পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে আই আই টি বাবা। নয়ডাৰ এটা ষ্টুডিঅ’ত শাৰীৰিক আক্ৰমণৰ সন্মুখীন হ’ল আই আই টি বাবা অভয় সিং।
নয়ডাৰ এটা ষ্টুডিঅ’ত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি তেওঁক লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বাবা অভয় সিঙে। ন্যায় বিচাৰি থানাৰ সন্মুখত প্ৰতিবাদো কৰে তেওঁ। অৱশেষত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত প্ৰতিবাদ প্ৰত্যাহাৰ কৰে সিঙে।
আই আই টি বাবাৰ অভিযোগ অনুসৰি গেৰুৱা পোছাক পৰিহিত কেইবাজনো লোক নিউজ ৰুমত প্ৰৱেশ কৰে। তেওঁলোকে বাবাক গালি-গালাজ কৰাৰ লগতে মাৰপিটো কৰে।
ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে গেৰুৱা পিন্ধা কেইজনমান ব্যক্তিয়ে আই আই টি বাবাক কেনেদৰে ভাবুকি দিছে।