যোৱা ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিল প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা। প্ৰয়াগৰাজত ৪৫ দিন ধৰি চলা এই মহাকুম্ভ মেলাত প্ৰায় ৬৬ কোটি লোকে অংশগ্ৰহণ কৰে।
২০২৭ চনত পুনৰ অনুষ্ঠিত হ’ব কুম্ভ মেলা। এইবাৰ আয়োজক চহৰ হ’ব মহাৰাষ্ট্ৰৰ নাছিক। পৰৱৰ্তী কুম্ভ মেলা অনুষ্ঠিত হ’ব গোদাৱৰী নদীৰ পাৰত।
মুম্বাইত অনুষ্ঠিত হোৱা নাছকম টেকন’লজি এণ্ড লিডাৰশ্বিপ ফ’ৰামে কয় যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ২০২৭ চনত নাছিকত কুম্ভ মেলাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে যিসকলে শাৰীৰিকভাৱে কুম্ভলৈ আহি গা ধুব নোৱাৰে তেওঁলোকে অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে ভাৰ্চুৱেলি অভিজ্ঞতা লাভ কৰিব পাৰিব।
জানিব পৰা মতে, ২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্টলৈ কুম্ভ মেলা অনুষ্ঠিত হ’ব।
নাচিক আৰু উজ্জয়িনত প্ৰতি ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰা হয়। এই মেলাক সম্পূৰ্ণ কুম্ভ মেলা বুলি কোৱা হয়। ২০১৫ চনত গোদাৱৰীৰ পাৰত শেষৰখন কুম্ভ মেলা অনুষ্ঠিত হৈছিল। সেই অনুসৰি ২০২৭ চনত কুম্ভ মেলাৰ আয়োজন কৰিবলৈ লোৱা হৈছে।
২০১৬ চনত শিপৰা নদীৰ পাৰত উজ্জয়িনত অনুষ্ঠিত হৈছিল শেষৰখন কুম্ভ মেলা। ১২ বছৰৰ হিচাপ অনুসৰি ২০২৮ চনত পুনৰ তাত অনুষ্ঠিত হ’ব পূৰ্ণিমা কুম্ভ। অৰ্থাৎ একেৰাহে দুবছৰত মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত দুখন কুম্ভমেলা অনুষ্ঠিত হ’ব।
প্ৰয়াগৰাজ আৰু হৰিদ্বাৰত সম্পূৰ্ণ কুম্ভ মেলাৰ লগতে ছবছৰৰ মূৰে মূৰে অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হয়। সেই হিচাপ অনুসৰি ২০৩১ চনত আন এখন কুম্ভ মেলা অনুষ্ঠিত হ’ব। ২০২১ চনত হৰিদ্বাৰত অনুষ্ঠিত হৈছিল শেষৰটো সম্পূৰ্ণ কুম্ভ মেলা। সেই হিচাপ অনুসৰি ২০২৭ চনত আন এক অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও প্ৰতি ১৪৪ বছৰৰ মূৰে মূৰে মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। ১২টা সম্পূৰ্ণ কুম্ভ মেলাৰ পিছত ত্ৰয়োদশ কুম্ভ মেলাত মহাকুম্ভ অনুষ্ঠিত হয়। শেহতীয়াকৈ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলা আছিল ত্ৰয়োদশ পূৰ্ণ কুম্ভ মেলা বা মহাকুম্ভ।