰিক্ত একো কিনিব পৰা নাই।
প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি এতিয়া শীৰ্ষ ১০ শতাংশ ভাৰতীয়ই ৰাষ্ট্ৰীয় আয়ৰ ৫৭.৭ শতাংশৰ মালিক, যিটো ১৯৯০ চনত ৩৪ শতাংশ আছিল। অৰ্থাৎ বিশ্বৰ ভিতৰতে ভাৰতেই প্ৰথম য’ত ৩৫ বছৰত শীৰ্ষ ১০ শতাংশৰ সম্পদ ২৩.৭ শতাংশ বৃদ্ধি পাইছে।
জনসংখ্যাৰ তলৰ চতুৰ্থাংশৰ সম্পদ ২২.২ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস পাইছে, অৰ্থাৎ এই সময়ছোৱাত মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ সম্পদ ৭.২ শতাংশ হ্ৰাস পাইছে।
প্ৰতিবেদনৰ উপসংহাৰত কোৱা হৈছে যে ভাৰতৰ জিডিপি বহুলাংশে গ্ৰাহকৰ ক্ৰয় ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। ফলত আয়ৰ ন্যায্য বিতৰণৰ উন্নতি নহ’লে ব্যৱসায়ীসকলে ক্ৰমান্বয়ে সামগ্ৰী উৎপাদন কৰিব আৰু ভৱিষ্যতে কেৱল উচ্চ আয়ৰ গোটৰ বাবেহে সেৱা আগবঢ়াব। ফলত জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ দৰিদ্ৰৰ পৰা অধিক দৰিদ্ৰ হৈ পৰিব।
বিগত সময়ত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভাৰতৰ ভৱিষ্যতৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বিপৰীতে এই প্ৰথম ভাৰতৰ কোনো বৃহৎ বিত্তীয় সংস্থাই দেশৰ ধনী আৰু দুখীয়াৰ মাজত অৰ্থনৈতিক বৈষম্যৰ বিপদৰ বিষয়ে সজাগ কৰিছে।